ETV Bharat / bharat

Nari Shakti Vandan Adhiniyam : নাৰী সংৰক্ষণ বিধেয়কৰ চৰ্তক লৈ অসন্তুষ্ট আম আদমি পাৰ্টী

author img

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 5:28 PM IST

কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে সদনত নতুন নাৰী সংৰক্ষণ বিধেয়ক উত্থাপন কৰে । এই বিধেয়কখনক লৈ আপত্তি দৰ্শাইছে আম আদমি পাৰ্টীয়ে । ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ বাবে মহিলাৰ কোনো সংৰক্ষণ নাথাকিব বুলিও আপে অভিযোগ কৰিছে ।

Nari Shakti Vandan Adhiniyam
নাৰী সংৰক্ষণ বিধেয়কৰ চৰ্তক লৈ অসন্তুষ্ট আম আদমি পাৰ্টী

নেশ্যনেল ডেস্ক,১৯ ছেপ্টেম্বৰ : নতুন সংসদ ভৱনৰ প্ৰথম দিনটোতে কেন্দ্ৰই লোকসভাত উত্থাপন কৰে নাৰী সংৰক্ষণ বিধেয়ক । এই বিধেয়কক লৈ ৰাজনৈতিক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিভিন্ন দলে এই বিধেয়কখন সমৰ্থন কৰিছে যদিও আম আদমি পাৰ্টীয়ে এই বিধেয়কখনক লৈ আপত্তি দৰ্শাইছে । ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডাই কয় যে, চৰকাৰে নাৰী সংৰক্ষণ আনিব, কিন্তু তাৰিখ নকয় । সংসদত উত্থাপন কৰা বিধেয়কখনত উল্লেখ কৰা চৰ্তসমূহৰ দ্বাৰা এটা কথা স্পষ্ট যে ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত কোনো মহিলা সংৰক্ষণৰ কথা নাহে ।

  • महिला आरक्षण लाएंगे पर तारीख नहीं बताएंगे....

    As per Clause 5 of the #WomenReservationBill, the reservation will kick in only AFTER a delimitation exercise and a fresh census - post the Constitution (One Hundred and Twenty Eighth Amendment) Act, 2023.

    Does this imply:

    1⃣ No… pic.twitter.com/B7diAtif9n

    — Raghav Chadha (@raghav_chadha) September 19, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

আপে দাবী কৰিছে যে নাৰী সংৰক্ষণ কোনো পলম নকৰাকৈ তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰিব লাগে । সাংসদ ৰাঘৱ চাড্ডাই কয় যে নাৰী সংৰক্ষণ বিধেয়কৰ ধাৰা ৫ অনুসৰি, সীমা নিৰ্ধাৰণ আৰু নতুন লোকপিয়লৰ পাছতহে সংৰক্ষণৰ পদক্ষেপ লোৱা হ'ব । ইয়াৰ অৰ্থ হৈছে যে ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ বাবে মহিলাৰ কোনো সংৰক্ষণ নাথাকিব । দেশ আৰু মহিলাসকলে নাৰী সংৰক্ষণৰ বাবে নতুনকৈ লোকপিয়ল আৰু সীমা নিৰ্ধাৰণৰ বাবে অপেক্ষা কৰিব লাগিব ।

আম আদমি পাৰ্টীয়ে এই বিধেয়কক "মহিলাক মূৰ্খ বনোৱা বিধেয়ক" বুলি অভিহিত কৰে । ইফালে দলটোৱে বিধেয়কখনত কৰা সীমাবদ্ধতা আৰু লোকপিয়ল অনুষ্ঠিত কৰাৰ পাছত আসন সংৰক্ষণৰ ব্যৱস্থাৰ বিৰোধিতা কৰে । ২০২৪ চনৰ নিৰ্বাচনৰ ঠিক পূৰ্বে সংৰক্ষণৰ দাবী জনাই আপে বিধেয়কখনত সংশোধনৰ দাবী জনায় ।

ইফালে নাৰী সংৰক্ষণ বিধেয়কৰ প্ৰক্ৰিয়া দীৰ্ঘদিন ধৰি চলি আছিল । এই বিধেয়কখন বিভিন্ন কাৰণত অমীমাংসিত আছিল । সকলো ৰাজনৈতিক দলৰ নেতাই সংসদত নাৰীৰ প্ৰতিনিধিত্ব বৃদ্ধি কৰিবলৈ সন্মত হৈছিল । কিন্তু সংৰক্ষণ সম্পৰ্কে কিছু পাৰ্থক্যৰ বাবে এই বিধেয়কখন গৃহীত কৰিব পৰা নগ'ল । গণেশ চতুৰ্থী উপলক্ষে সংসদৰ বিশেষ অধিবেশনত নতুন সংসদ ভৱনত প্ৰথম দিনাই বিধেয়কখন উত্থাপন কৰা হয় । এই বিধেয়কখনক লৈ বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে তেওঁলোকৰ মতামত দিছে । আম আদমি পাৰ্টীয়ে বিধেয়কখনত উল্লেখ কৰা চৰ্তসমূহৰ ওপৰত আপত্তি দৰ্শাইছে ।

নাৰী সংৰক্ষণ সম্পৰ্কে আটাইতকৈ ডাঙৰ সিদ্ধান্তটো ৰাজীৱ গান্ধী চৰকাৰে লৈছিল । তেওঁ ১৯৮৯ চনত পঞ্চায়তী ৰাজ আৰু সকলো পৌৰসভাত এক-তৃতীয়াংশ সংৰক্ষণ প্ৰদানৰ বাবে সংবিধান সংশোধনী বিধেয়ক উত্থাপন কৰিছিল । অৱশ্যে, সেই বিধেয়কখন ৰাজ্যসভাত গৃহীত নহ'ল ।

লগতে পঢ়ক :Nari Shakti Vandan Adhiniyam : নাৰী সংৰক্ষণ বিধেয়ক উত্থাপনৰ পাছতে লোকসভা ২০ ছেপ্টেম্বৰলৈ স্থগিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.