ETV Bharat / bharat

Cyber fraud case : চাইবাৰ অপৰাধীৰ ৮৫৪ কোটি টকা লুণ্ঠন, ৬ অপৰাধীক গ্ৰেপ্তাৰ

author img

By ETV Bharat Assamese Team

Published : Sep 30, 2023, 7:48 PM IST

বেংগালুৰু আৰক্ষীৰ জালত ৬ চাইবাৰ অপৰাধী । বিনিয়োগ আঁচনিৰ প্ৰলোভনেৰে অপৰাধীয়ে ৮৫৪ কোটি টকা লুণ্ঠন কৰিছিল । ঘটনা সন্দৰ্ভত বেংগালুৰু আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

Cyber fraud case
চাইবাৰ অপৰাধীৰ ৮৫৪ কোটি টকা লুণ্ঠন

নেশ্যনেল ডেস্ক,৩০ ছেপ্টেম্বৰ : বিনিয়োগ আঁচনিৰ অজুহাতত সমগ্ৰ ভাৰতত হাজাৰ হাজাৰ লোকক প্ৰতাৰণা । বেংগালুৰু আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে ৮৫৪ কোটি টকাৰ চাইবাৰ জালিয়াতি কেলেংকাৰীৰ তথ্য । বেংগালুৰু আৰক্ষীয়ে উক্ত কেলেংকাৰীৰ অভিযোগত ৬ জন লোকক গ্ৰেপ্তাৰ কৰিছে । আৰক্ষীয়ে জনোৱা মতে কেলেংকাৰীৰ মুঠ ধনৰ ভিতৰত ৫ কোটি টকা জব্দ কৰা হৈছে ।

আৰক্ষীয়ে জনোৱা মতে অভিযুক্ত প্ৰৱঞ্চকৰ দলটোৱে হোৱাটছএপ আৰু টেলিগ্ৰামৰ জৰিয়তে ভুক্তভোগীসকলক প্ৰলোভিত কৰিছিল । প্ৰথমে ভুক্তভোগীসকলক প্ৰতিদিনে ১,০০০ ৰ পৰা ৫,০০০ টকা উপাৰ্জন কৰিব বুলি প্ৰলোভন দিছিল । যাৰ বাবে ভুক্তভোগীসকলক ১,০০০ টকাৰ পৰা ১০,০০০ টকালৈকে বিনিয়োগ কৰিবলৈ কোৱা হৈছিল । হাজাৰ হাজাৰ ভুক্তভোগীয়ে ১ লাখৰ পৰা ১০ লাখ টকাৰো অধিক ধন বিনিয়োগ কৰিছিল ।

ভুক্তভোগীসকলে বিনিয়োগ কৰা ধন অনলাইনযোগে পৰিশোধ কৰিছিল আৰু বিভিন্ন বেংক একাউণ্টত জমা দিছিল । অৱশ্যে, বিনিয়োগ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত যেতিয়া ভুক্তভোগীয়ে ধনখিনি উলিয়াবলৈ চেষ্টা কৰিছিল তেতিয়া সেই ধন পোৱা নাছিল ।

আৰক্ষীয়ে জনোৱা মতে মুঠ ৮৫৪ কোটি ধন ক্ৰিপ্টো (বিনেন্স), পেমেণ্ট গেটৱে, গেমিং এপৰ জৰিয়তে বিভিন্ন অনলাইন পেমেণ্ট মোডত দিয়া হৈছিল ।

ইফালে, এই মাহৰ আৰম্ভণিতে বিষয়াসকলে এক অভিযানৰ সময়ত সন্দেহজনক ফোন নম্বৰ চিনাক্ত কৰে আৰু ১৫,০০০ ৰো অধিক চিম কাৰ্ড জব্দ কৰে । আৰক্ষীয়ে জনোৱা মতে এই চিমবোৰ চাইবাৰ অপৰাধীসকলে বেংগালুৰু চহৰৰ বাসিন্দাসকলক প্ৰলোভিত আৰু প্ৰতাৰণা কৰিবলৈ ব্যৱহাৰ কৰিছিল । আৰক্ষীয়ে সম্প্ৰতি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :Lat mandal arrested : পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল লাট মণ্ডল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.