ETV Bharat / bharat

অন্ধ্ৰ প্ৰদেশত নন্দীৰ মূৰ্তি চুৰি কৰি আৰক্ষীৰ জালত ১০টা চোৰ

author img

By

Published : Apr 12, 2021, 6:17 PM IST

অন্ধ্ৰ প্ৰদেশত পুনৰ সংঘটিত হ'ল মন্দিৰৰ মূৰ্তি চুৰিৰ ঘটনা । ৰাজ্যখনৰ চিট্টোৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে নন্দীৰ মূৰ্তি চুৰি কৰা ১০টা চোৰক । টি ডি পি চৰকাৰৰ শাসন কালত ২০১৫ চনত ১৬৩টা মন্দিৰ চুৰিৰ ঘটনা সংঘটিত হৈছিল আৰু ২০১৭ চনত ১৩৯টা, ২০১৮ চনত ১২৩টা চুৰিকাণ্ড সংঘটিত হৈছিল । ৱাই এছ আৰ কংগ্ৰেছ পাৰ্টীৰ শাসন কালত ২০১৯ চনত ১৭৭টা চুৰিকাণ্ড সংঘটিত হৈছিল । ২০২০ চনত অন্তৰ্বেদীত থকা শ্ৰী লক্ষ্মী নৰসিংহ স্বামী মন্দিৰত ৰথ জ্বলাই দিয়া হৈছিল ।

অন্ধ্ৰ প্ৰদেশত পুনৰ সংঘটিত হ'ল মন্দিৰৰ মূৰ্তি চুৰিৰ ঘটনা
অন্ধ্ৰ প্ৰদেশত পুনৰ সংঘটিত হ'ল মন্দিৰৰ মূৰ্তি চুৰিৰ ঘটনা

নেশ্যনেল ডেস্ক, ১২ এপ্ৰিল: অন্ধ্ৰ প্ৰদেশ জগমাৰ্লা গাঁৱৰ দলিত কলনিৰ এটা মন্দিৰৰ পৰা নন্দীৰ মূৰ্তি চুৰি কৰি ধ্বংস কৰাৰ অভিযোগত ১০ জন লোকক গ্ৰেপ্তাৰ কৰে চিট্টোৰ আৰক্ষীয়ে । মূৰ্তিটোৰ ভিতৰত হীৰা আছে বুলি সন্দেহ কৰা হৈছিল । ধৃত লোককেইজন হৈছে এম ভেংকটা চলপতি, কে শ্ৰীনিবাসলু, কে হৰি, বি শ্ৰীধৰ, জি ভেংকটেশ, পি দশৰাদায়াহ, জি নৰসিংহুলু, কে ৰংগা বাবু, ডি প্ৰকাশ আৰু বি মুনেন্দ্ৰ ।

অন্ধ্ৰ প্ৰদেশত পুনৰ সংঘটিত হ'ল মন্দিৰৰ মূৰ্তি চুৰিৰ ঘটনা
অন্ধ্ৰ প্ৰদেশত পুনৰ সংঘটিত হ'ল মন্দিৰৰ মূৰ্তি চুৰিৰ ঘটনা

যোৱা ৪ এপ্ৰিলত পালামানেৰুৰ জগমাৰ্লা গাঁৱৰ দেৱালমপেটা অঞ্চলৰ অনুসূচীত জনজাতি কলনিৰ ওচৰৰ কৌন্দিয়ানা বনাঞ্চলত থকা বন্দনা মল্লেশ্বৰ স্বামী মন্দিৰৰ পৰা নন্দীৰ মূৰ্তি চুৰিৰ অভিযোগ দাখিল কৰিছিল মন্দিৰৰ পুৰোহিত এছ নৰসিংহুলুৱে । পুৰোহিতৰ অভিযোগৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰে আৰু তদন্ত আৰম্ভ কৰে ।

অন্ধ্ৰ প্ৰদেশত পুনৰ সংঘটিত হ'ল মন্দিৰৰ মূৰ্তি চুৰিৰ ঘটনা
অন্ধ্ৰ প্ৰদেশত পুনৰ সংঘটিত হ'ল মন্দিৰৰ মূৰ্তি চুৰিৰ ঘটনা

