ETV Bharat / bharat

AIMIM MP Owaisi on Bidhuri remarks: সদনত এদিন গণ প্ৰহাৰৰ বলি হ’ব মুছলমান সাংসদ; ওৱেইচি

author img

By ETV Bharat Assamese Team

Published : Sep 25, 2023, 10:04 AM IST

হায়দৰাবাদত ৰাজহুৱা সভাত ভাষণ দি বিজেপিৰ এজন সাংসদে সংসদত এজন মুছলমান সাংসদক গালি-গালাজ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া AIMIM শীৰ্ষ আছাদুদ্দিন ওৱেইচিৰ । এদিন মুছলমান সাংসদে সদনত গণ প্ৰহাৰৰ বলি হ’ব বুলিও কয় ওৱেইচিয়ে ৷

AIMIM MP Owaisi on Bidhuri remarks
মুছলমান সাংসদ গণ প্ৰহাৰৰ বলি হ’ব

লেশ্যনেল ডেস্ক, 25 ছেপ্টেম্বৰ: লোকসভাত বিএছপিৰ সাংসদ দানিশ আলীক লক্ষ্য কৰি বিজেপি সাংসদ ৰমেশ বিধুৰীয়ে কৰা আপত্তিজনক মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে AIMIM শীৰ্ষ আছাদুদ্দিন ওৱেইচিয়ে ৷ ভাৰতীয় জনতা পাৰ্টিৰ মুৰব্বীক সমালোচনা কৰি দেওবাৰে AIMIM ৰ মুৰব্বীগৰাকীয়ে সংসদত এজন মুছলমান সাংসদ গণ প্ৰহাৰৰ বলি হ’বলগীয়া দিনটো বহু দূৰত নহয় বুলি কয় । দেওবাৰে সাংসদগৰাকীয়ে তেওঁৰ সংসদীয় সমষ্টি হায়দৰাবাদত ৰাজহুৱা সভা এখনত এই মন্তব্য আগবঢ়ায় ।

AIMIM শীৰ্ষগৰাকীয়ে কয়, "আমি দেখিছোঁ যে বিজেপিৰ এজন সাংসদে সংসদত এজন মুছলমান সাংসদক গালি-গালাজ কৰিছে । সকলোৱে কৈছে যে এনে বক্তব্য সংসদত উল্লেখ কৰাটো অনুচিত । এইজনেই হ’ল জনতাৰ ভোটেৰে নিৰ্বাচিত হোৱা জনপ্ৰতিনিধি । এদিন দেশৰ সংসদত এজন মুছলমান সাংসদ গণ প্ৰহাৰৰ বলি হোৱা দিনটো দূৰ নহয় ৷"

উল্লেখ্য যে, বহুজন সমাজ পাৰ্টিৰ সাংসদ দানিশ আলীৰ বিৰুদ্ধে ৰমেশ বিধুৰীয়ে কৰা আপত্তিজনক মন্তব্যই বিৰোধী দলসমূহৰ মাজত ক্ষোভৰ সৃষ্টি কৰিছে, বিজেপি সাংসদগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে সকলোৱে । অধ্যক্ষই এই বিষয়ত তদন্ত নকৰিলে সাংসদ পদ ত্যাগ কৰাৰ হুংকাৰ প্ৰদান কৰিছে আলীয়ে ।

ইফালে, শনিবাৰে বিজেপিৰ সাংসদ নিশিকান্ত ডুবেই বিষয়টোৰ ক্ষেত্ৰত স্পষ্টীকৰণ আগবঢ়ায় ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নীচ বুলি সম্বোধন কৰাৰ বাবেহে বিজেপি সাংসদ ৰমেশ বিধুৰীয়ে তেনে ব্যৱহাৰ কৰা বুলি কয় ডুবেই ৷

ইয়াৰ পূৰ্বে শুকুৰবাৰে কংগ্ৰেছ, এন চি পি, টি এম চি আৰু ডি এম কেৰ নেতাসকলে ওম বিৰলালৈ পত্ৰ লিখি বিজেপি নেতাগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি সংসদীয় বিশেষাধিকাৰ সমিতিলৈ প্ৰেৰণ কৰিবলৈ দাবী জনায় । শনিবাৰে কংগ্ৰেছ নেতা ছলমান খুৰশ্বিদে কয় যে বিজেপিয়ে অতি কম সময়ৰ ভিতৰতে আনক নিলম্বন কৰে যদিও এই বিষয়ত তেওঁলোকে সময় লৈছে ।

লগতে পঢ়ক: Owaisi challenges Rahul: লোকসভা নিৰ্বাচনত হায়দৰাবাদৰ পৰা অৱতীৰ্ণ হ’বলৈ ৰাহুল গান্ধীক প্ৰত্যাহ্বান ওৱেইছিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.