ETV Bharat / bharat

অযোধ্যা ৰায়দানৰ বিৰুদ্ধে পুনৰীক্ষণৰ আৱেদনৰ বাবে সাজু 'অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' ব’ৰ্ড' !

author img

By

Published : Nov 16, 2019, 5:08 PM IST

Updated : Nov 16, 2019, 5:24 PM IST

অযোধ্য ৰায়দানৰ বিৰুদ্ধে পুনৰীক্ষণৰ আৱেদন দাখিল কৰিব অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল ব’ৰ্ডে !

16:46 November 16

অযোধ্যাৰ বিবদমান ভূমিক লৈ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে দিয়া ঐতিহাসিক ৰায়দানৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ কৰি পুনৰীক্ষণ আৱেদনৰ বাবে সাজু হৈছে অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' ব’ৰ্ড

অযোধ্য ৰায়দানৰ বিৰুদ্ধে পুনৰীক্ষণৰ আৱেদন এল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল বৰ্ডৰ

নিউজ ডেস্ক, 16 নৱেম্বৰ: উত্তৰ প্ৰদেশৰ ৰাম জন্মভূমি আৰু বাবৰি মছজিদক লৈ দীৰ্ঘদিনৰ পৰা চলি অহা বিবদমান গোচৰৰ অৱসান ঘটাই উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত পাঁচজনীয়া বিচাৰপীঠে যোৱা 9 নৱেম্বৰত প্ৰদান কৰিছিল ঐতিহাসিক ৰায়দান ৷ শুনানীত অযোধ্যাৰ বিবদমান ভূমিত ৰাম মন্দিৰ নিৰ্মাণ কৰাৰ বিপৰীতে মুছলমানসকলৰ মছজিদৰ বাবে প্ৰদান কৰিছিল 5 একৰ বিকল্প মাটি ৷ তিনি মাহৰ ভিতৰত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ন্যাস প্ৰস্তুত কৰিবলৈ কেন্দ্ৰ চৰকাৰক নিৰ্দেশ দিছিল উচ্চতম ন্যায়ালয়ে ৷

কিন্তু এই ৰায়দানক লৈ মুঠেই সন্তুষ্ট নাছিল অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' ব’ৰ্ডৰ সদস্য ৷ যাৰ বাবে এতিয়া এই ৰায়দানৰ পুনৰীক্ষণ আৱেদন দাখিল কৰিব অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' ব’ৰ্ডে ৷ লক্ষ্ণৌৰ চাৰিটা দলে বৈধ নথিত স্বাক্ষৰ কৰাৰ পাচতে এইকথা জানিব পৰা গৈছে ৷

Intro:नोट- स्क्रिप्ट बाइट के साथ भेजी जा रही है।


Body:।


Conclusion:
Last Updated :Nov 16, 2019, 5:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.