ETV Bharat / bharat

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান; অমিতাভ বচ্চন, শচীন তেণ্ডুলকাৰ, বিৰাট কোহলীকে ধৰি বহু বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ

author img

By ETV Bharat Assamese Team

Published : Dec 7, 2023, 2:05 PM IST

অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ বাবে সাত হাজাৰ নিমন্ত্ৰণ পত্ৰ প্ৰেৰণ কৰা হৈছে । অমিতাভ বচ্চন, শচীন তেণ্ডুলকাৰ, বিৰাট কোহলীকে ধৰি বহু বিশিষ্ট ব্যক্তিলৈ আমন্ত্ৰণী-পত্ৰ প্ৰেৰণ কৰা হৈছে ।

Ram temple inauguration ceremony
ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান

নিউজ ডেস্ক, ৭ ডিচেম্বৰ : ২০২৪ চনৰ ২২ জানুৱাৰীত প্ৰস্তাৱিত ভগৱান ৰামৰ (অযোধ্যা ৰাম মন্দিৰ) প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱৰ প্ৰস্তুতি পূৰ্ণ গতিত চলি আছে । এই কাৰ্যসূচীৰ বাবে ৭০০০ লোকলৈ আমন্ত্ৰণী-পত্ৰ প্ৰেৰণ কৰা হৈছে । আনহাতে, যিসকল ভিভিআইপিলৈ আমন্ত্ৰণী-পত্ৰ প্ৰেৰণ কৰা হৈছে তেওঁলোকৰ ভিতৰত আছে অমিতাভ বচ্চন, শচীন তেণ্ডুলকাৰ আৰু বিৰাট কোহলীৰ দৰে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। ইয়াৰ উপৰি আন তাৰকাসকলেও অনুষ্ঠানটোত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে । সূত্ৰ অনুসৰি, ট্ৰাষ্টৰ দ্বাৰা বিশেষ অতিথিসকলক ব্যক্তিগতভাৱে আমন্ত্ৰণ জনোৱা হৈছে ।

সূত্ৰত প্ৰকাশ পোৱা মতে, প্ৰধানমন্ত্ৰী মোদীৰ উপৰি বিভিন্ন চলচ্চিত্ৰ তাৰকা আৰু খেলুৱৈকো আমন্ত্ৰণ জনোৱা হৈছে । শ্ৰীৰাম মন্দিৰত ৰামলালাৰ অভিষেকৰ বাবে ৭০০০ লোকলৈ আমন্ত্ৰণী-পত্ৰ প্ৰেৰণ কৰা হৈছে । ইয়াৰ ভিতৰত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱত, ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ আৰু বিৰাট কোহলী, চিনেমা জগতৰ পৰা অভিনেত্ৰী কংগনা ৰনৌত, অভিনেতা অমিতাভ বচ্চন, অক্ষয় কুমাৰ আৰু কণ্ঠশিল্পী আশা ভোঁচলে, দেশৰ আগশাৰীৰ উদ্যোগপতি মুকেশ আম্বানী, গৌতম আদানি আৰু ৰতন টাটাকে ধৰি ৩ হাজাৰ ভিভিআইপি ।

ইয়াৰ উপৰি সংবাদ মাধ্যমৰ লোকসকলকো আমন্ত্ৰণ জনোৱা হৈছে । আনহাতে, সমগ্ৰ দেশৰ পৰা ৪০০০ সাধুক আমন্ত্ৰণ জনোৱা হৈছে । শ্ৰীৰাম জন্মভূমি ন্যাসৰ সাধাৰণ সম্পাদক চম্পত ৰায়ে জনোৱা মতে, ৫০ খন দেশৰ প্ৰতিখন দেশৰ এজনকৈ প্ৰতিনিধিক অভিষেক অনুষ্ঠানৰ বাবে আমন্ত্ৰণ জনোৱাৰ চেষ্টা কৰা হৈছে । লগতে আন্দোলনৰ সময়ত প্ৰাণ হেৰুওৱা ৫০ জন কৰ সেৱকৰ পৰিয়ালৰ সদস্যসকলকো আমন্ত্ৰণ জনোৱা হৈছে ।

  • #WATCH अयोध्या (उत्तर प्रदेश): श्री राम जन्मभूमि ट्रस्ट के महासचिव चंपत राय ने कहा, "राम जन्मभूमि मंदिर में भगवान राम के 5 वर्षीय बाल रूप की पत्थर की खड़ी प्रतिमा 4 फीट 3 इंज का निर्माण अयोध्या के 3 तीन स्थानों पर किया जा रहा है। तीन कारीगर इसे तीन अलग-अलग पत्थरों में बना रहे… pic.twitter.com/2ofrzImaov

    — ANI_HindiNews (@AHindinews) December 6, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

"তেওঁলোকৰ (সাংবাদিক) অবিহনে ৰাম মন্দিৰৰ বাবে এই সংগ্ৰাম অসম্পূৰ্ণ আছিল । সাধু, পুৰোহিত, শংকৰাচাৰ্য, ধৰ্মীয় নেতা আৰু প্ৰাক্তন অসামৰিক কৰ্মচাৰী, অৱসৰপ্ৰাপ্ত সেনা বিষয়া, ন্যায়াধীশ, উকীল, বিজ্ঞানী, কবি, সংগীতজ্ঞ আৰু পদ্মশ্ৰী আৰু পদ্মভূষণ বঁটা বিজয়ীসকললৈও আমন্ত্ৰণ প্ৰেৰণ কৰা হৈছে ।" ন্যাসৰ সূত্ৰত প্ৰকাশ ।

প্ৰাপ্ত তথ্য অনুসৰি, এতিয়ালৈকে বিৰোধী ৰাজনীতিত থকা এনে সকলো ৰাজনৈতিক দলৰ নেতালৈও আমন্ত্ৰণী-পত্ৰ প্ৰেৰণ কৰা হ'ব পাৰে বুলি আলোচনা চলিছে, যিসকলে ভগৱান ৰামৰ ওপৰত বিশ্বাস ৰাখে । অৱশ্যে তেওঁলোকৰ নাম এতিয়ালৈকে ন্যাসে প্ৰকাশ কৰা নাই ।

লগতে পঢ়ক :বিজেপিৰ সংসদীয় বৈঠক: ৩ ৰাজ্যৰ মুখ্যমন্ত্ৰী বাচনিক লৈ উৎকণ্ঠা অব্যাহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.