ETV Bharat / bharat

PM Modi degree controversy : কেজৰিৱালক ২৫ হাজাৰ টকাৰ জৰিমনা আদালতৰ

author img

By

Published : Mar 31, 2023, 6:44 PM IST

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ২৫ হাজাৰ টকাৰ জৰিমনা (Gujarat High Court fined Arvind Kejriwal)। গুজৰাট উচ্চ ন্যায়ালয়ে এই জৰিমনা ঘোষণা কৰিলে । প্ৰধানমন্ত্ৰীৰ ডিগ্ৰীৰ বিষয়ে জানিব বিচাৰিছিল কেজৰিৱালে । তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত আবেদনো জনাইছিল কেজৰিৱালে ।

PM Modi degree controversy
কেজৰিৱালক ২৫ হাজাৰ টকাৰ জৰিমনা আদালতৰ

নেশ্যনেল ডেস্ক,৩১ মাৰ্চ : ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়া অব্যাহত আছে (Rahul Gandhi disqualification)। নিৰ্বাচনী ভাষণত "মোডী" উপাধিক লৈ কৰা বিতৰ্কিত মন্তব্যৰ বাবেই আজি এই পৰিস্থিতিৰ সন্মুখীন হৈছে ৰাহুল গান্ধী । এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শিক্ষাগত অৰ্হতাক লৈ প্ৰশ্ন কৰি বিপদত পৰিল দেশৰ অন্যতম বিৰোধী দলৰ নেতা তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ।

গুজৰাট আদালতে আম আদমি পাৰ্টীৰ নেতা অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে জৰিমনা ঘোষণা কৰিলে (Gujarat HC verdict against Kejriwal)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ডিগ্ৰীক লৈ প্ৰশ্ন কৰাৰ বাবে অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে কঠোৰ গুজৰাট আদালত ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ডিগ্ৰীৰ বিষয়ে জানিবলৈ আবেদন কৰাৰ বাবে কেজৰিৱালৰ ওপৰত ২৫,০০০ টকাৰ জৰিমনা আৰোপ কৰে গুজৰাট উচ্চ ন্যায়ালয়ে (Gujarat High Court fined Arvind Kejriwal)। উচ্চ ন্যায়ালয়ে কেজৰিৱালক ডিগ্ৰীৰ বিষয়ে অৱগত কৰাৰ বাবে কেন্দ্ৰীয় তথ্য আয়োগৰ আদেশও বাতিল কৰে ।

অৰবিন্দ কেজৰিৱালে জানিব বিচাৰিছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী শিক্ষিত নে, তেওঁৰ ডিগ্ৰী আছে নে নাই ৷ প্ৰধানমন্ত্ৰী মোডীয়ে দিল্লী বিশ্ববিদ্যালয় আৰু গুজৰাট বিশ্ববিদ্যালয়ৰ পৰা লাভ কৰা ডিগ্ৰীসমূহৰ বিষয়ে তথ্য বিচাৰিছিল কেজৰিৱালে ।

অৱশ্যে, গুজৰাট বিশ্ববিদ্যালয়ে বিষয়টোত বিৰোধিতা কৰিছিল আৰু অৰবিন্দ কেজৰিৱালে কৰা দাবীৰ বিৰুদ্ধে আবেদন দাখিল কৰিছিল । এনে ধৰণৰ ডিগ্ৰী বিচাৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মৰ্যাদা ক্ষতিগ্ৰস্ত হ'ব বুলি দাবী কৰিছে গুজৰাট বিশ্ববিদ্যালয়ে । গুজৰাট উচ্চ ন্যায়ালয়ে নিৰ্দেশৰ সৈতে আবেদনখন নিষ্পত্তি কৰিছে ।

আনহাতে গুজৰাট উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ আৰু জৰিমনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অৰবিন্দ কেজৰিৱালে টুইট কৰি কয়, "তেওঁলোকৰ প্ৰধানমন্ত্ৰী কিমান শিক্ষিত সেয়া জানিবলৈ দেশৰ অধিকাৰ নাই নেকি ? তেওঁলোকে আদালতত তেওঁৰ ডিগ্ৰী প্ৰকাশ কৰাৰ তীব্ৰ বিৰোধিতা কৰিছিল (Kejriwal reacts over Gujarat court order)। ডিগ্ৰী চাবলৈ কোৱা ব্যক্তিজনক জৰিমনা বিহা হ'ব ? কি ঘটি আছে ? এজন অশিক্ষিত বা কম শিক্ষিত প্ৰধানমন্ত্ৰী দেশৰ বাবে বিপদজনক ।"

উল্লেখ্য যে তথ্য জনাৰ অধিকাৰৰ (আৰটিআই) প্ৰতি সঁহাৰি জনাই কেন্দ্ৰীয় তথ্য আয়োগে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় (পিএমঅ'), গুজৰাট বিশ্ববিদ্যালয় আৰু দিল্লী বিশ্ববিদ্যালয়ক প্ৰধানমন্ত্ৰী মোডীৰ স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী সমূহৰ বিষয়ে তথ্য প্ৰদান কৰিবলৈ নিৰ্দেশ দিছিল ।

কিন্তু গুজৰাট বিশ্ববিদ্যালয়ে উচ্চ ন্যায়ালয়ত এই আদেশটোক প্ৰত্যাহ্বান জনাইছিল । প্ৰধানমন্ত্ৰী মোডীৰ নিৰ্বাচনী দস্তাবেজত কোৱা হৈছে যে তেওঁ ১৯৭৮ চনত গুজৰাট বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল আৰু ১৯৮৩ চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল (PM Modi degree)।

লগতে পঢ়ক :Dilli ki Yogshala Programme : দিল্লীত বন্ধ বিনামূলীয়া যোগ শ্ৰেণী, মোডী-চাক্সেনাক দোষাৰোপ কেজৰিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.