ETV Bharat / bharat

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি এছ য়েদিয়ুৰাপ্পাৰ পদত্যাগ

author img

By

Published : Jul 26, 2021, 1:58 PM IST

অৱশেষত কৰ্ণাটক(Karnataka)ৰ মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিলে বি এছ য়েদিয়ুৰাপ্পা( BS Yediyurappa)ই । সোমবাৰে প্ৰায় ১২.৩৫ বজাত ৰাজ্যপাল থভাৰ চান্দ গেহলট(Thavar Chand Gehlot)ৰ ওচৰত তেওঁ পদত্যাগ পত্ৰ দাখিল কৰে । ৭৫ বছৰৰ পাছতো বিজেপিয়ে গুৰুত্বপূৰ্ণ দায়িত্বভাৰ দিয়াৰ বাবে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাক ধন্যবাদ জ্ঞাপন কৰে ।

Chief Minister BS Yediyurappa handed over his resignation to Governor
কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি এছ য়েদিয়ুৰাপ্পাৰ পদত্যাগ

নেশ্যনেল ডেস্ক, ২৬ জুলাই: বিগত কেইবাদিনো ধৰি কৰ্ণাটক চৰকাৰ বিষয়ে চলি থকা জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত মুখ্যমন্ত্ৰী বি এছ য়েদিয়ুৰাপ্পা(BS Yediyurappa)ই পদত্যাগ কৰিলে । দলৰ জ্যেষ্ঠ নেতাক কৃতজ্ঞতা জ্ঞাপন কৰি মুখ্যমন্ত্ৰীৰ দায়িত্ব এৰে য়েদিয়ুৰাপ্পাই । সোমবাৰে প্ৰায় ১২.৩৫ বজাত ৰাজ্যপাল থাৱৰ চান্দ গেহলট(Thavar Chand Gehlot)ৰ ওচৰত তেওঁ পদত্যাগ পত্ৰ দাখিল কৰে । পদত্যাগৰ পাছত য়েদিয়ুৰাপ্পাই কয় যে, তেওঁ নিজৰ কামক লৈ সন্তুষ্ট ।

দলৰ ভালৰ বাবে তেওঁ কঠোৰ পৰিশ্ৰম কৰিছে । এজন ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ প্ৰচাৰকৰ পৰা মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱালৈকে এয়া এক সন্তোষজনক যাত্ৰা আছিল বুলি তেওঁ মন্তব্য কৰে । পৌৰসভাৰ নিৰ্বাচনৰ প্ৰসংগ উত্থাপন কৰি তেওঁ কয় যে, তেওঁ পৌৰসভাৰ নিৰ্বাচনত জয়ী হোৱাৰ পাছত তেওঁৰ ওপৰত আক্ৰমণ কৰা হৈছিল । সেই সময়তে তেওঁ নিজকে প্ৰতিশ্ৰুতি দিছিল যে তেওঁ বাকী থকা জীৱন জনসাধাৰণৰ সামগ্ৰিক উন্নয়ন তথা বিকাশৰ বাবে উৎসৰ্গা কৰিব ।

তেওঁ এই প্ৰতিশ্ৰুতি পালন কৰিছে বুলিও নিজেই প্ৰকাশ কৰিছে । আৱেগিক হৈ য়েদিয়ুৰাপ্পাই কয় যে, জনসংঘৰ পৰা আজি পৰ্যন্ত তেওঁ কৃষক আৰু দলিতসকলৰ হকে কাম কৰি আহিছে । তেওঁলোকৰ বাবে মাত মাতি আহিছে ।

আনকি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও কৰ্ণাটকৰ কৃষকসকলৰ সৈতে হোৱা সাক্ষাতৰ সময়ত য়েদিয়ুৰাপ্পাই কৰা কামৰ প্ৰশংসা কৰিছিল । ২৬ জুলাইত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ তৰফৰ পৰা ৰাজ্যপালক সাক্ষাৎ কৰাৰ বাবে সময় বিচৰা হৈছিল । ৰাজ্যপাল নতুন দিল্লীৰ পৰা উভতি অহাৰ পিছত সাক্ষাতৰ বাবে সময় দিয়া হৈছিল মুখ্যমন্ত্ৰীগৰাকীক । উল্লেখ্য যে, সাধাৰণতে ৭৫ বছৰ বয়স হোৱাৰ পাছত গেৰুৱা দলটোৱে নেতাসকলক ৰাজনীতিৰ পৰা অৱসৰ দিয়ে বুলি ধাৰণা কৰা হয় ।

কিন্তু য়েদিয়ুৰাপ্পাৰ ক্ষেত্ৰত এক বিপৰীত ছবি দেখা গৈছে । এতিয়ালৈকে মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব পালন কৰা নেতাসকলৰ ভিতৰত য়েদিয়ুৰাপ্পাই আটাইতকৈ বেছি বৰ্ষীয়ান নেতা । অৱশ্যে, ৰাজনৈতিক মহলত চলি থকা চৰ্চা অনুসৰি, দলটোৱে য়েদিয়ুৰাপ্পাৰ ঠাইত এজন যুৱ নেতাক মুখ্যমন্ত্ৰীৰ দায়িত্ব দিব বিচাৰিছে । ২০২৩ চনৰ বিধানসভা নিৰ্বাচনত মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে এখন নতুন মুখ দেখাৰ সম্ভাৱনা প্ৰকট হৈছে ।

মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব পালন কৰি থকা সময়তে য়েদিয়ুৰাপ্পাই কৈছিল যে, "দলে ৭৫ বছৰ বয়সৰ পাছত নেতাসকলক আজিলৈকে এনে কোনো মৰ্যাদা দিয়া নাই । কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, অমিত শ্বাহ আৰু জে পি নাড্ডাই মোৰ কামৰ বাবে মোক ৭৯ বছৰলৈকে কাম কৰাৰ অনুমতি দিছে" । দলটোক শক্তিশালী কৰা আৰু পুনৰ ক্ষমতালৈ অনাই তেওঁ উদ্দেশ্য বুলি মন্তব্য কৰিছিল য়েদিয়ুৰাপ্পাই । ২৬ জুলাইৰ পৰা তেওঁ নতুন কাম আৰম্ভ কৰিব বুলিও ইংগিত দিছিল ।

তেওঁৰ সিদ্ধান্তৰ প্ৰতি সকলো কৰ্মী তথা সমৰ্থকক সহযোগিতা আগবঢ়াবলৈও তেওঁ আহ্বান জনায় । আনহাতে, কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসন এতিয়া কোনে অলংকৃত কৰে সেয়া স্পষ্ট হোৱা নাই । দলে শীঘ্ৰেই এই বিষয়ত সিদ্ধান্ত গ্ৰহণৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক:কৃষি আইনৰ বিৰোধিতাৰে ট্ৰেক্টৰ চলাই সদনত উপস্থিত ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.