ETV Bharat / bharat

Amritpal Singh latest news : সিংহৰ দৰে আত্মসমৰ্পণ কৰিছে অমৃতপালে: মাতৃ

author img

By

Published : Apr 24, 2023, 9:22 AM IST

Updated : Apr 24, 2023, 10:08 AM IST

Etv Bharat
Etv Bharat

পঞ্জাৱ আৰক্ষীয়ে অমৃতপাল সিঙক ঘেৰি ধৰি গ্ৰেপ্তাৰ কৰা বুলি দাবী কৰাৰ পিচত খালিস্তানী বিচ্ছিন্নতাবাদীজনৰ মাতৃ বলৱিন্দৰ কৌৰে কয় যে তেওঁৰ পুত্ৰই এখন সমাজক সম্বোধন কৰিছিল আৰু তাৰ পিচতেই শিখ সাজ-পোছাকত নিজক আত্মসমৰ্পণ কৰিছিল আৰক্ষীৰ ওচৰত ৷ চৰকাৰে চৰ্দাৰৰ ভাৱমূৰ্তিত কালিমা সানিবলৈ চেষ্টা কৰিছে বুলি উল্লেখ কৰে মাতৃয়ে (Amritpal Singh arrested) ।

নেশ্যনেল ডেস্ক, 23 এপ্ৰিল : দেওবাৰে আৰক্ষীৰ জালত পৰে খালিস্তানী বিচ্ছিন্নতাবাদী নেতা অমৃতপাল সিং ৷ ইয়াৰ পিচতে পঞ্জাৱ আৰক্ষীয়ে এক সংবাদমেলৰ আয়োজন কৰি খালিস্তানী নেতাগৰাকীক ঘেৰি ধৰি কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰাৰ পিচতে অমৃতপাল সিঙে আচলতে আত্মসমৰ্পণ কৰিলে নে আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হ’ল তাকে লৈ প্ৰশ্নৰ অৱতাৰণা হোৱা পৰিলক্ষিত হৈছে ৷ এই সন্দৰ্ভত মাতৃ বলৱিন্দৰ কৌৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, অমৃতপাল সন্দৰ্ভত আৰক্ষীয়ে যিয়েই নকওঁক কিয় তেওঁৰ পুত্ৰই আত্মসমৰ্পণ কৰিছে (Khalistani separatist surrendered) ।

ইয়াৰোপৰি তেওঁৰ পুত্ৰই শিখ সাজ-পোছাক পৰিধান কৰি শিখ-বানা আৰু পঞ্জ বনিয়া আওৰোৱাৰ পিচতহে আৰক্ষীৰ ওচৰত নিজক আত্মসমৰ্পণ কৰে বুলি উল্লেখ কৰি ইতিমধ্যে সেই সময়ৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে বুলিও উল্লেখ কৰে ৷ দেওবাৰে সংবাদ মাধ্যমত অমৃতপালে আত্মসমৰ্পণ কৰিলে নে গ্ৰেপ্তাৰ হ’ল সন্দৰ্ভত বিভিন্ন প্ৰশ্ন উত্থাপন হোৱাৰ পিচতে বালৱিণ্ডাৰে এই মন্তব্য আগবঢ়ায় (Amritpal Singh sent to Dibrugarh central jail) ৷

ইয়াৰ পিচতে পঞ্জাৱ আৰক্ষীয়ে খালিস্তানী প্ৰচাৰকজনক ঘেৰি ধৰি গ্ৰেপ্তাৰ কৰা হৈছে বুলি স্পষ্ট কৰি দিয়ে । উল্লেখ্য যে, পঞ্জাৱৰ মোগাৰ ৰ’ডৰ এটা গুৰুদ্বাৰৰ বাহিৰত অমৃতপাল সিঙে আত্মসমৰ্পণ বা গ্ৰেপ্তাৰ কৰাৰ পৰিকল্পনা কৰিছিল বুলি খবৰ ওলোৱা পৰিলক্ষিত হৈছিল । প্ৰাসংগিক যে খালিস্তানী বিচ্ছিন্নতাবাদী নেতাজনে আত্মসমৰ্পণ কৰা স্থান তথা ৰ’ড হ’ল খালিস্তানী বিচ্ছিন্নতাবাদী জৰ্নাইল সিং ভীন্দ্ৰনৱালেৰ জন্ম গাঁও (Khalistan movement)।

পঞ্জাৱ আৰু চুবুৰীয়া ৰাজ্যৰ বিভিন্ন অঞ্চলত বিগত প্ৰায় ৩৬ দিন ধৰি মাৰাথন অভিযান চলোৱাৰ অন্তত ‘ৱাৰিছ পঞ্জাৱ দে’ৰ মুৰব্বী অমৃতপল সিঙে আত্মসমৰ্পণ কৰে । ইয়াৰ পিচতে নিৰাপত্তাজনিত কাৰণত আৰক্ষীয়ে অমৃতপালক অসমৰ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰে । দেওবাৰে ‘ৱাৰিছ পঞ্জাৱ দে’ৰ মুৰব্বী অমৃতপাল সিঙক আৰক্ষীয়ে কৰায়ত্ত কৰাৰ পিচতে মাতৃ বলৱিন্দৰ কৌৰে চৰকাৰে চৰ্দাৰৰ ভাৱমূৰ্তিত কালিমা সানিবলৈ চেষ্টা কৰিছে বুলি উল্লেখ কৰে ৷ অমৃতপালৰ পত্নীয়ে অমৃতপালক লগ কৰাৰ পিচতহে ইংলেণ্ডলৈ যাব বুলিও জানিবলৈ দিয়ে (Balwinder Kaur on Amritpal Singh surrender) ।

নিজৰ পুত্ৰক লৈ গৌৰৱ অনুভৱ কৰে বুলি উল্লেখ কৰি বলৱিন্দৰ কৌৰে অমৃতপালৰ ওচৰত সদায় ভগৱানৰ আশীৰ্বাদ থাকিব বুলি কয় । খালছা ভেহিৰৰ দীক্ষা দিবলৈ তেওঁ সমাজখনক আহ্বান জনায় । পুতেকে আত্মসমৰ্পণ নকৰা হ’লে আৰক্ষীয়ে অমৃতপালক বিচাৰি নাপালে হয় বুলিও দাবী কৰে বলৱিন্দৰে । ইয়াৰোপৰি, বলৱিন্দৰ তথা তেওঁলোকৰ পৰিয়ালে সংবাদ মাধ্যমৰ জৰিয়তে খবৰটো লাভ কৰিছে বুলি কয় (Amritpal Singh mother) ৷

লগতে পঢ়ক : Sex racket: ৰাইজে উৎখাত কৰিলে নাৰী দেহ ব্যৱসায়ী চক্ৰ; যুৱতীকো মাৰধৰ

Last Updated :Apr 24, 2023, 10:08 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.