ETV Bharat / bharat

G20 summit : জি-২০ৰ বাবে দিল্লীত যাতায়াতৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ

author img

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 3:03 PM IST

G20 summit
জি-২০ৰ বাবে দিল্লীত যাতায়াতৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ

ভাৰতৰ সভাপতিত্বত অনুষ্ঠিত জি-২০ বৈঠক সফলতাৰে সমাপ্ত হয় । বিদেশী অতিথিসকলৰ সুৰক্ষা আৰু সুশৃংখল যান-বাহনৰ চলাচলৰ বাবে কেইবাটাও নিষেধাজ্ঞা আৰোপ কৰা হৈছিল । এতিয়া সেইবোৰ প্ৰত্যাহাৰ কৰা হৈছে ।

নেশ্যনেল ডেস্ক,১১ ছেপ্টেম্বৰ : দুদিনীয়াকৈ অনুষ্ঠিত জি-২০ বৈঠকৰ বাবে নতুন দিল্লীত যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত বিভিন্ন নিষেধাজ্ঞা আৰোপ কৰা হৈছিল । কিন্তু প্ৰগতি ময়দানৰ ভাৰত মণ্ডপমত আয়োজিত এই বৈঠক সমাপ্ত হোৱাৰ পাছতে দেওবাৰে মাজনিশাৰ পৰা চহৰখনত যান-বাহনৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হৈছে । দিল্লী আৰক্ষীয়ে অনুষ্ঠানটোৰ পূৰ্বে যান-বাহন ব্যৱস্থাপনাৰ বাবে প্ৰায় ৫০,০০০ কৰ্মচাৰী নিয়োগ কৰিছিল ।

মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীসহ বিভিন্ন ৰাজ্যৰ মুৰব্বীকে ধৰি কেইবাজনো জি-২০ বিশিষ্ট নেতা ৰাজঘাটলৈ গৈছিল । যাৰ বাবে দেওবাৰে মধ্য আৰু উত্তৰ দিল্লীৰ কিছু অংশত যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল ।

ব্ৰিটিছৰ প্ৰধানমন্ত্ৰী ঋষি সুনাকৰ পূব দিল্লীৰ অক্ষৰধাম মন্দিৰ পৰিদৰ্শনৰ বাবে পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থা কৰাৰ লগতে কেইবাটাও নিষেধাজ্ঞা আৰোপ কৰা হৈছিল । আৰক্ষীয়ে আৰোপ কৰা নিষেধাজ্ঞাৰ বাবে নতুন দিল্লী ৰে'ল ষ্টেচন, পুৰণি দিল্লী ৰে'ল ষ্টেচন, শান্তি বন, দিল্লী গেট, আইটিঅ' আৰু ৰাজঘাটকে ধৰি চহৰখনৰ বিভিন্ন স্থানত যান-বাহনৰ চলাচলত প্ৰভাৱ পৰিছিল ।

আইএছবিটি কাশ্মীৰী গেট আৰু সৰাই কালে খানৰ মাজত ৰিং ৰোডত বাছৰ চলাচল নিষিদ্ধ কৰা হৈছিল আৰু ইয়াৰ উপৰিও কেইবাটাও নিষেধাজ্ঞা আৰোপ কৰা হৈছিল । বৈঠক সমাপ্ত হোৱাৰ লগে লগে সোমবাৰৰ পৰা সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হৈছে ।

এই নিষেধাজ্ঞাবোৰ প্ৰত্যাহাৰ কৰা হৈছে :

  • ৮ ছেপ্টেম্বৰৰ পৰা ৰে'লত পাৰ্চেল বুকিঙৰ ওপৰত থকা নিষেধাজ্ঞা আঁতৰোৱা হৈছে । এতিয়াৰে পৰা ব্যৱসায়ীসকলে পাৰ্চেল বুকিং কৰিব পাৰিব । পাৰ্চেল লোডিং আৰু আনলোডিঙো আৰম্ভ হৈছে ।
  • দিল্লীত ভিৰ কমোৱাৰ বাবে মাতা বৈষ্ণো দেৱী কাটৰালৈ দুখন বিশেষ ৰে'ল পৰিচালনা কৰা হৈছিল । অৱশ্যে সেই ৰে'লৰ পৰিচালনা ১১ ছেপ্টেম্বৰৰ পৰা বন্ধ কৰি দিয়া হৈছে ।
  • নতুন দিল্লীত অনলাইন সামগ্ৰী বিতৰণৰ ওপৰত থকা নিষেধাজ্ঞাও আঁতৰোৱা হৈছে । জনসাধাৰণে অনলাইন সামগ্ৰী বুক আৰু অৰ্ডাৰ কৰিব পাৰিব ।
  • প্ৰগতি ময়দানৰ ফালে ব্যক্তিগত বাহনৰ চলাচলৰ ওপৰতো নিষেধাজ্ঞা আছিল, কিন্তু জি-২০ বৈঠক সম্পূৰ্ণ হোৱাৰ পাছত এই নিষেধাজ্ঞা আঁতৰোৱা হৈছে ।
  • জি-২০ বৈঠকৰ বাবে প্ৰগতি ময়দান (উচ্চতম ন্যায়ালয়) মেট্ৰ' ষ্টেচন বন্ধ কৰা হৈছিল । এতিয়াৰে পৰা যাত্ৰীসকলে সহজে মেট্ৰ'ৰে যাত্ৰা কৰিব পাৰিব ।
  • জি-২০ৰ বাবে সংৰক্ষিত চিকিৎসালয়সমূহ দিল্লীৰ সাধাৰণ ৰাইজৰ বাবে মুকলি কৰা হৈছে, মানুহে পূৰ্বৰ দৰে স্বাস্থ্য সেৱা লাভ কৰিব পাৰিব ।
  • নিৰাপত্তাজনিত কাৰণত দিল্লীত ড্ৰোণ পৰিচালনাৰ ওপৰত নিষেধাজ্ঞা আছিল । এতিয়া ৰাইজে বিভিন্ন কাৰ্যসূচীত ফটোগ্ৰাফীৰ বাবে ড্ৰোণ উৰুৱাব পাৰিব ।

লগতে পঢ়ক :India and Saudi Arabia Talks : ক্ৰাউন প্ৰিন্সৰ ভ্ৰমণত ভাৰত আৰু চৌদি আৰবৰ দ্বিপাক্ষিক সম্পৰ্কত নতুন মাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.