ETV Bharat / bharat

আগৰতলা পৌৰ নিগমৰ গুৰুত্বপূৰ্ণ পদক্ষেপ: শ্মশানৰ উন্নয়নত গুৰুত্ব আৰোপ

author img

By

Published : May 9, 2022, 2:12 PM IST

আগৰতলা পৌৰ নিগম(Agartala Municipal Corporation)ৰ মেয়ৰ দীপক মজুমদাৰে সোমবাৰে পৰিদৰ্শন কৰে আগৰতলা চহৰৰ শ্মশান ক্ষেত্ৰ । মেয়ৰ দীপক মজুমদাৰে শ্মশান ক্ষেত্ৰৰ পৰিদৰ্শন কৰি ইয়াৰ উন্নয়নৰ ব্যৱস্থা কৰাৰ ঘোষণা কৰে(AMC decides to upgrade crematorium) ।

Agartala Municipal Corporation to develop all crematorium grounds
আগৰতলা পৌৰ নিগমৰ গুৰুত্বপূৰ্ণ পদক্ষেপ: শ্মশানৰ উন্নয়ণত গুৰুত্ব আৰোপ

আগৰতলা,৯ মে': আগৰতলা পৌৰ নিগম(Agartala Municipal Corporation)ৰ মেয়ৰ দীপক মজুমদাৰে সোমবাৰে জনাই যে আগৰতলা পৌৰ নিগমে চহৰখনৰ সকলো শ্মশানক্ষেত্ৰ বিকশিত কৰাৰ সিদ্ধান্ত লৈছে(AMC decides to upgrade crematorium) । বাঁওপন্থীৰ শাসনকালত বহু অভিযোগ থকাৰ পাছতো আগৰতলা চহৰৰ উপকন্ঠ ইন্দ্ৰনগৰ শ্মশানৰ কোনো সলনি হোৱা নাছিল । বৰ্তমান আগৰতলা পৌৰ নিগমে সলনি কৰিবলৈ প্ৰচেষ্টা চলাই আছে বুলি উল্লেখ কৰে মেয়ৰগৰাকীয়ে ।

সোমবাৰে মেয়ৰগৰাকীয়ে আয়ুক্ত শৈলেন কুমাৰ যাদৱ আৰু অন্যান্য বিষয়াসকলৰ সৈতে আগৰতলা পৌৰ নিগমৰ ১০ নম্বৰৱাৰ্ডৰ অধীনৰ ইন্দ্ৰনগৰ শ্মশান পৰিদৰ্শন কৰে । সকলোবোৰ পৰীক্ষা কৰাৰ পাছত মেয়ৰ দীপক মজুমদাৰে সমস্যাসমূহৰ বুজ ল'বলৈ স্থানীয় লোকসকলৰ সৈতে বাৰ্তালাপ কৰে । ইয়াৰ পাছতেই তেঁও উল্লেখ কৰে যে নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি মৰ্মে চহৰখন পৰিস্কাৰ আৰু যান-জঁটৰ পৰা মুক্ত কৰাৰ লগতে বজাৰ আৰু শ্মশানৰ বিকাশ কৰা হ'ব ।

মেয়ৰ দীপক মজুমদাৰে উল্লেখ কৰা অনুসৰি বৰ্তমান ৰয়েল শ্মশান, বাটলা শ্মশান আৰু কৱৰস্থানসমূহ পৰীক্ষা কৰি থকা হৈছে । তেঁও কয় যে এই শ্মশানসমূহ ২৫ বছৰ ধৰি পুনৰ নিৰ্মাণ কৰা হোৱা নাই । কিন্তু বহুটো মানুহৰ আবেগ ইয়াৰ সৈতে জড়িত হৈ আছে । গতিকে সকলোৰে সৈতে আলোচনা কৰি শ্মশানৰ সংস্কাৰৰ বাবে পদক্ষেপ লোৱা হৈছে বুলি মন্তব্য কৰে মজুমদাৰে ।

শ্মশানৰ বিকাশ কিদৰে কৰিব সেই সন্দৰ্ভত মজুমদাৰে জনাই যে শ্মশানসমূহত ষ্ট্ৰীট লাইট, খোৱাপানীৰ সুবিধা আৰু দেৱালৰ কাম কৰা হ'ব । লগতে কেইবাটাও চিৰি নিৰ্মাণ কৰা হ'ব ।

নিগমে চাহিদা অনুসৰি কাম কৰি সকলো শ্মশানতে গেছ ফাৰ্নেচ স্থাপন কৰিব বুলি উল্লেখ কৰি মেয়ৰ গৰাকীয়ে সকলোৰে সহায় সহযোগিতা কামনা কৰে । লগতে তেঁও উল্লেখ কৰে যে এই সকলো উন্নয়ন কৰিবলৈ কিছু সময়ৰ প্ৰয়োজন হ'ব যদিও এখন গেছ ফাৰ্নেচ(Art gas furnace) স্থাপনৰ কাম অতি শীঘ্ৰেই আৰম্ভ কৰিব ।

লগতে পঢ়ক: ডিলাইত ১৫ কোটি টকা মূল্যৰ সন্দেহযুক্ত হেৰ'ইন জব্দ: আটক 2

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.