ETV Bharat / bharat

Asia Cup 2023: আফগানিস্তানৰ বিৰুদ্ধে 89 ৰাণত জয়লাভ বাংলাদেশৰ

author img

By ETV Bharat Assamese Team

Published : Sep 3, 2023, 5:34 PM IST

Updated : Sep 3, 2023, 10:55 PM IST

এছিয়া কাপ 2023ৰ দেওবাৰে অনুষ্ঠিত হোৱা এখন খেলত বাংলাদেশৰ সন্মুখীন হয় আফগানিস্তান ৷ আফগানিস্তানক 89 ৰাণত পৰাস্ত কৰে বাংলাদেশে ৷

Etv Bharat
Etv Bharat

স্পৰ্টছ ডেস্ক, 03 ছেপ্তেম্বৰ : দেওবাৰে অনুষ্ঠিত হোৱা কাপৰ এখন খেলত বাংলাদেশে আফগানিস্তানক 89 ৰাণত পৰাস্ত কৰে ৷ 335 ৰাণৰ বিজয় লক্ষ্য আগত লৈ খেলা আফগানিস্তান দলটোৱে 245 ৰাণত আটাইকেইটা হেৰুৱাই থমকি ৰ’বলগীয়া হয় ৷ বাংলাদেশক প্ৰৱল প্ৰতিদ্বন্দিতা আগবঢ়াই 44.33 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই 245 ৰাণ সংগ্ৰহ কৰে আফগানিস্তান দলটোৱে ৷

টছত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লৈ ছাকিব আল হাছানৰ নেতৃত্বাধীন বাংলাদেশ বাহিনীয়ে 5 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে 334 ৰাণ ৷ উদ্বোধনী মেচত শ্ৰীলংকাৰ হাতত পৰাস্ত হোৱা বাংলাদেশ দলটোৱে আজিৰ খেলৰ বাবে মূল একাদশত কিছু সাল-সলনি ঘটাই ফিল্ডত নামিছিল ৷

ইনিংছৰ আৰম্ভণি কৰি অপেনাৰ মহম্মদ নিছিমে 32 টা বলত 28 ৰাণ কৰি আউট হোৱাৰ বিপৰীতে টৌহিদ হৃদয়ে 2টা বলত কোনো ৰাণ সংগ্ৰহ নকৰাকৈ নিজৰ উইকেট বিসৰ্জন দিয়ে ৷ ইয়াৰ পাছতে নাজমুল হুছেইন আৰু মেহদি হাচানৰ শতকেৰে এক শক্তিশালী স্থিতিত উপনীত হয় বাংলাদেশ ৷ মেহদি হাচানে 119 টা বলত 112 ৰাণ কৰি আউট হোৱাৰ কৰাৰ বিপৰীতে নাজমুল হুছেইনে 105 টা বলত সংগ্ৰহ কৰি 104 ৰাণ অউট হয় ৷

অধিনায়ক ছাকিব আল হাছানে 18 টা বলত 32 ৰাণ কৰি অপৰাজিত হৈ থাকে ৷ মুশ্বফিকুৰ ৰহমানে 15 টা বলত 25 ৰাণ কৰি ৰাণ আউটৰ চিকাৰ হোৱাৰ বিপৰীতে শ্বামিম হুছেইনে 6 টা বলত 11 ৰাণ কৰি ৰাণ আউট হয় ৷ আফিফ হুছেইনে 3 টা বলত 4 ৰাণ কৰি অপৰাজিত হৈ থাকে ৷

আজিৰ খেলত তাঞ্জিদ হাছান, মহেদী হাছান আৰু মুস্তাফিজুৰ ৰহমানৰ ঠাইত ছামিম হোছেইন, আফিফ হোছেইন আৰু হাছান মাহমুদক মূল একাদশত অন্তৰ্ভূক্ত কৰা হৈছিল ৷

আফগানিস্তানৰ হৈ মুজেবুৰ ৰহমান আৰু গুলবাদিন নেইবে এটাকৈ উইকেট দখল কৰে ৷ মুজেবুৰ ৰহমানে 10 অভাৰত 62 ৰাণ খৰছ কৰে আৰু গুলবাদিন নেইবে 8 অভাৰত 58 ৰাণ খৰছ কৰি এটাকৈ উইকেট দখল কৰে ৷

ইফালে আফগানিস্তানৰ হৈ ইব্ৰাহীম জৰ্ডানে সাৰ্বাধিক 74 টা বলত 75 ৰাণ কৰাৰ বিপৰীতে হাছমাতুল্লাহ শ্বাহিদিয়ে 60 টা বলত 51 ৰাণ সংগ্ৰহ কৰে ৷ ৰছিদ খানে 15 টা বলত 24 ৰাণৰ বৰঙণি আগবঢ়াই ৷ বাংলাদেশৰ হৈ তাস্কিন আহমেদে 8.3 অভাৰত 44 ৰাণ খৰছ কৰি সাৰ্বাধিক 4 টা উইকেট দখল কৰে ৷ শ্বৰিফুল ইছলামে 9 অভাৰত 36 ৰাণ খৰছ কৰি দখল কৰে তিনিটা উইকেট ৷

খেলৰ আৰম্ভণিতে অধিনায়ক ছাকিবে কয় যে "উইকেট আৰু বতৰৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লোৱা হৈছে ৷ এয়া ভাল উইকেট আৰু বতৰ অতি গৰম ৷ দলত কিছু পৰিৱৰ্তন কৰা হৈছে ৷" উদ্বোধনী খেলত শ্ৰীলংকাৰ হাতত পৰাজয়ৰ সন্দৰ্ভত তেওঁ কয়, "আমি বেটিংত আমাৰ পৰিকল্পনা কাৰ্যকৰী কৰা নাছিলো আৰু সেয়াই আমাৰ পতনৰ কাৰণ আছিল, কিন্তু আজি এটা নতুন দিন আৰু এটা ভাল উইকেট, আশাকৰোঁ আজি আমি এটা ভাল স্ক'ৰ সংগ্ৰহ কৰিব পাৰিম ৷"

লগতে পঢ়ক : Hockey5s Asia Cup 2023 : পাকিস্তানক হৰুৱাই পুৰুষ হকী ৫ এছ এছিয়া কাপৰ খিতাপ দখল ভাৰতৰ

Last Updated : Sep 3, 2023, 10:55 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.