ETV Bharat / bharat

Republic day functions held in Kashmir: কটকটীয়া নিৰাপত্তাৰ মাজেৰে জম্মু কাশ্মীৰত গণৰাজ্য দিৱস উদযাপন

author img

By

Published : Jan 27, 2023, 7:55 AM IST

দেশৰ ভিন্ন প্ৰান্তৰ লগতে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে জম্মু কাশ্মীৰৰ শ্ৰীনগৰত আড়ম্বৰপূৰ্ণ অনুষ্ঠানেৰে ৭৪ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয় (Republic day functions held in Amid tight security) ৷

Amid tight security, Republic day functions held in Amid tight security
জম্মু কাশ্মীৰত গণৰাজ্য দিৱস উদযাপন

জম্মু কাশ্মীৰত গণৰাজ্য দিৱস উদযাপন

নেশ্যনেল ডেস্ক, 27 জানুৱাৰী: সমগ্ৰ দেশ তথা ৰাজ্যজুৰি উলহে মালহেৰে পালন কৰা হয় 74 তম গণৰাজ্য দিৱস (74th Republic day observed in India) ৷ ইয়াৰ ব্যতিক্ৰম নহ’ল জম্মু কাশ্মীৰতো ৷ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে জম্মু কাশ্মীৰত ৭৪ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয় (Republic day functions held in Amid tight security) ৷

জম্মু কাশ্মীৰৰ শ্ৰীনগৰত আড়ম্বৰপূৰ্ণ অনুষ্ঠানেৰে গণৰাজ্য দিৱসৰ কাৰ্যসূচী আয়োজন কৰিছিল ৰাজ্যবাসীয়ে ৷ শ্ৰীনগৰৰ চানৱাৰৰ শ্বেৰ-ই-কাশ্মীৰ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত কৰা হৈছিল গণৰাজ্য দিৱসৰ কাৰ্যসূচী ৷ এই অনুষ্ঠানত জম্মু-কাশ্মীৰৰ ৰাজ্যপাল লেফটেনেণ্ট গৱৰ্ণৰ (Lieutenant Governor of Jammu and Kashmir) মনোজ সিনহা উপস্থিত থাকে ৷ গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি উলিওৱা আৰক্ষী আৰু চিআৰপিএফৰ মাৰ্চ পাছৰ নেতৃত্ব দিয়ে আৰ আৰ ভাটনাগৰে (R R Bhatnagar led the parade) ৷

ভাটনাগৰে তেওঁৰ ভাষণত কয় যে কেন্দ্ৰীয় শাসিত অঞ্চল প্ৰশাসনে জম্মু-কাশ্মীৰৰ সকলো জিলাৰ উন্নয়ন আৰু প্ৰগতিৰ ওপৰত চৰকাৰে অধিক গুৰুত্ব আৰোপ কৰিছে আৰু অঞ্চলটোৰ যুৱসকলৰ কল্যাণ আৰু নিযুক্তিৰ ওপৰতো অধিক গুৰুত্ব আৰোপ কৰিছে (Welfare and employment opportunities for youth) ৷

ইফালে এই অনুষ্ঠান আয়োজনৰ সময়ত যিকোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত নহ’বলৈ শ্ৰীনগৰত বৃহৎ সংখ্যক আৰক্ষী আৰু চিআৰপিএফৰ জোৱান মোতায়েন কৰাৰ লগতে অনুষ্ঠানস্থলীৰ চাৰিওফালে কঠোৰ নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছিল (Tight security around venue)৷

অনুষ্ঠানস্থলীলৈ যোৱা সকলো পথ বেৰিকেডেৰে আৱৰি ৰখা হৈছিল আৰু কোনো ব্যক্তিক অনুষ্ঠানস্থলীৰ কাষলৈ যাবলৈ অনুমতি দিয়া হোৱা নাছিল । নিৰাপত্তা বাহিনীয়ে ড্ৰোন-মাউণ্টেড নিৰীক্ষণ কেমেৰা আৰু নিৰাপত্তাৰক্ষী নিয়োজিত কৰি অনুষ্ঠানস্থলীৰ চাৰিওফালে সতৰ্কতা বজাই ৰাখিছিল ।

মন কৰিব লগীয়া যে, শ্ৰীনগৰ জিলা সদৰৰ উপৰিও জিলাখনৰ অন্যান্য অঞ্চলতো গণৰাজ্য দিৱসৰ অনুষ্ঠান অনুষ্ঠিত কৰা হৈছিল ৷ এই অনুষ্ঠানসমূহত স্থানীয় শিল্পীসকলে গীত-নৃত্যৰ সাংস্কৃতিক কাৰ্যসূচীৰ লগতে অন্যান্য কাৰ্যসূচীসমূহ সুন্দৰভাৱে ৰূপায়ণ কৰি গণৰজ্য দিৱসটি আড়ম্বৰপূৰ্ণভাৱে পালন কৰে ৷

প্ৰতিবছৰে ভাৰবৰ্ষত 26 জানুৱাৰীৰ দিনটোত গণৰাজ্য দিৱস (Republic Day) পালন কৰা হয় ৷ এই দিনটোতে ভাৰত চৰকাৰৰ আইন(১৯৩৫) ৰ সলনি ১৯৫০ চনত ভাৰতৰ সংবিধান গৃহীত হৈছিল ৷ভাৰতৰ সংবিধানখন Constituent Assembly of India-ই ১৯৪৯ চনৰ ২৬ নৱেম্বৰত অনুমোদন জনাইছিল। ১৯৫০ চনৰ ২৬ নৱেম্বৰত এইখন গৃহীত হোৱাৰ ফলত ভাৰত এখন স্বাধীন গণতান্ত্ৰিক দেশ হোৱাৰ প্ৰক্ৰিয়া সমাপ্ত হয়। ১৯৩০ চনৰ ২৬ জানুৱাৰীৰ দিনটোতে ভাৰতীয় জাতীয় কংগ্ৰেছে পূৰ্ণ স্বৰাজৰ প্ৰস্তাৱ আগবঢ়োৱা বাবে গণৰাজ্য দিৱসৰ বাবে এই দিনটো বাছনি কৰা হয় ।

লগতে পঢ়ক: Pakistani flag on R Day: গণৰাজ্য দিৱসৰ দিনাই বিহাৰত পাকিস্তানী পতাকা উত্তোলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.