ETV Bharat / bharat

Child marriage case : বাল্যবিবাহৰ সৰ্বাধিক গোচৰ ৰুজু হোৱা ৰাজ্যৰ ভিতৰত আছে অসম

author img

By

Published : Feb 20, 2023, 8:55 PM IST

দেশৰ প্ৰায় ১০ খন ৰাজ্যত বাল্যবিবাহৰ বিৰুদ্ধে সৰ্বাধিক গোচৰ ৰুজু হৈছে (Maximum child marriage cases in India)। তাৰ ভিতৰত অসম অন্যতম । অসম চৰকাৰৰ বাল্যবিবাহ বিৰোধী অভিযানক প্ৰশংসা কৈলাশ সত্যাৰ্থী শিশু ফাউণ্ডেচনৰ ।

Child marriage case
বাল্যবিবাহৰ সৰ্বাধিক গোচৰ ৰুজু হোৱা ৰাজ্যৰ ভিতৰত আছে অসম

নেশ্যনেল ডেস্ক, ২০ ফেব্ৰুৱাৰী : বাল্যবিবাহৰ বিৰুদ্ধে অসম চৰকাৰে কঠোৰ পদক্ষেপ হাতত লৈছে (Assam Govt strict against child marriage)। ইতিমধ্যে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে অভিযান চলাই বাল্যবিবাহ গোচৰত বহুলোকক গ্ৰেপ্তাৰ কৰিছে । যাক লৈ দেশজুৰি ব্যাপক চৰ্চা হৈছে ।

ইয়াৰ মাজতে কৈলাশ সত্যাৰ্থী শিশু ফাউণ্ডেচনৰ গুৰুত্বপূৰ্ণ মন্তব্য । ফাউণ্ডেচনে দাবী কৰা মতে বাল্যবিবাহৰ গোচৰ পঞ্জীয়ন হোৱা ৰাজ্যসমূহৰ ভিতৰত অন্যতম শীৰ্ষ স্থানত আছে অসম (Child marriage cases is Assam)। কৈলাশ সত্যাৰ্থী শিশু ফাউণ্ডেচনৰ কাৰ্যবাহী সঞ্চালক বিধান চন্দ্ৰ সিঙে জনোৱা মতে অসমৰ লগতে বিহাৰ, ঝাৰখণ্ড, ৰাজস্থান আৰু আন ৬ খন ৰাজ্যত দেশৰ ভিতৰতে সৰ্বাধিক বাল্যবিবাহৰ গোচৰ পঞ্জীয়ন কৰা হৈছে ।

সিঙে নতুন দিল্লীত "বাল্যবিবাহ মুক্ত ভাৰত" শীৰ্ষক এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰ্যসূচীত ভাষণ প্ৰদান কৰি এই মন্তব্য কৰে । অনুষ্ঠানত শিশু অধিকাৰ সুৰক্ষা কেন্দ্ৰৰ (SCPCRs) অধ্যক্ষ আৰু প্ৰতিনিধিসকলে শিশু অধিকাৰ সম্পৰ্কে তেওঁলোকৰ মতামত আগবঢ়ায় । সিঙে ইটিভি ভাৰতক এই সন্দৰ্ভত কয় যে, পশ্চিম বংগ, মহাৰাষ্ট্ৰ, মধ্য প্ৰদেশ, উত্তৰ প্ৰদেশ, তেলেংগানা আৰু ওড়িশাৰ দৰে ৰাজ্যত বাল্যবিবাহৰ সৰ্বাধিক ঘটনা সংঘটিত হয় (KSCF on child marriage)।

বাল্যবিবাহৰ বিৰুদ্ধে অসম চৰকাৰৰ অভিযান সন্দৰ্ভত সিঙে কয় যে, অসম আৰক্ষীয়ে গ্ৰহণ কৰা পদক্ষেপ সঁচাকৈয়ে প্ৰশংসনীয় । তেওঁ আশা কৰা মতে সমগ্ৰ দেশৰ ৰাজ্যসমূহে বাল্যবিবাহ বন্ধ কৰিবলৈ এই ধৰণৰ শক্তিশালী পদক্ষেপ লোৱা উচিত (Satyarthi Childrens Foundation praises Assam govt)।

তেওঁ উল্লেখ কৰা মতে তেওঁলোকৰ সামৰ্থ্য আৰু শক্তিৰ সঠিক মূল্যাংকনৰ সৈতে ২০০ খন জিলাৰ ১০,০০০ খন গাঁও আৰু চহৰ চিনাক্ত কৰিবলৈ সক্ষম হৈছে য'ত এই অপৰাধ সংঘটিত হয় । ফাউণ্ডেচনৰ মতে বৰ্তমান ২৩ শতাংশ ছোৱালীয়ে দেশত ১৮ বছৰ বয়স হোৱাৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছে । ফাউণ্ডেচনে ২০২৫ চনৰ ভিতৰত এই সংখ্যা ১০ শতাংশলৈ হ্ৰাস কৰাৰ সংকল্প লৈছে বুলিও সিঙে উল্লেখ কৰে ।

সামাজিক অপৰাধ আৰু ফৌজদাৰী অপৰাধ হোৱাৰ উপৰিও ফাউণ্ডেচনে বাল্যবিবাহক মানৱ স্বাধীনতা, মৰ্যাদা আৰু সামাজিক নৈতিকতাৰ ওপৰত এক নিষ্ঠুৰ আক্ৰমণ বুলি বিবেচনা কৰে । ২০১৯-২১ বৰ্ষৰ ৰাষ্ট্ৰীয় পাৰিবাৰিক স্বাস্থ্য জৰীপ-ভি (এনএফএইচএছ-5) প্ৰতিবেদন অনুসৰি, দেশখনত ২০-২৪ বছৰ বয়সৰ ২৩.৩ শতাংশ মহিলা আছে যাৰ ১৮ বছৰ বয়স হোৱাৰ পূৰ্বে বিয়া হৈছে ।

২০২২ চনৰ ১৬ অক্টোবৰত, কৈলাশ সত্যাৰ্থী শিশু ফাউণ্ডেচনে বাল্যবিবাহৰ বিৰুদ্ধে বিশ্বৰ সৰ্ববৃহৎ তৃণমূল পৰ্যায়ৰ অভিযান আৰম্ভ কৰে । দেশৰ ২৬ খন ৰাজ্যক প্ৰতিনিধিত্ব কৰা ৭,৫৮৮ খন গাঁৱত ৭৬,৩৭৭ গৰাকীতকৈও অধিক তৃণমূলৰ মহিলা নেত্ৰীয়ে এই অভিযানৰ নেতৃত্ব দিছিল ।

লগতে পঢ়ক :Scam in PMAY in Assam: ঘৰ বিচাৰি সংবাদ মাধ্যমৰ আগত ৰাউচি জুৰি কান্দিলে হিতাধিকাৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.