ETV Bharat / bharat

24 ঘন্টা চিকিৎসকৰ তত্বাৱধানত থাকিব সৌৰভ গাংগুলী

author img

By

Published : Jan 2, 2021, 2:49 PM IST

Updated : Jan 2, 2021, 7:36 PM IST

sourav ganguly admitted
বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীক চিকিৎসালয়ত ভৰ্তি

সৌৰভ গাংগুলীক চিকিৎসালয়ত ভৰ্তি ৷ কলকাতাৰ উডলেণ্ড হাস্পতালত ভৰ্তি কৰোৱা হৈছে প্ৰাক্তন ক্ৰিকেটৰ গৰাকীক ৷ গাংগুলীয়ে হৃৎযন্ত্ৰৰ সমস্যাত ভোগা বুলি জানিব পৰা গৈছে ৷

স্প’ৰ্টচ ডেস্ক, 2 ডিচেম্বৰ : বিচিচিআইৰ সভাপতি তথা ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীক চিকিৎসালয়ত ভৰ্তি ৷ কলকাতাৰ উডলেণ্ড হাস্পতালত ভৰ্তি কৰোৱা হৈছে প্ৰাক্তন ক্ৰিকেটৰ গৰাকীক ৷ গাংগুলীয়ে হৃৎযন্ত্ৰৰ সমস্যাত ভোগা বুলি জানিব পৰা গৈছে ৷ শাৰীৰিক ব্যায়াম কৰি থকাৰ মাজতে হটাৎ অসুস্থ হৈ পৰা ক্ৰিকেটাৰ গৰাকীক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় উডলেণ্ড হাস্পতালত ৷

  • He had a heart issue and is in Woodlands hospital. But is stable will need a procedure confirm hospital sources. Should be out of the woods in the next few hours. I wish him a speedy recovery. @SGanguly99

    — Boria Majumdar (@BoriaMajumdar) January 2, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীক 24 ঘন্টাৰ বাবে চিকিৎসকে নিৰীক্ষণত ৰাখিব ৷ ইতিমধ্যে তেওঁৰ এনজিঅ’প্লাষ্টি সম্পন্ন কৰা হৈছে বুলি জানিবলৈ দিছে উডলেণ্ড হাস্পতালৰ চিকিৎসক ডা৹ আফটাব খানে ৷ তেওঁ কয় যে, সৌৰভ গাংগুলীৰ এনজিঅ’প্লাষ্টি সম্পন্ন কৰা হৈছে, তেওঁৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ ৷ কিন্তু অদিক নিৰীক্ষণৰ বাবে তেওঁক 24 ঘন্টাৰ বাবে হাস্পতালত ৰখা হ’ব ৷ গাংগুলীৰ হৃৎপৃণ্ডত দুটা ব্লক পোৱা গৈছে আৰু ইতিমধ্যে তেওঁক চিকিৎসা সেৱা আগবঢ়োৱা হৈছে ৷

দুদিনমান পূৰ্বে ফিৰোজ শ্বাহ কোটলা ষ্টেডিয়ামত অৰুণ জেটলীৰ প্ৰতিমূৰ্তি উদ্বোধন কৰিছিল গাংগুলীয়ে ৷ 24 ডিচেম্বৰত আহমেদাবাদত বিচিচিআইৰ বৰ্ষপূতি অনুষ্ঠানতো অংশ লৈছিল গাংগুলীয়ে ৷

লগতে পঢ়ক : দিল্লী গাজিপুৰ সীমান্তৰ প্ৰতিবাদস্থলীত আত্মহত্যা কৃষকৰ

Last Updated :Jan 2, 2021, 7:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.