ETV Bharat / bharat

Tripura police awareness program : ত্ৰিপুৰা আৰক্ষীৰ উদ্যোগত তৃতীয় লিংগ সম্পৰ্কীয় সজাগতা সভা

author img

By

Published : Jan 19, 2022, 5:07 PM IST

তৃতীয় লিংগৰ অধিকাৰ সম্পৰ্কে ত্ৰিপুৰা আৰক্ষীয়ে আয়োজন কৰিলে বিশেষ সজাগতা সভা (Awareness program on LGBTQ in Tripura) । মহকুমা আৰক্ষী বিষয়া, ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকলৰ উপৰিও বহু শীৰ্ষ আৰক্ষী বিষয়া উপস্থিত থাকে এই সভাত । ত্ৰিপুৰাৰ বিশিষ্ট এলজিবিটিকিউ কৰ্মীসকলেও সভাত অংশগ্ৰহণ কৰে ।

Tripura police awareness program
ত্ৰিপুৰা আৰক্ষীৰ উদ্যোগত তৃতীয় লিংগ সম্পৰ্কীয় সজাগতা সভা

আগৰতলা, ১৯ জানুৱাৰী : দেশত তৃতীয় লিংগৰ ব্যক্তিসকল বিভিন্ন সময়ত নিৰ্যাতনৰ সন্মুখীন হ'বলগীয়া হয় । তেওঁলোকে নিজৰ অধিকাৰৰ পৰাও বহু সময়ত বঞ্চিত হ'বলগীয়া হয় । শেহতীয়াকৈ ত্ৰিপুৰা আৰক্ষীৰ হাতত ৪ গৰাকীকৈ তৃতীয় লিংগৰ ব্যক্তি নিৰ্যাতিত হৈছিল ।

ইয়াৰ পাছতে আৰক্ষীসকলৰ মাজত সজাগতা সৃষ্টিৰ বাবে ৰাজ্যত আয়োজন কৰা হয় বিশেষ সজাগতা সভাৰ (Awareness program on LGBTQ in Tripura) । মঙলবাৰে আগৰতলাৰ এ ডি নগৰৰ পশ্চিম জিলা আৰক্ষী সন্মিলন গৃহত এলজিবিটিকিউ (LGBTQ) সম্প্ৰদায়ৰ অধিকাৰ সম্পৰ্কে এই সজাগতা কাৰ্যসূচীৰ আয়োজন কৰে । পশ্চিম ত্ৰিপুৰা জিলা আৰক্ষীৰ প্ৰায় ৪০ গৰাকী আৰক্ষী বিষয়াই কাৰ্যসূচীটোত অংশগ্ৰহণ কৰে ।

ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক অমিতাভ পাল, অতিৰিক্ত আৰক্ষী অধীক্ষক অনিৰ্বাণ দাস, অতিৰিক্ত আৰক্ষী অধীক্ষক মিনা কুমাৰী দেববৰ্মাও কাৰ্যসূচীটোত উপস্থিত থাকে । ত্ৰিপুৰাৰ বিশিষ্ট এলজিবিটিকিউ কৰ্মীসকলৰ ভিতৰত স্নেহা গুপ্তা ৰয়, অমিত কুমাৰ চৌধুৰী, সিদ্ধাৰ্থ শংকৰ দেৱ আৰু সুভাজিত দত্তও উপস্থিত থাকে ।

ৰাজ্যখনৰ এলজিবিটিকিউ সম্প্ৰদায়ৰ লোকসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যাবোৰৰ বিষয়ে এই সভাত আলোচনা কৰা । ২০১৪ চনত ভাৰতৰ উচ্চতম ন্যায়ালয়ে এলজিবিটিকিউ সম্প্ৰদায়ৰ অধিকাৰ সম্পৰ্কে প্ৰদান কৰা যুগান্তকাৰী ৰায় সম্পৰ্কেও বিতং আলোচনা কৰা হয় । সকলো মহকুমা আৰক্ষী বিষয়া আৰু সকলো থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগতে বিভিন্ন প্ৰতিনিধিসকলে কাৰ্যসূচীটোত অংশগ্ৰহণ কৰে ।

তেওঁলোকক এলজিবিটিকিউ সম্প্ৰদায়ৰ বিভিন্ন আইনী আৰু মানৱ অধিকাৰৰ বিষয়ত সজাগ কৰা হয় । আলোচনাৰ অন্তত এটা প্ৰশ্নোত্তৰ শিতানৰো আয়োজন কৰা হয় য'ত মহকুমা আৰক্ষী বিষয়া আৰু ভাৰপ্ৰাপ্ত বিষয়াসকলে বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন কৰে ৷

লগতে পঢ়ক : New Covid SOP in Tripura : ক'ভিড পৰিস্থিতিৰ বাবে বন্ধ থাকিব ত্ৰিপুৰাৰ শ্ব’পিং মল, চিনেমা হল,পাৰ্ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.