ETV Bharat / bharat

আফগানিস্তান সংকট : সোমবাৰে ভিন ভিন বিমানেৰে দিল্লীত উপস্থিত 146 গৰাকী ভাৰতীয়

author img

By

Published : Aug 23, 2021, 1:54 PM IST

সোমবাৰে ভিন ভিন বিমানেৰে আফগানিস্তানত আৱদ্ধ 146 গৰাকী ভাৰতীয় লোক দিল্লীত উপস্থিত হয় ৷ ইয়াৰ ভিতৰত কেইবাখনো বিমান অন্য দেশৰ পৰাও ভাৰতলৈ আহিছে ৷

Afghanistan crisis 146 passengers reached Delhi by different planes
আফগানিস্তান সংকট : সোমবাৰে ভিন ভিন বিমানেৰে দিল্লীত উপস্থিত 146 গৰাকী ভাৰতীয়

নেশ্যনেল ডেস্ক, 23 আগষ্ট : আফগানিস্তানত আৱদ্ধ হৈ থকা ভাৰতীয় লোকসকলক উদ্ধাৰৰ বাবে যুদ্ধস্তৰত প্ৰচেষ্টা অব্যাহত ৰাখিছে ভাৰতে ৷ সোমবাৰে ভিন ভিন বিমানত 146 গৰাকী লোকক দিল্লীলৈ অনা হয় ৷ ইয়াৰ ভিতৰত কেইবাখনো বিমান অন্য দেশৰ পৰাও ভাৰতলৈ আহিছে ৷ এই লোকসকলক আমেৰিকাৰ লগতে অন্য ৰাষ্ট্ৰৰ দ্বাৰা উদ্ধাৰ কৰা হৈছে ৷

ভাৰতত উপস্থিত হৈ সুনীল নামৰ এগৰাকী যাত্ৰীয়ে কয়, "আমি 14 আগষ্টত ওলাইছিলো ৷ মাৰ্কিন দূতাবাসৰ বিমানেৰে আমাক কাটাৰলৈ নিয়া হৈছিল ৷ তাত আমি সেনাৰ শিবিৰত আছিলো ৷ মাৰ্কিন দূতাবাসে ভাৰতীয় দূতাবাসৰ সৈতে কথা পাতে আৰু তাৰ পিছতে আমাক ভাৰতলৈ লৈ অনা হয় ৷"

উল্লেখ্য যে, দেওবাৰৰ দিনটোত মুঠ 392 গৰাকী ভাৰতীয় লোকক স্বদেশলৈ ওভটাই অনা হয় ৷ ইয়াৰ ভিতৰত 168 গৰাকী যাত্ৰী হিণ্ডন বায়ুসেনা ঘাটিত নামে ৷ তেওঁলোকৰ ভিতৰত 107 গৰাকী ভাৰতীয় নাগৰিক আছিল আৰু 23 গৰাকী আফগানৰ হিন্দু আৰু শিখ সম্প্ৰদায়ৰ লোক আছিল ৷

লগতে পঢ়ক : তালিবানে অপহৰণ কৰা লোকসকলৰ অধিকাংশই ভাৰতীয়

আনহাতে, কাটাৰস্থিত ভাৰতীয় দূতাবাসে জানিবলৈ দিয়া অনুসৰি 135 গৰাকী ভাৰতীয় লোকক বিগত কিছুদিনত কাবুলৰ পৰা কাটাৰলৈ প্ৰেৰণ কৰা হৈছে ৷ ইয়াৰ পূৰ্বে ভাৰতীয় বায়ুসেনাৰ C-17 বিমানেৰে কাবুলস্থিত ভাৰতীয় দূতৰ লগতে দূতাবাসৰ বিষয়া-কৰ্মচাৰীৰ সৈতে প্ৰায় 200 গৰাকী লোকক ভাৰতলৈ ওভতাই আনিছিল ৷

উল্লেখ্য যে, যোৱা 15 আগষ্টত আফগানিস্তানৰ ৰাজধানী কাবুলক তালিবানে নিজৰ দখললৈ অনাৰ লগে লগেই দেশখনৰ নাগৰিকসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় ৷ আফগানিস্তানৰ ৰাষ্ট্ৰপতি আশ্বৰফ ঘানীয়ে দেশ এৰি পলায়ন কৰাৰ পিছতে দেশখনৰত আন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰস্তুতি চলাইছে তালিবানে ৷ আফগান নাগৰিকসকলে দেশ এৰি পলায়নৰ বাবে বিমান বন্দৰত হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে ৷

তালিবানৰ শাসনকালত পূৰ্বৰ দৰে মহিলাসকলৰ ভৱিষ্যত পুনৰ অন্ধকাৰৰ দিশে গতি কৰিব বুলি সকলো শংকিত হৈ পৰিছে ৷ কিন্তু তালিবানে আশ্বাস দিছে যে, তেওঁলোকে মহিলাৰ স্বাধীনতাক সন্মান প্ৰদৰ্শন কৰিব ৷ ইয়াৰ উপৰিও তালিবানী চৰকাৰৰ অংশ হ’বলৈ দেশখনৰ মহিলাসকলক আহ্বান জনাইছে তালিবানে ৷

লগতে পঢ়ক : 330 গৰাকী ভাৰতীয়ৰ আফগানিস্তানৰ পৰা সুৰক্ষিতভাৱে দেশলৈ প্ৰত্যাৱৰ্তন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.