ETV Bharat / bharat

ভাৰতত পোহৰলৈ 40 টা ডেল্টা প্লাছৰ সক্ৰিয় ঘটনা

author img

By

Published : Jun 23, 2021, 3:49 PM IST

new-variant-delta-plus-to-bring-third-wave
নতুন ভেৰিয়েণ্ট Delta plus এ আনিব তৃতীয় ঢৌ

কৰ’ণা মহামাৰীৰ দ্বিতীয় ঢৌ অব্যাহত থকাৰ সময়তে দেশবাসীৰ সন্মুখত দেখা দিছে আন এক নতুন আশংকাই ৷ বৰ্তমানলৈ দেশত নতুন ভেৰিয়েণ্ট ডেল্টা প্লাছ (Delta Plus strain) ৰ 40 টাৰো অধিক ঘটনা পোহৰলৈ আহিছে ৷ চৰকাৰে মহাৰাষ্ট্ৰ, কেৰালা আৰু মধ্য প্ৰদেশলৈ ডেল্টা প্লাছৰ ঘটনাৰ বিষয়ে সতৰ্কবাণী প্ৰেৰণ কৰে ৷

নেচনেল ডেস্ক, 23 জুন : মহামাৰী কৰ’ণাৰ সংহাৰী ৰূপ অব্যাহত থকাৰ সময়তে দেশবাসীৰ সন্মুখত দেখা দিছে আন এক নতুন আশংকাই ৷ এই আশংকাৰ মূলতঃ ডেল্টা প্লাছ (Delta Plus strain) নামৰ এক নতুন ভেৰিয়েণ্টে ৷ নতুন ডেল্টা প্লাছৰ প্ৰকাৰটো হৈছে ডেল্টা (B.1.617.2)ৰ পৰিৱৰ্তন, যাৰ ফলত ভাৰতত কৰ’ণাৰ দ্বিতীয় ঢৌ সৃষ্টি হৈছিল ।

বৰ্তমানলৈ দেশত নতুন ভেৰিয়েণ্ট ডেল্টা প্লাছ (Delta Plus strain) ৰ 40 টাৰো অধিক ঘটনা পোহৰলৈ আহিছে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ডেল্টা প্লাছ ভেৰিয়েণ্টক উদ্বেগৰ প্ৰকাৰ হিচাপে গণ্য কৰিছে ৷ মঙলবাৰে চৰকাৰে মহাৰাষ্ট্ৰ, কেৰালা আৰু মধ্য প্ৰদেশলৈ ডেল্টা প্লাছৰ ঘটনাৰ বিষয়ে সতৰ্কবাণী প্ৰেৰণ কৰে ৷

উল্লেখ্য যে, মহাৰাষ্ট্ৰত বৰ্তমান ভাৰতৰ সৰ্বাধিক সংখ্যক ডেল্টা প্লাছ ভেৰিয়েণ্টৰ তথ্য পোৱা গৈছে ৷ সূত্ৰ অনুসৰি মহাৰাষ্ট্ৰত ২১ টা, মধ্য প্ৰদেশত ছয়টা, কেৰালাত তিনিটা, তামিলনাডুত তিনিটা, কৰ্ণাটকত দুটা আৰু পঞ্জাৱ, অন্ধ্ৰ প্ৰদেশ আৰু জম্মুত এটাকৈ ঘটনা আছে । স্বাস্থ্য বিশেষজ্ঞসকলে সতৰ্ক কৰি দিছে যে ডেল্টা প্লাছৰ প্ৰকাৰ ভাৰতত তৃতীয় ঢৌৰ কাৰণ হ'ব পাৰে ।

এইমছৰ চিকিৎসক শুভ্ৰদীপ কৰ্মকাৰে কৈছে যে ডেল্টা প্লাছৰ অতিৰিক্ত মিউটেণ্ট K417N আছে, যি ডেল্টা (B.1.617.2)ক ডেল্টা প্লাছলৈ ৰূপান্তৰ কৰে । তেওঁ কয় যে এই মিউটেণ্টটো অধিক সংক্ৰামক আৰু ই আলফা সংস্কৰণতকৈ ৩৫-৬০% অধিক সংক্ৰামক । কিন্তু ভাৰতত ইয়াৰ সংখ্যা অতি কম । এইটো বৰ্তমান চিন্তাৰ কাৰণ নহয় আৰু ইয়াৰ সংক্ৰমণৰ ঘটনাও কম ।

ভাৰতৰ বাহিৰেও এতিয়ালৈকে বিশ্বৰ ৯ খন দেশত ডেল্টা প্লাছ পোৱা গৈছে । এই দেশবোৰ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ, বৃটেইন, পৰ্তুগাল, ছুইজাৰলেণ্ড, জাপান, প’লেণ্ড, নেপাল, চীন, ৰাছিয়া ।

লগতে পঢ়ক : জম্মু-কাশ্মীৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ বৈঠকত উপস্থিত থাকিব কংগ্ৰেছ দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.