ETV Bharat / bharat

Yoga for heart health: হৃদযন্ত্ৰক সুস্থ কৰি ৰাখিবৰ বাবে দৈনিক কৰক এইসমূহ যোগাসন

author img

By

Published : Dec 28, 2022, 2:03 PM IST

যোগে নমনীয়তা আৰু শৰীৰৰ সন্তুলন বজাই ৰখাত সহায় কৰে । কিন্তু আপুনি জানেনে যে যোগাসনে হৃদযন্ত্ৰৰ স্বাস্থ্যও বৃদ্ধি কৰিব পাৰে ? সবিশেষ পঢ়ক...

Adding yoga to regular exercise may boost heart health
হৃদযন্ত্ৰক সুস্থ কৰি ৰাখিবৰ বাবে দৈনিক কৰক এইসমূহ যোগাসন

যোগ হৈছে এক প্ৰাচীন অভ্যাস, য’ত ধাৰাবাহিকভাৱে বিভিন্ন ভংগীমাক ধৰি ৰখা আৰু গতি কৰাটো জড়িত হৈ থাকে । ইয়াত শৰীৰৰ নমনীয়তা আৰু শক্তি বজাই ৰখাৰ ওপৰত গুৰুত্ব দিয়া হয় আৰু মনক শান্ত কৰাত সহায়ক(Yoga for heart health) ৷ যোগ বা ধ্যান শ্বাস-প্ৰশ্বাসৰ উন্নত কৰিবৰ বাবে অতি উপকাৰী । কিন্তু আপুনি জানেনে যে যোগাসনে হৃদযন্ত্ৰৰ স্বাস্থ্যও বৃদ্ধি কৰিব পাৰে হয়, যোগাসন কেৱল আমাৰ মনক শান্ত কৰা বা সুস্বাস্থ্যৰ বাবেই নহয় ই হৃদযন্ত্ৰক সুস্থ কৰি ৰখাৰ বাবেও উপকাৰী(yoga heart benefits) ৷

১) হৃদযন্ত্ৰক সুস্থ কৰি ৰাখিবলৈ পুৱা-গধুলি ত্ৰিশ-চল্লিশ মিনিট সময় খোজ কাঢ়িব পৰাটো ভাল অভ্যাস । নহ’লে ১০-১৬ মিনিট প্ৰণায়াম কৰিব পাৰিলে ভাল(yoga for heart pain)।

২) সুস্থ হৃদযন্ত্ৰৰ বাবে নিয়মিত যোগাসন, প্ৰাণায়াম, ধ্যান কমেও ৪০ মিনিটৰ পৰা ১ ঘণ্টালৈকে কৰিব পাৰিলে উত্তম(yoga for heart blockage)।

৩) পৱনমুক্তাসন, কুম্ভীৰাসন, টাডাসন, পদহস্তাসন, যোগমুদ্ৰা, উষ্টাসন, সহজ অগ্নিসাৰ, সহজ প্ৰাণায়াম, নাড়ী শোধন, প্ৰাণায়াম, খুব লাহে লাহে কপালভাতি প্ৰাণায়াম, শৱাসন, নেতিক্ৰিয়া আদি হৃদযন্ত্ৰ সুস্থ ৰখাৰ বাবে প্ৰয়োজনীয় ব্যায়াম(Adding yoga to regular exercise may boost heart health)।

৪) প্ৰতিদিনে শৱাসন বা যোগনিদ্ৰা ১৫-২০ মিনিটকৈ দিনত দুবাৰ অভ্যাস কৰিব পাৰিলে ভাল ।

৫) শৰীৰত অতিৰিক্ত চৰ্বি জমা হ’লে হৃদযন্ত্ৰৰ সংযোগী স্নায়ুবিলাকতো এই চৰ্বি জমা হয় আৰু তাৰ ফলত হৃদযন্ত্ৰৰ স্বাভাৱিক স্পন্দনত ব্যাঘাত হয়। সেয়েহে যোগাভ্যাসৰ দ্বাৰা চৰ্বি জমা হোৱাত বাধা আৰোপ কৰিব পাৰি ।

৬) অত্যধিক মাত্ৰাত চাহ, কফি খালে আৰু ধপাঁত, চিগাৰেট, সুৰা, আফিং আদি মাদক দ্ৰব্য সেৱনৰ ফলতো স্নায়ু, গ্ৰন্থি, ধমনী, সিৰা দুৰ্বল আৰু অৱশ হয় । ফলত হৃদযন্ত্ৰৰ স্বাস্থ্য নষ্ট হয় ।

৭) যোগৰ অন্যতম অংগ ষট কৰ্মৰ ভিতৰত নেতি সহজবস্তি, ত্ৰাটক আদিৰ দ্বাৰাই শৰীৰৰ বিজাতীয় পদাৰ্থবোৰ নিয়মিত বাহিৰ কৰিব লাগে ।

৮) হৃদযন্ত্ৰ দুৰ্বল ব্যক্তিয়ে একেলগে বেছিকৈ পানী খাব নালাগে । পানী কম কমকৈ বাৰে বাৰে খাব লাগে । মাজে মাজে পানীৰ লগত নেমুৰ ৰস মিহলাই খাব পাৰিলে ভাল । দিনত এবাৰ পানী বা গাখীৰৰ লগত এচামুচ মৌ মিহলাই খালে হৃদযন্ত্ৰৰ বাবে ভাল ।

৯) নিশাৰ আহাৰ ৮-৯ বজাৰ ভিতৰত খোৱা উচিত । শাক-পাচলি ,ফল-মুল , সুষম খাদ্য গ্ৰহণ কৰিবলৈ যত্নৱান হ’ব লাগে । কেলচিয়াম, ছ’ডিয়াম, লৱন, ফলৰ ৰস, গ্লুকোজ হৃদযন্ত্ৰৰ বাবে বিশেষ সহায়ক। সৰু মাছ, ভুচি আটা, গজালি ওলোৱা মগু, আঁহযুক্ত খাদ্য ল’ব পাৰিলে হৃদযন্ত্ৰৰ অসুবিধা সহজে নাহে ।

১০) দিন-ৰাতি একাকাৰ কৰি কাম কৰিব নালাগে । সময়মতে আহাৰ গ্ৰহণৰ ব্যৱস্থা ৰাখিব লাগে ।

১১) সপ্তাহত এদিন নিত্য দৈনন্দিনৰ কামৰ পৰা আঁতৰত থাকি মনোৰঞ্জনেৰে দিনটো পাৰ কৰিব পাৰিলে ভাল ।

১২) খং, ৰাগ, ঈৰ্ষা, অহংকাৰ, ভয়, শংকা, দুশ্চিন্তা, অত্যধিক চিন্তা আদি মনলৈ আহিবলৈ দিব নালাগে ।

১৩) নিশাৰ টোপনো ৮-৯ ঘণ্টা ভালদৰে হোৱাৰ বাবে যত্নপৰ হোৱাটো হৃদয়ৰ পক্ষে সহায়ক ।

১৪) আনক শৰীৰ আৰু মনক কষ্ট দিয়া কামৰ পৰা আঁতৰত থাকিব পাৰিলে ভাল ।

লগতে পঢ়ক: Healthy Kidney: এইকেইটা পদ্ধতিৰে সুস্থ কৰি ৰাখক আপোনাৰ বৃক্ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.