ETV Bharat / bharat

বেংগালুৰুৰ হাস্পতালত বিচনা বুকিং কেলেংকাৰী

author img

By

Published : May 5, 2021, 8:31 PM IST

bed booking racket in karnataka
বেংগালুৰুৰ হাস্পতালত বিচনা বুকিং কেলেংকাৰী

শেহতীয়া তথ্য অনুসৰি বেংগালুৰুৰ চৰকাৰী হাস্পতালত ৩ হাজাৰতকৈও অধিক বিচনা খালী আছে । চৰকাৰী হাস্পতালৰ বিচনা অৱৰোধ কৰা চক্ৰ উৎখাত কৰাৰ পিছতে মঙলবাৰলৈ খালী বিচনাৰ সংখ্যা শূন্য দেখুৱাই থকা বেৱছাইটবোৰে হঠাৎ ৩,২১০ বিচনা খালী দেখুৱাইছে ।

নেশ্যনেল ডেস্ক,৫ মে': ব্ৰুহাট বেংগালুৰু মহানগৰ পালিকাৰ (বি.বি.এম.পি) ৱেবছাইট শেহতীয়া তথ্য অনুসৰি বেংগালুৰুৰ চৰকাৰী হাস্পতালত ৩ হাজাৰতকৈও অধিক বিচনা খালী আছে । চৰকাৰী হাস্পতালৰ বিচনা অৱৰোধ কৰা চক্ৰ উৎখাত কৰাৰ পিছতে মঙলবাৰলৈ খালী বিচনাৰ সংখ্যা শূন্য দেখুৱাই থকা বেৱছাইটবোৰে হঠাৎ ৩,২১০ বিচনা খালী দেখুৱাইছে ।

চহৰখনৰ দক্ষিণ অঞ্চলৰ ক'ভিড ৱাৰ ৰুমৰ কৰ্মচাৰীসকলৰ দ্বাৰা বিচনা বুকিং কেলেংকাৰীৰ ঘটনাটো মঙলবাৰে পোহৰলৈ আহিছিল । দক্ষিণ মণ্ডলৰ ৱাৰ ৰুমৰ বিচনা অৱৰোধ সন্দৰ্ভত অভিযোগৰ পিছতে ১৭ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীক ইতিমধ্যে বৰ্খাস্ত কৰা হৈছে।

চহৰখনৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়, চৰকাৰী চিকিৎসালয় আৰু ব্যক্তিগত চিকিৎসালয়ত মুঠ ১,৬৯৩ খন বিচনা খালী আছে । ইয়াৰ উপৰিও, ক'ভিড কেয়াৰ চেণ্টাৰত ১,৫১৭ খন বিচনা খালী আছে, যিবোৰৰ অক্সিজেনৰ উপলব্ধতা ১০ শতাংশ । ১২৭ খন ব্যক্তিগত চিকিৎসালয়ত, চৰকাৰী কোটাৰ অধীনত ২৯ খন আইচিইউ আৰু ১৩ খন ভেণ্টিলেটৰ বিচনা খালী আছে ।

বেংগালুৰু দক্ষিণ মণ্ডলৰ সাংসদ তেজস্বী সূৰ্য আৰু বম্মানাহাল্লিৰ বিধায়ক সতীশ ৰেড্ডী, বাসৱানাগুড়িৰ বিধায়ক ৰবি সুব্ৰমন্য আৰু চিকপেটৰ বিধায়ক উদয় গৰুড়চাৰে বেংগালুৰু চহৰত বিচনা অৱৰোধকাৰী চক্ৰৰ অভিযোগ উত্থাপন কৰিছিল ।

তেওঁলোকৰ অভিযোগ অনুসৰি বেংগালুৰু চহৰত ক'ভিড-১৯ ৰোগীৰ চিকিৎসাৰ বাবে চিকিৎসালয়ৰ বিচনা শেষ হোৱা নাই আৰু বিবিএমপি ক'ভিড ৱাৰ ৰুমৰ দুৰ্নীতিগ্ৰস্ত বিষয়া আৰু তেওঁলোকৰ এজেণ্টৰ দ্বাৰা বিচনাৰ কৃত্ৰিম অভাৱ সৃষ্টি কৰা হৈছিল ।

লগতে পঢ়ক:শৈলেশ যাদৱক আগৰতলাৰ পৰা বদলি কৰিবলৈ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.