ETV Bharat / bharat

Amritpal in Dibrugarh : ডিব্ৰুগড়ত চলিছে অমৃতপালৰ মাৰাথন জেৰা

author img

By

Published : Apr 24, 2023, 6:48 PM IST

Amritpal in Dibrugarh
ডিব্ৰুগড়ত চলিছে অমৃতপালৰ ধাৰাবাহিক জেৰা

ডিব্ৰুগড় কাৰাগাৰত অমৃতপাল সিঙক কেইবাটাও সংস্থাই চলাইছে জেৰা (Amritpal interrogation in Dibrugarh Jail)। কেইবাটাও বিষয়ক লৈ চলোৱা হৈছে জেৰা । কি কি অভিযোগ আছে অমৃতপাল আৰু তেওঁৰ সংগঠনৰ বিৰুদ্ধে ?

নেশ্যনেল ডেস্ক,২৪ এপ্ৰিল : ৱাৰিছ পঞ্জাৱ দে সংগঠনৰ মুৰব্বী অমৃতপাল সিঙে দেওবাৰে পুৱা প্ৰায় ৬:৪৫ বজাত মোগাৰ ৰোডে গাঁৱত পঞ্জাৱ আৰক্ষীৰ ওচৰত আত্ম সমৰ্পণ কৰে ৷ লগে লগেই আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰি বাথিণ্ডাৰ পৰা অসমৰ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰে (Amritpal arrested)। সোমবাৰে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা (এনআইএ), গৱেষণা আৰু বিশ্লেষণ শাখা (RAW) আৰু অন্যান্য কেন্দ্ৰীয় সংস্থাই অমৃতপালক জেৰা অব্যাহত ৰাখিছে ।

আই.এছ.আই.-ৰ স্লিপাৰ চেল আৰু এজেণ্ট সম্পৰ্কীয় অনুসন্ধান :

আৰক্ষীয়ে তদন্তত দাবী কৰিছে যে, আইএছআইয়ে অমৃতপাল সিঙক প্ৰশিক্ষণ দিবলৈ ২ সন্ত্ৰাসবাদীক প্ৰেৰণ কৰিছিল (Amritpal interrogation on ISI links)। এজন হৈছে শিখ ফৰ জাষ্টিছ (SFJ)ৰ সন্ত্ৰাসবাদী গুৰপতৱন্ত সিং পান্নু আৰু আনজন হৈছে বব্বৰ খালচা ইণ্টাৰনেচনেলৰ সদস্য অৱতাৰ সিং খাণ্ডা । NIA আৰু RAW দুয়োটা সংস্থাই অমৃতপাল সিঙৰ পৰা স্লিপাৰ চেল আৰু পঞ্জাৱত পাকিস্তানী সন্ত্ৰাসবাদী সংগঠনৰ এজেণ্টৰ বিষয়ে তথ্য বিচাৰি জেৰা চলাইছে ।

মাৰ্চিডিজ বাহন আৰু ড্ৰাগছ ৰেকেটৰ ওপৰত প্ৰশ্ন :

অমৃতপাল সিঙৰ মাৰ্চিডিজ বাহনখন আটাইতকৈ চৰ্চিত হৈ আছে । পঞ্জাৱ আৰক্ষীৰ অনুসন্ধানত প্ৰকাশ পাইছে যে, মাৰ্চিডিজ বাহনখন ড্ৰাগছ ব্যৱসায়ীয়ে উপহাৰ হিচাপে দিছিল । অনুসন্ধানত প্ৰকাশ পাইছে যে অমৃতপাল সিঙে সন্ত্ৰাসবাদী লখবীৰ সিং ৰোডেৰ ভাতৃ ইউকেৰ প্ৰাক্তন জাথেদাৰ জছবীৰ সিং ৰোডে, অৱতাৰ সিং খাণ্ডা আৰু পৰমজিৎ সিং পাম্মাৰ ভাতৃ যশৱন্ত সিং ৰোডেৰ সৈতে সম্পৰ্ক ৰাখিছিল (Amritpal car controversy)। কেন্দ্ৰীয় আৰু ৰাজ্যিক চোৰাংচোৱা সংস্থাসমূহেও অমৃতপাল সিঙক পঞ্জাৱত চলি থকা ড্ৰাগছ ৰেকেটৰ বিষয়ে প্ৰশ্ন কৰিব ।

অস্ত্ৰৰ চোৰাং ব্যৱসায় :

পঞ্জাৱ আৰক্ষীয়ে অমৃতপাল সিং আৰু তেওঁৰ সহযোগীসকলৰ পৰা উদ্ধাৰ হোৱা অবৈধ অস্ত্ৰৰ বিষয়েও অমৃতপাল সিঙক প্ৰশ্ন কৰিব পাৰে (Amritpal Arms smuggling case)। এই অস্ত্ৰসমূহ পঞ্জাৱ, জম্মু আৰু কাশ্মীৰ বা উত্তৰ প্ৰদেশৰ পৰা লাভ কৰিছিল অথবা অমৃতপাল সিঙৰ বাবে পাকিস্তানৰ পৰা ড্ৰোণযোগে ভাৰতলৈ অনা হৈছিল । সংস্থাসমূহে এই সন্দৰ্ভত অমৃতপাল সিঙক জেৰা কৰি আছে ।

সোনকালে অধিক লোক গ্ৰেপ্তাৰ হ'ব পাৰে :

অমৃতপাল সিঙক গ্ৰেপ্তাৰ কৰাৰ পাচত এতিয়া বহুতো তথ্য পোহৰলৈ আহিব । অনুমান কৰা হৈছে যে অনাগত দিনবোৰত আৰু কিছুমান বিশেষ ব্যক্তি গ্ৰেপ্তাৰ হ'ব পাৰে । সেই লোকসকল অমৃতপাল সিঙৰ দ্বাৰা আশ্ৰয় লাভ কৰা হ'ব পাৰে । কেৱল এয়াই নহয়, এনে কিছুমান নামও পোহৰলৈ আহিব পাৰে, যিসকলে অমৃতপাল সিঙক পঞ্জাৱত সন্ত্ৰাস বিয়পোৱাত সহায় কৰিছিল (NIA interrogates Amritpal)।

লগতে পঢ়ক :Amritpal Singh latest news : সিংহৰ দৰে আত্মসমৰ্পণ কৰিছে অমৃতপালে: মাতৃ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.