ETV Bharat / bharat

Private videos got leaked: পাকিস্তানী টিকটকাৰৰ ব্যক্তিগত ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল

author img

By

Published : Mar 15, 2023, 10:46 AM IST

All you need to know about infamous TikToker Hareem Shah whose private videos got leaked
হৰিম শ্বাহৰ ব্যক্তিগত ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল

পাকিস্তানী ছ’চিয়েল মিডিয়া তাৰকা হৰিম শ্বাহৰ ব্যক্তিগত ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল (TikToker Hareem Shah) ৷ কোনে, কেনেকৈ ভিডিঅ’ ভাইৰেল কৰিলে জানিবলৈ পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদন ৷

চিটাৰা ডেস্ক, 15 মাৰ্চ: পাকিস্তানৰ টিকটক তাৰকা হৰিম শ্বাহ আৰু বিতৰ্ক এটা মুদ্ৰাৰ ইপিঠি সিপিঠি (Pakistani social media influencer Hareem)। পাকিস্তানৰ জনপ্ৰিয় টিকটক তাৰকাগৰাকী প্ৰায়ে নিজৰ টিকটক ভিডিঅ’ৰ বাবেই ছ’চিয়েল মিডিয়াত চৰ্চিত হৈ থাকে ৷ এইবাৰ পুনৰ এটা ভিডিঅ’ৰ বাবে লাইমলাইটলৈ আহিছে হৰিম শ্বাহ ৷ সামাজিক মাধ্যমত গ্ৰুতগতিত ভাইৰেল হৈছে হৰিমৰ ভিডিঅ’ ৷ কিন্তু এইবাৰৰ ভিডিঅ’টো কিছু ব্যতিক্ৰম ৷ এয়া কোনো টিকটক ভিডিঅ’ নহয়, এয়া ব্যক্তিগত ভিডিঅ’ হে (Hareem Shah private videos got leaked)।

খবৰ অনুসৰি, ১ মাৰ্চত টিকটক তাৰকাগৰাকীৰ বন্ধু সন্দল খট্টক আৰু আয়েছা নাজৰ সৈতে হৰিমৰ বাক বিতণ্ডা হৈছিল ৷ ইয়াৰ পিচতে হৰিমৰ ব্যক্তিগত ভিডিঅ’ অনলাইনত আপলোড কৰা হৈছিল । যাৰ ফলত হৰিমে অভিযোগ উত্থাপন কৰে যে তেওঁৰ ভাবমূৰ্তিক বেয়া কৰিবলৈ তেওঁৰ বন্ধুসকলে এই ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল কৰিছে (Infamous TikToker Hareem Shah) ৷

ইফালে পাকিস্তানী প্ৰভাৱশালী তাৰকাগৰাকীয়ে ব্যক্তিগত ভিডিঅ’ অনলাইনত ফাদিল হোৱাৰ পিচত আৰু অধিক জনপ্ৰিয় হৈ পৰিছিল ৷ ভাইৰেল হোৱা ভিডিঅ’টো ফুটেজত এজন লোকৰ সৈতে বাথৰুম দেখা যায় হৰিমক । ইয়াৰ পিচতে হৰিমে বন্ধু আয়েছা নাজৰ বিষয়ে ফেডাৰেল ইনভেষ্টিগেচন এজেন্সীত অভিযোগ কৰে ৷ লগতে দাবী কৰে যে আয়েছাই তেওঁক বদনাম কৰাৰ প্ৰয়াসত ভিডিঅ’টো ফাদিল কৰিছিল (Pakistani tiktoker Hareem Shah)। এক বিবৃতিত হৰিমে কয় য়ে তেওঁৰ স্বামী বিলাল শ্বাহৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰাৰ প্ৰয়াসত আয়েছাই তেওঁৰ ভিডিঅ’ প্ৰকাশ কৰাৰ ভাবুকি দিছিল ৷

উল্লেখ্যযোগ্য যে, হৰিম টিকটকত সকলোৰে সুপৰিচিত নাম যদিও সকলো ভুল কাৰণতে সদায় বাতৰিৰ শিৰোনাম দখল কৰি আহিছে হৰিমে । ইয়াৰ পূৰ্বে টিকটক তাৰকাগৰাকীয়ে পাকিস্তানৰ পৰা যুক্তৰাজ্যলৈ যোৱাৰ সময়ত যথেষ্ট পৰিমাণৰ নগদ ধন লগত লৈ অহা বুলি দাবী কৰি পাকিস্তানৰ ফেডাৰেল ইনভেষ্টিগেশ্যন এজেন্সীৰ ধন সৰবৰাহৰ তদন্তৰ বিষয় হৈ পৰিছিল (Hareem Shahs private video leak) ।

ইয়াৰ পূৰ্বে হৰিমে ২০১৯ চনৰ ২২ অক্টোবৰত টিকটকত পাকিস্তানৰ বৈদেশিক কাৰ্যালয়ত নিজৰ এটা ভিডিঅ’ পোষ্ট কৰাৰ পিচত চৰ্চালৈ আহিছিল । আনকি পাকিস্তানৰ তেতিয়াৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে চৰকাৰী কমপ্লেক্সটোৰ অনুমতি কেনেকৈ লাভ কৰিলে তাৰ তদন্তৰ বাবেও আহ্বান জনাইছিল । পাকিস্তানৰ প্ৰাক্তন স্বৰাজ মন্ত্ৰী শ্বেখ ৰছিদক সমালোচনা কৰি দিয়া মন্তব্যৰ বাবেও যথেষ্ট ক্ষোভৰ সন্মুখীন হ’বলগীয়া হৈছিল টিকটকাৰগৰাকী । মুঠৰ ওপৰত বিতৰ্কৰ লগত পুৰণি সম্পৰ্ক আছে হৰিমৰ ৷

লগতে পঢ়ক: জেনিফাৰ লোপেজ আৰু বেন এফ্লেকৰ হনিমুনৰ ছবি ভাইৰেল, পাৰ্কত মুকলিকৈ ‘লিপলক’ দুয়োৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.