ETV Bharat / bharat

শ্বিলঙত উত্তৰ পূৱ পৰিষদৰ সভাত অংশগ্ৰহণ অমিত শ্বাহৰ

author img

By

Published : Jan 23, 2021, 2:08 PM IST

শ্বিলঙত উত্তৰ পূৱ পৰিষদৰ সভাত অংশগ্ৰহণ অমিত শ্বাহৰ
শ্বিলঙত উত্তৰ পূৱ পৰিষদৰ সভাত অংশগ্ৰহণ অমিত শ্বাহৰ

নিৰ্বাচনৰ পূৰ্বেই উত্তৰ-পূব ভাৰতত উপস্থিত হোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শনিবাৰে শ্বিলঙত উপস্থিত হয় ৷ শ্বিলঙত উপস্থিত হৈয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উত্তৰ-পূৱ পৰিষদৰ 69 সংখ্যক পৰিকল্পনা বৈঠক উন্মোচন কৰে ৷ বৈঠকত উত্তৰ-পূব ভাৰতৰ প্ৰতিনিধিসকলৰ লগতে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা উপস্থিত থাকে ৷

নিউজ ডেস্ক, 23 জানুৱাৰী : উত্তৰ-পূবত উপস্থিত হোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শনিবাৰে শ্বিলঙত এক গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে ৷ শনিবাৰে ৰাতিপুৱাই শ্বিলঙত উপস্থিত হোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা আৰু অন্যান্য বিষয়াসকলে আদৰণি জনায় ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ইয়াৰ পিচতেই উত্তৰ পূব পৰিষদৰ 69 সংখ্যক পৰিকল্পনা বৈঠক উন্মোচন কৰে ৷

লগতে পঢ়ক : নলবাৰীত বিজেপিৰ বিজয় সংকল্প সমাবেশৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ

বৈঠকত উত্তৰ-পূব ভাৰতৰ আটাইকেইখন ৰাজ্যৰ প্ৰতিনিধি তথা আমোলাসকলে অংশগ্ৰহণ কৰে ৷ এই বৈঠকতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী উত্তৰ-পূবৰ ৰাজ্যসমূহে আন্তৰাজ্যিক পাৰপত্ৰ বিষয়ত সম্বোধন কৰে ৷ দেওবাৰে এই বৈঠকৰ অন্ত পৰিব ৷ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই এই সন্দৰ্ভত টুইটাৰযোগে প্ৰকাশ কৰে ৷ বৈঠকত ৰাজ্যসমূহৰ লগতে উত্তৰ-পূৱ উন্নয়ন মন্ত্ৰালয়ৰ মন্ত্ৰী জীতেন্দ্ৰ সিঙৰ লগতে প্ৰতিনিধিৰ এটা বৃহৎ দলে অংশগ্ৰহণ কৰা বুলি জানিব পৰা গৈছে ৷

সভাত আন্তৰাজ্যিক পাৰপত্ৰৰ উপৰিও উত্তৰ-পূৰ্বাঞ্চলত চলি থকা বিভিন্ন উন্নয়নমুলক কাৰ্যকলাপৰ বিষয়ে উত্থাপন কৰা হয় ৷ ইয়াৰ লগতে সংবিধানৰ অষ্টম অনুসূচীত খাচী ভাষাৰ অন্তৰ্ভূক্তিকৰণৰ দিশটোতো আলোচনা কৰা হয় ৷ অমিত শ্বাহৰ মেঘালয় ভ্ৰমণক লৈ শ্বিলঙত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে ৷ মেঘালয়ৰ পৰা শনিবাৰে আবেলিৰ ভাগত পোনে পোনে অসমত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী ৷

লগতে পঢ়ক : ঐতিহাসিক জেৰেঙা পথাৰত কি ক’লে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.