ETV Bharat / sports

Hockey5s Asia Cup 2023 : পাকিস্তানক হৰুৱাই পুৰুষ হকী ৫ এছ এছিয়া কাপৰ খিতাপ দখল ভাৰতৰ

author img

By ETV Bharat Assamese Team

Published : Sep 3, 2023, 2:04 PM IST

ওমানৰ ছালালাহত অনুষ্ঠিত পুৰুষ হকী৫এছ এছিয়া কাপত চেম্পিয়ন হ'ল ভাৰত । পেনাল্টি শ্বুটআউটত পাকিস্তানক ২-০ গ'লত পৰাস্ত কৰে ভাৰতে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দলটোক অভিনন্দন জ্ঞাপন কৰে ।

Hockey5s Asia Cup 2023
পুৰুষ হকী ৫এছ এছিয়া কাপৰ খিতাপ দখল ভাৰতৰ

স্পৰ্টছ ডেস্ক, ৩ ছেপ্টেম্বৰ : ভাৰতৰ ক্ৰীড়াপ্ৰেমীৰ বাবে সুখবৰ । ভাৰতীয় হকী দলে পাকিস্তানক পৰাস্ত কৰি প্ৰথম পুৰুষ হকী ৫এছ এছিয়া কাপৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে । ইয়াৰ লগে লগে এফ আই এইচ পুৰুষ হকী ৫এছ বিশ্বকাপ ওমান ২০২৪ৰ বাবেও যোগ্যতাও অৰ্জন কৰে ভাৰতীয় দলটোৱে ।

ভাৰতীয় হকী দলটোৰ এই সফলতাত আনন্দিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । পুৰুষ হকী ৫এছ এছিয়া কাপৰ খিতাপ দখল কৰাৰ বাবে ভাৰতীয় দলটোক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । প্ৰধানমন্ত্ৰীয়ে শুভেচ্ছা জনাই কয় যে, খেলুৱৈসকলৰ দৃঢ়তা আৰু সংকল্পই দেশবাসীক অনুপ্ৰাণিত কৰি আহিছে । তেওঁ আশা প্ৰকাশ কৰি কয় যে, শেহতীয়া এই বিজয়ে হকী দলৰ অটল সমৰ্পণৰ প্ৰমাণ হিচাপে কাম কৰিব ।

ওমানৰ ছালালাহত শনিবাৰে অনুষ্ঠিত পুৰুষ হকী৫এছ এছিয়া কাপত ভাৰত চেম্পিয়ন হয় আৰু দুয়োটা দলে নিৰ্ধাৰিত সময়ত ৪-৪ গ'ল কৰে যদিও পাছত শ্বুটআউটত চিৰ প্ৰতিদ্বন্দী পাকিস্তানক ভাৰতে ২-০ গ'লত পৰাস্ত কৰে ।

এক্সৰ জৰিয়তে এটা পোষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে হকী৫ এছিয়া কাপত চেম্পিয়ন হোৱা ভাৰতীয় পুৰুষ হকী দলক অভিনন্দন জ্ঞাপন কৰে । নিৰ্ধাৰিত সময়ত ভাৰতৰ হৈ মহম্মদ ৰাহিলে, জুগৰাজ সিং আৰু মনিন্দৰ সিঙে গ'ল দিয়ে আনহাতে গুৰজ্যোত সিং আৰু মনিন্দৰ সিঙে শ্বুটআউটৰ সময়ত গ'ল কৰিবলৈ সক্ষম হয় ।

ইফালে হকী ইণ্ডিয়াই পুৰুষ হকী ৫এছ এছিয়া কাপ চেম্পিয়নশ্বিপৰ প্ৰতিগৰাকী খেলুৱৈক নগদ ২ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে । লগতে হকী ইণ্ডিয়াই ওমানত দলটোৰ বিজয়ৰ বাবে সহযোগী কৰ্মচাৰীসকলক ১ লাখ টকা কৈ দিয়াৰ সিদ্ধান্ত লয় ।

হকী ইণ্ডিয়াৰ সভাপতি পদ্মশ্ৰী ড৹ দিলীপ তিৰ্কীয়ে সামাজিক মাধ্যমৰ জৰিয়তে বিজয়ী দলটোক অভিনন্দন জনায় । তেওঁ উল্লেখ কৰা মতে এয়া ভাৰতীয় দলটোৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আছিল যিয়ে দলটোৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰস্তুতিৰ ফল দিছে । তেওঁ নিশ্চিত যে, ভাৰতৰ খেলুৱৈসকলে এই জয়ৰ ধাৰা অব্যাহত ৰাখিব । এফআইএইচ পুৰুষ হকী ৫এছ বিশ্বকাপ ওমান ২০২৪ত পুনৰ ভাৰতীয় দলটোৱে বিজয়ী হ'ব বুলিও তেওঁ আশাবাদী । যাৰ বাবে তেওঁ দলটোক শুভেচ্ছা জ্ঞাপন কৰে ।

লগতে পঢ়ক :FIFA World Cup 2026 Qualification : গুৱাহাটী আৰু ভুৱনেশ্বৰত হ'ব ফিফা বিশ্বকাপৰ দুখন কোৱালিফায়িং মেচ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.