ETV Bharat / bharat

70 বছৰ অতিক্ৰম ভাৰতীয় সংবিধানৰ: দেশৰ বিকাশ, অনুচ্ছেদ 370 আৰু CAA সন্দৰ্ভত জ্যেষ্ঠ উকীল এছ পি সিং

author img

By

Published : Jan 22, 2020, 11:36 PM IST

গণতন্ত্ৰ দিৱসৰ পূৰ্বে সংবিধান অহাৰ পাছৰ দেশৰ বিকাশ, অনুচ্ছেদ 370 আৰু নাগৰিকত্ব সংসোধনী আইন সন্দৰ্ভত উচ্চতম ন্যায়লয়ৰ জ্যেষ্ঠ উকীল এছ পি সিং ৷

70 years of Indian constitution:
70 বছৰ অতিক্ৰম ভাৰতীয় সংবিধানৰ

নেশ্যনেল ডেস্ক,22 জানুৱাৰী: 70 বছৰে ভাৰতীয় সংবিধানৰ পৰিৱৰ্তন আৰু ক্ৰমবিকাশ সন্দৰ্ভত গণতন্ত্ৰ দিৱসৰ আগমূহুৰ্তত ইটিভি ভাৰতৰ সৈতে সাক্ষ্যাৎকাৰ দিয়ে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা এছ পি সিংয়ে ৷

সংবিধান অহাৰ পাছত ভাৰত ৰাষ্ট্ৰৰ বিকাশ সন্দৰ্ভত এছ পি সিং :
সংবিধানখন প্ৰণয়ণ কৰাৰ পাছত দেশৰ দায়িত্ব সন্দৰ্ভত এছ পি সিঙে কয়," সংবিধানখন প্ৰযোজ্য কৰাৰ পাছত ভাৰত ৰাষ্ট্ৰৰ ওচৰত বহুতো কৰণীয় আছিল ৷ সৰ্বপ্ৰথমে দেশৰ দৰিদ্ৰতা দূৰ কৰা লগতে ন্যায়পালিকা, বিত্তীয় প্ৰণালী, কৃষি আৰু সুৰক্ষা আদিকে ধৰি বৈজ্ঞানিক প্ৰযুক্তি আৰু বিকাশৰ সুস্থিৰতা আৰু অৰ্জন সুনিশ্চিত কৰা ৷

দেশৰ বিকাশ, অনুচ্ছেদ 370 আৰু CAA সন্দৰ্ভত জ্যেষ্ঠ উকীল এছ পি সিং

লগতে কয় যে, বৰ্তমান ভাৰত প্ৰতিৰক্ষাৰ দিশত আন উন্নত দেশৰ সমান্তৰাল ৷ যদি সমান্তৰাল হোৱা নাই তথাপি বিকাশৰ জীৱনধাৰণৰ স্তৰ স্পৰ্শ কৰিছে ৷ তেওঁ পুনৰ কয় যে কৃষি ক্ষেত্ৰত বিপ্লৱে ভাৰতক স্বাৱলম্বী কৰাৰ লগতে কেঁচা সম্পদৰ আমদানি আৰু ৰপ্তানিয়ে ভাৰতৰ উদ্যোগখণ্ডৰ বিকাশ সাধন কৰিছে ৷

দেশৰ বিকাশ, অনুচ্ছেদ 370 আৰু CAA সন্দৰ্ভত জ্যেষ্ঠ উকীল এছ পি সিং

জন্মু-কাশ্মীৰৰ বিকাশ আৰু অনুচ্ছেদ 370 সন্দৰ্ভত এছ পি সিং :
"জন্মু-কাশ্মীৰ ভাৰতৰ অবিচ্ছেদ্য অংগ ৷ অনুচ্ছেদ 370 আছিল এক অস্থায়ী দফা আৰু ইয়াৰ কৰ্তন কৰাৰ সিদ্ধান্ত উচিত আছিল ৷ যিবিলাক ৰাজনৈতিক দলে এই অনুচ্ছেদ খনৰ সুবিধা গ্ৰহণ কৰি আছিল, সেই ৰাজনৈতিক দলসমূহে এই অনুচ্ছেদখন কৰ্তন কৰাৰ বাবে কন্দাৰ লগতে ইয়াক লৈ হৈ-চৈ লগাইছিল ৷" জন্মু-কাশ্মীৰৰ বিকাশ আৰু অনুচ্ছেদ 370 সন্দৰ্ভত এইদৰে মন্তব্য দিয়ে এছ পি সিঙে ৷

নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত এছ পি সিং :
শাসিত আৰু বিৰোধী সকলো দলে দেশৰ বিকাশৰ বাবে সংযম ৰখা উচিত বুলি নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত চলি থকা বিতৰ্কক সন্দৰ্ভত এছপি সিং মন্তব্য কৰে ৷ তেখেত কয় যে, "নাগৰিকত্ব সংশোধনী আইন পূৰ্বতেও দেশত গৃহীত হৈছে ৷ নতুনকৈ একো হোৱা নাই ৷ 1971 ৰ বাংলাদেশ যুদ্ধৰ পিছত যেতিয়া বাংলাদেশৰ পৰা ধৰ্মীয় সংখ্যালঘু লোকৰ প্ৰব্ৰজন আৰম্ভ হৈছিল ৷ তেতিয়া সংসদত বিভিন্ন নেতাই উচিত আইন আৰু সুৰক্ষাৰ ওপৰত বক্তৃতা দাঙি ধৰিছিল ৷

দেশৰ বিকাশ, অনুচ্ছেদ 370 আৰু CAA সন্দৰ্ভত জ্যেষ্ঠ উকীল এছ পি সিং

নাগৰিকত্ব,নাগৰিকত্ব প্ৰদান কৰা বা ভাৰতৰ নাগৰিকৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনো ৰাজনীতি হ'ব নালাগে ৷ এই ক্ষেত্ৰত শাসিত বা বিৰোধীক মই দোষাৰোপ কৰিব নুখুজো কিয়নো গণতন্ত্ৰত সকলোৰে নিজৰ মন্তব্য দাঙি ধৰাৰ অধিকাৰ আছে ৷" তেখেতে শেষত মন্তব্য দিয়ে যে, দেশৰ বিকাশ আৰু উন্নয়নৰ বাবে দুয়োটা পক্ষই সংযম হ'ব লাগিব ৷

Intro:Body:

S P Singh 


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.