ETV Bharat / bharat

কিশোৰীক ধৰ্ষণৰ অপচেষ্টা, পানীৰ টেংকীত ডুবাই শিলেৰে থেতেলিয়াই হত্যা

author img

By ETV Bharat Assamese Team

Published : Dec 31, 2023, 3:35 PM IST

Girl rape attempt murder
কিশোৰীক ধৰ্ষণৰ অপচেষ্টা, পানীৰ টেংকীত ডুবাই শিলেৰে থেতেলিয়াই হত্যা

Girl rape attempt murder: ছয় বছৰীয়া কিশোৰীক ধৰ্ষণৰ চেষ্টা কৰি হত্যা ৷ কিশোৰীটিৰ পৰিচয় লুকুৱাবলৈ অভিযুক্তটোৱে শিলেৰে কিশোৰীটিৰ মুখখন থেতেলিয়াই পেলায় ৷

নেশ্যনেল ডেস্ক, 31 ডিচেম্বৰ : উত্তৰ প্ৰদেশৰ এত্মাদপুৰ অঞ্চলত এটা জঘন্য ঘটনা পোহৰলৈ আহিছে ৷ এগৰাকী ছয় বছৰীয়া কিশোৰীক ধৰ্ষণৰ চেষ্টা কৰি হত্যা কৰাৰ ঘটনা সংঘটিত হৈছে ৷ অভিযুক্তটো এটা চকীদাৰ বুলি জানিব পৰা গৈছে ৷ কিশোৰীটিয়ে হুলস্থুল কৰাত অভিযুক্তটোৱে মাৰপিট কৰি পানীৰ টেংকীত ডুবাই কিশোৰীটিক হত্যা কৰে বুলি জানিব পৰা গৈছে ৷ আনকি কিশোৰীটিৰ পৰিচয় লুকুৱাবলৈ অভিযুক্তটোৱে শিলেৰে কিশোৰীটিৰ মুখখন থেতেলিয়াই পেলায় ৷

ঘটনাৰ বিৱৰণী অনুসৰি, উত্তৰ প্ৰদেশৰ এত্মাদপুৰ অঞ্চলৰ এখন গাঁৱত শনিবাৰে দুপৰীয়াৰ পৰা এটি ছয় বছৰীয়া কিশোৰী নিখোঁজ হৈ আছিল ৷ কিশোৰীটিয়ে টিউশ্যনৰ বাবে ঘৰৰ পৰা ওলাই গৈছিল ৷ কিন্তু কিশোৰীটি সময়মতে উভতি নহাত পৰিয়ালৰ লোকে চিন্তিত হৈ পৰে ৷ লগে লগে পৰিয়ালৰ লোকে কিশোৰীটিৰ বিচাৰ খোচাৰ কৰে ৷

ইয়াৰ মাজতে বিয়লি ঘৰৰ পৰা প্ৰায় 100 মিটাৰৰ নিলগত এটা পানী টেংকীত কিশোৰীটিৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷ কিশোৰীটিৰ মূৰত গুৰুতৰ আঘাতৰ চিন স্পষ্ট হৈ পৰিছে ৷ লগতে কিশোৰীটিৰ শৰীৰৰ অন্য অংশতো গুৰুতৰ আঘাত পৰিলক্ষিত হৈছে ৷

এই খবৰ পোৱাৰ লগে লগে এত্মাদপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় ৷ আৰক্ষীয়ে কিশোৰীটিৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ এই ঘটনাই কিশোৰীটিৰ পৰিয়ালৰ লগতে সমগ্ৰ গাঁওবাসীক কঁপাই তুলিছে ৷ আৰক্ষঈয়ে উত্তেজিত গাঁওবাসীক শান্ত কৰি পৰিস্থিতি শান্ত কৰিছে ৷

এই ঘটনাৰ পিচতে আৰক্ষীয়ে তদন্তৰ বাবে এটা দল গঠন কৰে ৷ আৰক্ষীয়ে ডগ স্কোৱাডৰ লগতে এটা ফৰেনছিকৰ দল ঘটনাস্থলীলৈ মাতি পঠায় ৷ আৰক্ষীয়ে প্ৰাথমিক অৱস্থাত যিগৰাকী লোকে প্ৰথম অৱস্থাত কিশোৰীটিৰ মৃতদেহটো পৰিলক্ষিত কৰিছিল তেওঁলোকক সোধা-পোছা কৰে ৷

তাৰ পিচতে পোহৰলৈ আহে ঘটনাৰ প্ৰকৃত সত্য ৷ দুপৰীয়া শেষবাৰৰ বাবে গাঁওখনৰ চকীদাৰ ৰাজবীৰ সিংহ (45) ৰ কিশোৰীটিক দেখা গৈছিল ৷ তাৰ পিচতে আৰক্ষীয়ে চকীদাৰজনৰ ঘৰত অভিযান চলায় যদিও চকীদাৰজনে লোকৰ ভিৰৰ মাজত লুকাই থাকে ৷ পৰৱৰ্তী সময়ত স্নিফাৰ ডগৰ সহায়ত চকীদাৰজনক বিচাৰি উলিয়াই ৷ লগে লগে আৰক্ষীয়ে অভিযুক্ত চকীদাৰক আটক কৰি সোধা পোছা কৰে ৷

অভিযুক্ত চকীদাৰটোৱে জেৰাৰ সময়ত আৰক্ষীক কৈছিল যে তেওঁ বাটতে ছোৱালীজনীক আগুচি ধৰিছিল ৷ অভিযুক্তটোৱে কিশোৰীটিক ধৰ্ষণ কৰিবলৈ চেষ্টা কৰিছিল ৷ কিন্তু ছোৱালীজনীয়ে চিঞৰিবলৈ আৰম্ভ কৰিছিল। তাৰ পিচতে অভিযুক্তটোৱে কিশোৰীটোক পানীৰ টেংকীত ডুবাই হত্যা কৰে ৷ ইয়াতে ক্ষান্ত নাথাকি কিশোৰীটিৰ মৃতদেহটো টেংকীৰ পৰা উলিয়াই আনি পৰিচয় নোহোৱা কৰিবলৈ কিশোৰীটিৰ মূৰত শিলেৰে আঘাত কৰে । তাৰ পিচত অভিযুক্তটোৱে মৃতদেহটো এৰি পলাই যায়।

তাৰ পিচত চকীদাৰটোৱে নিজৰ ঘৰলৈ গৈ দেৱালত ৰং কৰি থাকৰ অভিনয় কৰে ৷ যেতিয়া গাঁওবাসীয়ে অভিযুক্তৰ সন্ধানত আছিল তেতিয়াই চকীদাৰটোৱে গাঁওবাসীৰ লগতে অভিযুক্তৰ সন্ধান কৰাৰ ভাও ধৰে ৷ সম্প্ৰতি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰাজবীৰক ৷

লগতে পঢ়ক: মহানগৰীৰ ভূমি কেলেংকাৰীৰ দুই মাষ্টাৰ মাইণ্ডক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.