ETV Bharat / bharat

5000 KM Cycling in 100 days: ১০০ দিনত ৫০০০ কিলোমিটাৰ, ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত খোদিত কৰিলে নাম

author img

By ETV Bharat Assamese Team

Published : Nov 9, 2023, 1:48 PM IST

5000 KM Cycling in 100 days
কৰ্ণাটকৰ গুৰুমূৰ্তি মাতৰংগীমাথ

বয়স মাথোঁ এটা সংখ্যাহে ! এই কথা পুনৰবাৰ প্ৰতিপন্ন কৰিলে কৰ্ণাটকৰ গুৰুমূৰ্তি মাতৰংগীমাথে ৷ চাইকেল চলাই এতিয়া নৱপ্ৰজন্মৰ বাবে আদৰ্শ হৈ পৰিছে গুৰুমূৰ্তি ৷ ইণ্ডিয়া বুক অৱ ৰেকৰ্ডতো নিজৰ নাম সন্নিবিষ্ট কৰিছে ৬৩ বছৰীয়া গুৰুমূৰ্তি মাতৰংগীমাথে ৷

নিউজ ডেস্ক, ৯ নৱেম্বৰ: আপুনি যদি জীৱনত ডাঙৰ কিবা এটা লাভ কৰিব বিচাৰে, তেন্তে বয়স মাথোঁ এটা সংখ্যাহে ৷ এই কথাকে পুনৰবাৰ প্ৰতিপন্ন কৰিলে কৰ্ণাটকৰ এজন বয়োজ্যেষ্ঠ ব্যক্তিয়ে ৷ পেছাত চাৰ্টাৰ্ড একাউণ্টেণ্ট কৰ্ণাটকৰ হুবলীৰ গুৰুমূৰ্তি মাতৰংগীমাথে চাইকেল চলোৱাত সফলতা অৰ্জন কৰি নৱপ্ৰজন্মৰ বাবে আদৰ্শ হৈ পৰিছে ৷ তেওঁ ৬৩ বছৰ বয়সত ৫,০০০ কিলোমিটাৰ চাইকেল চলাই ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছে ।

গুৰুমূৰ্তিয়ে ১১ মে’ৰ পৰা ১৮ মে’লৈকে ১০০ দিন দৈনিক ৫০ কিলোমিটাৰ চাইকেল চলাই মুঠ ৫০০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছিল । তেওঁ প্ৰতিদিনে পুৱা ৪ বজাৰ পৰা নিশা ৮ বজালৈ চাইকেলেৰে ৫০ কিলোমিটাৰ অতিক্ৰম কৰিছিল । এই কৃতিত্ব অৰ্জন কৰাৰ পিচত তেওঁৰ নাম ইণ্ডিয়া বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত লিপিবদ্ধ হোৱাত তেওঁ আনন্দ প্ৰকাশ কৰে । ইয়াৰ পূৰ্বে ২০২০-২১ আৰু ২০২১-২২ চনত হুবলী চাইকেল ক্লাবৰ পৰাও তেওঁ বহু বঁটা লাভ কৰিছিল । তেওঁ হুবলী চাইকেল ক্লাবৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰি আহিছে ।

চাইকেল চলোৱাৰ বাছনিৰ আঁৰৰ কাৰণ: চাৰ্টাৰ্ড একাউণ্টেণ্ট গুৰুমূৰ্তি মাত্ৰংগীমাথে খেলৰ প্ৰতি আগ্ৰহী আছিল ৷ তেওঁ ক্ৰিকেট, ভলীবল, ফুটবল, টেনিছকে ধৰি বিভিন্ন খেল খেলিছিল ৷ কিন্তু ৬০ বছৰ বয়সত তেওঁৰ ফুট কৰ্ণ (Foot corn) হয় আৰু খোজকঢ়াতো তেওঁ অসুবিধাৰ সন্মুখীন হয় । এনে সময়ত তেওঁ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু কাৰ্যকলাপ কৰাৰ কথা চিন্তা কৰে ।

এনে সময়তে তেওঁ নিজৰ বাসগৃহৰ ওচৰত এজন চাইকেল আৰোহীক লক্ষ্য কৰি চাইকেল চলোৱাৰ প্ৰতি আগ্ৰহী হয় ৷ গুৰুমূৰ্তিয়ে চাইকেল চলোৱাটো স্বাস্থ্যৰ বাবে উপযোগী হোৱাৰ লগতে পৰিৱেশৰ বাবে ভাল বুলি বিবেচনা কৰি চাইকেল চলোৱা আৰম্ভ কৰে । তেতিয়াৰ পৰা আৰম্ভ হোৱা এই কাৰ্যৰ ফলত তেওঁ এই বয়সত ৫০০০ কিলোমিটাৰ অতিক্ৰম কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছৰ নিজৰ নাম সন্নিবিষ্ট কৰাত সহায় কৰে ৷

যুৱ প্ৰজন্মলৈ এটা বাৰ্তা: বৰ্তমান যুৱ প্ৰজন্ম মটৰ গাড়ীৰ প্ৰতি আকৰ্ষিত হৈছে ৷ মটৰ গাড়ীয়ে পৰিৱেশ প্ৰদূষণ কৰাৰ লগতে স্বাস্থ্যজনিত সমস্যাৰো সৃষ্টি কৰে । গুৰুমূৰ্তিয়ে যুৱক-যুৱতীসকলৰ মাজত এই বিষয়ে সজাগতা সৃষ্টিৰ লগতে চাইকেল চলোৱাৰ দিশত প্ৰেৰণা যোগোৱাৰ কাম কৰি আহিছে । গুৰুমূৰ্তিৰ এই কৃতিত্ব এতিয়া শ শ যুৱকক অনুপ্ৰাণিত হৈ চাইকেল চলোৱাৰ প্ৰতি আকৰ্ষিত হৈছে ।

চাইকেল ক্লাবৰ সদস্য সুব্ৰমণ্যই গুৰুমূৰ্তিৰ এই কৃতিত্বত সন্তোষ ব্যক্ত কৰে ৷ তেওঁ কয়, গুৰুমূৰ্তিৰ এই কৃতিত্ব বৰ্তমানৰ নৱপ্ৰজন্মৰ বাবে এক আদৰ্শ হৈ পৰিছে । এই কৃতিত্ব সহজ নহয় । ধাৰাবাহিকভাৱে পুৱা ৪ বজাৰ পৰা ১০০ দিনলৈ ৫০ কিলোমিটাৰ চাইকেল চলোৱাটো এক বৃহৎ সফলতা । এয়া তেওঁৰ কঠোৰ পৰিশ্ৰমৰ ফল । গুৰুমূৰ্তিয়ে হাবলীৰ ৰাইজক চাইকেল চলাবলৈ উৎসাহিত কৰিছে, গতিকে টেণ্ডাৰ শ্বুৰ ৰোডৰ নাম গুৰুমূৰ্তি ৰোড বুলি দিয়াই ভাল বুলি সুব্ৰমণ্যই আশা ব্যক্ত কৰে ।

লগতে পঢ়ক: Sleeper bus catches fire: দিল্লী-গুৰুগ্ৰাম এক্সপ্ৰেছৱেত ভয়ংকৰ অগ্নিকাণ্ড; ২ জন নিহত, ১২ জন আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.