ETV Bharat / bharat

300 কি.মি. খোজ কাঢ়ি মৃত্যু প্ৰব্ৰজিত শ্ৰমিকৰ

author img

By

Published : May 13, 2020, 2:49 PM IST

হাইদৰাবাদৰ পৰা উড়িশালৈ 300 কি.মি.
300 কি.মি. খোজ কাঢ়ি মৃত্যু প্ৰব্ৰজনকাৰী শ্ৰমিকৰ

পুনৰ মৃত্যুমুখত পৰিল এজন প্ৰব্ৰজিত শ্ৰমিক ৷ হাইদৰাবাদৰ পৰা উড়িশালৈ 300 কি.মি. খোজ কাঢ়ি মৃত্যু হয় শ্ৰমিকৰ ৷ প্ৰচণ্ড বুকু বিষ অনুভৱ কৰাৰ পাচতে মৃত্যু 21 বৰ্ষীয় শ্ৰমিকৰ ৷

নেশ্যনেল ডেস্ক, 13 মে' : লকডাউনৰ সময়ছোৱাত দেশৰ বিভিন্ন অঞ্চলত প্ৰব্ৰজনকাৰী শ্ৰমিকৰ দুখ-দুৰ্দশাৰ মাজতে মঙলবাৰে প্ৰাণ হেৰুৱালে আন এজন শ্ৰমিকে ৷ তিনিজন বন্ধুৰ সৈতে হাইদৰাবাদৰ পৰা উড়িশালৈ খোজেৰে 300 কিল'মিটাৰ গৈ ভদ্ৰাচালামত প্ৰাণ হেৰুৱালে 21 বৰ্ষীয় শ্ৰমিকজনে ৷ দেওবাৰে হাইদৰাবাদৰ পৰা দলটোৱে উড়িশাৰ মালকানগিৰি জিলাত উপস্থিত হ'বৰ বাবে যাত্ৰা আৰম্ভ কৰিছিল ৷

ভদ্ৰাচালামত উপস্থিত হোৱাৰ পাচতে শ্ৰমিকজনে বুকুৰ বিষ অনুভৱ কৰাৰ লগতে বমি কৰে আৰু ৰাস্তাত বাগৰি পৰে ৷ ইয়াৰ পাচতে তেওঁৰ বন্ধুসকলে আৰক্ষীক অৱগত কৰাৰ পাচতে আৰক্ষীয়ে ভদ্ৰাচালামস্থিত হাস্পতালত ভৰ্তি কৰে ৷ হাস্পতালত তেওঁক মৃত ঘোষণা কৰা হয় ৷

চিকিৎসকে জানিবলৈ দিয়া অনুসৰি, শ্ৰমিকজনৰ ছাল আৰু মুখ শুকাই গৈছিল আৰু অতিমাত্ৰা গৰম পোৱাৰ বাবে মৃত্যু মুখত পৰা বুলি সন্দেহ কৰা হৈছে ৷ সোমবাৰৰ বিয়লিৰ পৰা শ্ৰমিককেইজনে কোনো খাদ্য গ্ৰহণ কৰা নাছিল বুলি প্ৰকাশ ৷ ইয়াৰ পাচতে মৃত শ্ৰমিকজনৰ পৰিয়ালক ঘটনা সন্দৰ্ভত অৱগত কৰাৰ লগতে মালকানগিৰিলৈ মৃতদেহ নিবৰ বাবে এখন গাড়ীৰ ব্যৱস্থা কৰা হয় ৷

উল্লেখ্য যে, হাইদৰাবাদৰ পৰা ভদ্ৰাচালাম পৰ্যন্ত দূৰত্ব 310 কিল'মিটাৰ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.