ETV Bharat / bharat

আছু আৰু নেছ'ৱে অব্যাহত ৰাখিব নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন

author img

By

Published : Dec 18, 2019, 6:33 PM IST

আছু আৰু নেছ'ৱে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন অব্যাহত ৰাখিব বুলি মন্তব্য কৰিছে ৷ উচ্চতম ন্যায়ালয়ত বুধবাৰে 59 খন আবেদনৰ শুনানি গ্ৰহণ কৰে ৷

নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন
অব্যাহত থাকিব নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন

নেশ্যনেল ডেস্ক, 18 ডিচেম্বৰ : সদৌ অসম ছাত্ৰ সংগঠন (আছু) আৰু উত্তৰ-পূৱ ছাত্ৰ সংগঠন (নেছ')য়ে বুধবাৰে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন অব্যাহত ৰাখিবলৈ প্ৰতিজ্ঞাবদ্ধ বুলি মন্তব্য কৰে ৷ আছুৰ সভাপতি দিপাংক কুমাৰ নাথে ইটিভি ভাৰতক প্ৰদান কৰা এক সাক্ষাৎকাৰত কয়, "এই আইনৰ বিৰুদ্ধে আমি আন্দোলন অব্যাহত ৰাখিম ৷ চৰকাৰে আমাৰ ওপৰত জোৰকৈ কোনো বস্তু জাপি দিব নোৱাৰে ৷ উচ্চতম ন্যায়ালয়ে আজি প্ৰদান কৰা নিৰ্দেশনা আমাৰ বাবে এক জয় ৷ এই আইনৰ আঁৰত থকা সঁচা অভিসন্ধি জানিবৰ বাবে চৰকাৰক নিৰ্দেশ প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে ৷"

পদুম ৰাজখোৱা

উল্লেখ্য যে,উচ্চতম ন্যায়ালয়ত বুধবাৰে 59 খন আবেদনৰ শুনানি গ্ৰহণ কৰা হয় ৷ নতুন আইনখন বাতিলকৰণৰ সন্দৰ্ভত যি স্থগিতাদেশৰ আবেদন জনোৱা হৈছিল সেই আবেদন সৰ্বোচ্চ ন্যায়ালয়ে খাৰিজ কৰিছে ৷

মুখ্য ন্যায়াধীশ এছ.এ. ববডেৰ নেতৃত্বত গঠিত বি.আৰ.গাভাইন আৰু সূৰ্য কান্তৰ বিচাৰক মণ্ডলীয়ে 22 জানুৱাৰীত পুনৰ গোচৰৰ পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব ৷

বসন্ত ডেকা

গুৱাহাটীৰ সন্দিকৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰৱক্তা বসন্ত ডেকাই লগতে কয়, "আমি আশা কৰিছো যে,ন্যায়ালয়ে আমাৰ সপক্ষে ৰায়দান কৰিব ৷ এই আইনখনে ঐতিহাসিক অসম চুক্তিৰ মূল দফা উলংঘা কৰিছে ৷ " উল্লেখ্য যে,নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আৰম্ভ হোৱা আন্দোলনৰ সৈতে জড়িত আছে বসন্ত ডেকা ৷

দিপাংক নাথ

অসম সাহিত্য সভাৰ সাধাৰণ সম্পাদক পদুম ৰাজখোৱাই ন্যায়ালয়ৰ নিৰ্দেশনা সম্পৰ্কে মন্তব্য কৰি কয় যে,এই আইনে অসমৰ খিলঞ্জীয়া লোকক অসমতে সংখ্যালঘু কৰি তুলিব ৷

"আইনখন মানৱ বিৰোধী ৷ এই আইন অসমত কাৰ্যকৰী কৰিবলৈ চৰকাৰক দিয়া নহ'ব ৷ আমাৰ আন্দোলন আমি অব্যাহত ৰাখিম"- ৰাজখোৱা ৷

আৰু পঢ়ক : উচ্চতম ন্যায়ালয়ত অধিবক্তাৰ ৰূপত তৰুণ গগৈ

Intro:New Delhi: The All Assam Students Union (AASU) and North East Student Organisation (NESO) on Wednesday reiterated to continue its anti-Citizenship Amendment Act agitation across the region even as the Supreme Court (SC) has asked for a detailed report from the Centre on the Act.


Body:"We will continue our agitation against the anti people act (CAA). The government can't impose anything at their whims on us. Today's directive issued by the Supreme Court is a victory for us. At least, the court has asked the government to let it know the real intesion behind bringing the Act," said AASU president Dipanka Nath while talking to ETV Bharat.

Nath was referring to the Supreme Court's directives issued to the Centre over CAA.

The apex court issued notice to the Centre after hearing 59 petitions challenging the CAA. The court, however, refuses to stay on the operation of the new provision for granting citizenship to members of persecuted minorities in Bangladesh, Pakistan and Afghanistan.

The court comprising Chief Judtice of India Sharad Arvind Bobde, Justice BR Gavain and Justice Surya Kant has asked for its report before January 22 when the case will again be raised for hearing.

"We are expecting that the court a verdict in our favour...the CAA is against the basic principle of historic Assam Accord," said Basanta Deka, retired professor of Handique College in Guwahati. Deka was associated with the anti-CAA agitation.



Conclusion:Taking in the court's directives, Padum Rajkhowa, general secretary of Assam Sahitya Sabha (ASS) told ETV Bharat that this Act will minimise the numbers of indeginious people of Assam.

"This Act is anti people. We will never allow the government to implement the Act in Assam. We will continue our movement," said Rajkhowa.

The ASS is an Assam based literary organisation aims to promote Assamese culture and literature. Ever since, the Citizenship Amendment Act come to the fore, Sahitya Sabha too initiated its move to oppose the Act.

end.

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.