ETV Bharat / bharat

Annu Kapoor hospitalised in Delhi: জনপ্ৰিয় অভিনেতা অন্নু কাপুৰ চিকিৎসাধীন

author img

By

Published : Jan 26, 2023, 10:48 PM IST

দিল্লীৰ ছাৰ গংগাৰাম হাস্পতালত চিকিৎসাধীন বিশিষ্ট অভিনেতা অন্নু কাপুৰ ৷ বুকুৰ বিষৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় অভিনেতাগৰাকীক ৷ সম্প্ৰতি চিকিৎসকৰ তত্বাৱধানত আছে অভিনেতাগৰাকী (Annu Kapoor hospitalised in Sir Ganga Ram Hospital) ৷

Annu Kapoor hospitalised in Delhi
জনপ্ৰিয় অভিনেতা অন্নু কাপুৰ চিকিৎসাধীন

নিউজ ডেস্ক, ২৬ জানুৱাৰী: অভিনেতা অন্নু কাপুৰ চিকিৎসাধীন ৷ দিল্লীৰ ছাৰ গংগাৰাম হাস্পতালত(Sir Ganga Ram Hospital) চিকিৎসাধীন হৈ আছে বিশিষ্ট অভিনেতাগৰাকী ৷ বৃহস্পতিবাৰে পুৱা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় বিশিষ্ট অভিনেতাগৰাকীক ৷ পুৱা অভিনেতাগৰাকীৰ বুকুৰ বিষ হোৱাত তেওঁক ততাতৈয়াকৈ দিল্লীৰ ছাৰ গংগাৰাম হাস্পতালত ভৰ্তি কৰোৱা হয়(Annu Kapoor hospitalised in Delhi) ৷

অৱশ্যে বৰ্তমান চিকিৎসকৰ তত্বাৱধানত বিশিষ্ট অভিনেতাগৰাকী স্বাস্থ্য কিছু সুস্থিৰ হৈছে ৷ ছাৰ গংগাৰাম হাস্পতালৰ কাৰ্ডিঅ'লজীৰ চিকিৎসক ডাঃ সুশান্ত ভাট্টালৰ তত্বাৱধানত চিকিৎসাধীন হৈ আছে অন্নু কাপুৰ(Annu Kapoor hospitalised in Sir Ganga Ram Hospital) ৷ চিকিৎসালয়খনৰ অধ্যক্ষ (পৰিচালনা পৰিষদ) ডাঃ অজয় স্বৰূপে অন্নু কাপুৰৰ স্বাস্থ্যৰ বিষয়ে শেহতীয়াকৈ এক আপডেট শ্বেয়াৰ কৰি এই কথা জানিবলৈ দিয়ে ।

অভিনেতাগৰাকীৰ মেনেজাৰ শচীনে তেওঁক বৰ্তমানেও চিকিৎসকৰ পৰ্যৱেক্ষণত ৰখাৰ কথা জানিবলৈ দিয়ে ৷ তেওঁ লগতে অন্নু কাপুৰে বৰ্তমান আহাৰ গ্ৰহণ কৰাৰ লগতে সকলোৰে লগত বাৰ্তালাপ কৰাৰ কথা জানিবলৈ দিয়ে ৷ উল্লেখ্য যে, ৬৬ বছৰীয়া অন্নু কাপুৰ ভাৰতীয় চলচিত্ৰ জগতৰ এক পৰিচিত নাম ৷ তেওঁ বলিউডৰ লগতে আঞ্চলিক ভাষাৰ বহুতো ছবিত কাম কৰি দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক: পদ্ম বঁটা বিজয়ী এম এম কিৰাভানীয়ে নিজকে গৌৰৱান্বিত পিতৃ হিচাপে অনুভৱ কৰিছে

অন্নু কাপুৰ এগৰাকী অভিনেতা, গায়ক, পৰিচালক আৰু ৰেডিঅ' জকী । তেওঁ ১০০ খনতকৈও অধিক চলচ্চিত্ৰ আৰু টিভি অনুষ্ঠানত কাম কৰিছে । তেওঁ অভিনয় কৰা ছবিসমূহৰ ভিতৰত অন্যতম হৈছে 'হাম', 'এক ৰুকা হুয়া ফৈজল', 'ৰাম লখন', 'ঘায়েল', 'হাম কিচি চে ক’ম নেহি', 'আইত্ৰাজ', '৭ খুন মাফ', 'জলি এলএলবি ২' আদি । তেওঁ কমেডি-ড্ৰামা 'বিকি ডোনাৰ'ত অভিনয়ৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল ।

অন্নু কাপুৰ দেশৰ আগশাৰী ঘোষক(Anchor) সকলৰ অন্যতম ৷ অন্নু কাপুৰক শেষবাৰৰ বাবে ৱেব শ্ব' "ক্ৰেছ কোৰ্চ"ত দেখা গৈছিল ৷ বিগত বৰ্ষত আমাজন প্ৰাইম ভিডিঅ'ত ইয়াৰ প্ৰিমিয়াৰ হৈছিল । অন্নু কাপুৰক প্ৰথমবাৰৰ বাবে অমিতাভ বচ্চনৰ ১৯৭৯ চনৰ ছবি 'কালা পাথৰ'ত দেখা গৈছিল । তেওঁ লাভ কৰা বঁটাসমূহৰ ভিতৰত আছে দুটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, এটা ফিল্মফেয়াৰ বঁটা আৰু বিভিন্ন শ্ৰেণীত দুটা ভাৰতীয় দূৰদৰ্শন একাডেমী বঁটা ।

লগতে পঢ়ক: Gadar2: ছানী দেউল-আমীশা পেটেলৰ 'গডাৰ' ৰ চিকুৱেল দেখিবলৈ পাব 11 আগষ্টত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.