ETV Bharat / bharat

অনু মালিকৰ মাতৃ বিলকিস মালিকৰ দেহাৱসান

author img

By

Published : Jul 26, 2021, 2:21 PM IST

সংগীতকাৰ অনু মালিকৰ মাতৃ আৰু নাই ৷ 86 বয়সত শেষ নিশ্বাস ত্যাগ কৰে অনু মালিকৰ মাতৃ বিলকিস মালিকে ৷

Anu malik's mother passed away
বিলকিস মালিক আৰু নাই

নেশ্যনেল ডেস্ক, 26 জুলাই : গায়ক তথা সংগীত পৰিচালক অনু মালিকৰ মাতৃৰ দেহাৱসান ৷ সংগীত পৰিচালক অনু মালিক, আবু মালিক আৰু ডাবু মালিকৰ মাতৃ বিলকিস মালিকে দেওবাৰে বিয়লি প্ৰায় 3:30 বজাত শেষ নিশ্বাস ত্যাগ কৰে ৷ প্ৰায় 86 বয়সত শেষ নিশ্বাস ত্যাগ কৰে বিলকিস মালিকে ৷

জানিব পৰা মতে, সান্তা ক্ৰুজৰ কৱৰস্থানত সমাধিস্থ কৰা হ’ব গায়ক অনু মালিকৰ মাতৃক ৷ স্বৰ্গীয় প্ৰসিদ্ধ সুৰকাৰ চৰ্দাৰ মালিকৰ পত্নী আছিল বিলকিস মালিক ৷ বৃহস্পতিবাৰে হঠাৎ শাৰীৰিক অসুস্থতাত ভোগে বিলকিস মালিকে ৷ তাৰ পাচতেই তেওঁক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় জুহুৰ আৰোগ্য নিধি হাস্পতালত ৷

চিকিৎসকে জনোৱা মতে, হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ পৰাৰ ফলতে তেওঁ হঠাৎ অসুস্থ হৈ পৰিছিল ৷

প্ৰাপ্ত তথ্য অনুসৰি, বিলকিস মালিক হৈছে প্ৰসিদ্ধ কবি তথা গীতিকাৰ হসৰত জয়পুৰীৰ ভগ্নী । প্ৰয়াত বিলকিস মালিকে এই সংসাৰত এৰি থৈ যায় তেওঁৰ নাতি-নাতিনী, সংগীতকাৰ অমাল মালিক, গায়ক অৰমান মালিক, ষ্টেণ্ড-আপ কমিক আধাৰ মালিক, গায়ক আনমোল মালিক, ডিজাইনাৰ আদা মালিক আৰু কশীশ মালিকক ৷

বিলকিস মালিকৰ বিয়োগত এতিয়া পৰিয়ালটোত পৰিছে শোকৰ ছাঁ ৷

লগতে পঢ়ক: কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি এছ য়েদিয়ুৰাপ্পাৰ পদত্যাগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.