চিট্টোৰৰ আৰক্ষী অধীক্ষক এছ চেন্থিল কুমাৰে জনোৱা মতে, শনিবাৰে সন্ধিয়া প্ৰায় ৬.৩০ বজাত আৰক্ষীয়ে জগমাৰ্লা বনাঞ্চলত পাঁচজন লোক সন্দেহজনক অৱস্থাত থকাৰ গোপন খবৰ লাভ কৰে । ইয়াৰ পিছতে আৰক্ষীয়ে আটাইকেইজনকে সোধা-পোছা কৰে । আৰক্ষীৰ জেৰাত তেওঁলোকে নন্দী মূৰ্তি চুৰি কৰাৰ কথা স্বীকাৰ কৰে আৰু মূৰ্তিৰ ভিতৰত হীৰা থকাৰ সম্ভৱনা ব্যক্ত কৰে । আৰক্ষীয়ে পিছতে এই লোককেইজন তদন্তৰ অংশ হিচাপে গ্ৰেপ্তাৰ কৰে ।

অন্ধ্ৰ প্ৰদেশত পুনৰ সংঘটিত হ'ল মন্দিৰৰ মূৰ্তি চুৰিৰ ঘটনা
অন্ধ্ৰ প্ৰদেশত পুনৰ সংঘটিত হ'ল মন্দিৰৰ মূৰ্তি চুৰিৰ ঘটনা

আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে কয় যে, যোৱা ২১ মাৰ্চত তেলেংগানাৰ নাগাৰকুৰ্ণোল জিলাৰ অশ্বত্থামা ওৰফে শ্ৰীনিবাসুলুয়ে কান্দাদাৰ নিবাসী তেওঁৰ বন্ধু হৰিৰ সৈতে একেলগে মূৰ্তিটো চাবলৈ গৈছিল । পিছত যোৱা ২৬ মাৰ্চত হৰিক পুনৰ উক্ত অঞ্চললৈ পঠিয়াই দিয়ে আৰু হৰিয়ে চলপতি, শ্ৰীধৰ, ভেংকটেশ আৰু ৰংগা বাবুৰ সৈতে লগ হৈ মূৰ্তিটো চুৰি কৰে আৰু সহযোগী মুনেন্দ্ৰৰ গাঁও গংগাসাগৰামৰ এটা পুখুৰীত লুকুৱাই ৰাখে ।

২৭ মাৰ্চত তেওঁলোকে মূৰ্তিটো ভঙাৰ পৰিকল্পনা কৰিছিল । কিন্তু তেওঁলোকৰ মাজৰে ৰংগা বাবু নামৰ এটা চোৰে প্ৰকাশ নাইডু, নৰসিংহুলু, দশৰাদায়াহ আৰু গোপী নামৰ আন কেইজনমান লোকৰ সৈতে লগ হৈ লুকুৱাই থোৱা ঠাইৰ পৰা মূৰ্তিটো পুনৰ চুৰি কৰিবলৈ আহে । ২ এপ্ৰিলত তেওঁলোকে মূৰ্তিটো পুখুৰীৰ পৰা খান্দি উলিয়াইছিল আৰু হীৰা বিচাৰি মূৰ্তি টুকুৰা টুকুৰা কৰি পেলায় ।

অন্ধ্ৰ প্ৰদেশত পুনৰ সংঘটিত হ'ল মন্দিৰৰ মূৰ্তি চুৰিৰ ঘটনা
অন্ধ্ৰ প্ৰদেশত পুনৰ সংঘটিত হ'ল মন্দিৰৰ মূৰ্তি চুৰিৰ ঘটনা

পিছত মূৰ্তিৰ টুকুৰাবোৰ স্বৰ্ণমুখী নদীত দলিয়াই দিয়ে । আৰক্ষী বিষয়াগৰাকীয়ে জনোৱা মতে, মূৰ্তিটো টুকুৰা টুকুৰা কৰা গোপী নামৰ লোকজনৰ তিনিদিন পূৰ্বে এক পথ দুৰ্ঘটনাত মৃত্যু হৈছে । আনহাতে, বাকী ১০ জন অভিযুক্ত সম্প্ৰতি আৰক্ষীৰ জিম্মাত আছে । লগতে এখন অটোৰিক্সা, এখন টাটা এচ, তিনিখন দুচকীয়া বাহন আৰু মূৰ্তিৰ টুকুৰাবোৰ আৰক্ষীয়ে জব্দ কৰিছে ।

লগতে পঢ়ক:কৰ'ণাসৃষ্ট পৰিস্থিতিঃ গুজৰাট চৰকাৰক সমলোচনা উচ্চ ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.