ETV Bharat / bharat

CBI summons to Kejriwal: কেজৰিৱালক চিবিআইৰ চমনৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ উত্তাল প্ৰতিবাদ

author img

By

Published : Apr 16, 2023, 8:42 PM IST

CBI summons to Kejriwal
মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ উত্তাল প্ৰতিবাদ

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক চিবিআইয়ে চমন জাৰি কৰাৰ পিচতে দেওবাৰে আপৰ নেতা কৰ্মীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে (CM Bhagwant Mann stage protests across Delhi) ৷ এতিয়ালৈ চহৰজুৰি প্ৰায় ১,৫০০ প্ৰতিবাদীক লোকক আৰক্ষীয়ে আটক কৰিছে বুলি সদৰী কৰে আপ দিল্লীৰ আহ্বায়ক গোপাল ৰায়ে (AAP Delhi convener Gopal Rai Press meet) ৷

নেশ্যনেল ডেস্ক, 16 এপ্ৰিল: দিল্লীৰ সুৰা কেলেংকাৰীত ইজনৰ পিচত সিজনকৈ আপৰ নেতা (Delhi CM Kejriwal excise policy case) ৷ দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ চিছোডিয়াৰ পিচতেই এইবাৰ চিআইডিয়ে চমন জাৰি কৰিছে আপৰ দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱাললৈ (CBI summons to Kejriwal) ৷ ইয়াৰ পিচতে আজি চিআইডিৰ কাৰ্যালয়ত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী ৷

ইয়াৰ পিচতে আবকাৰী নীতিৰ গোচৰৰ সন্দৰ্ভত দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক জেৰা কৰি থকাৰ সময়তে চিবিআইৰ বিৰুদ্ধে দেওবাৰে দিল্লীত ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে আম আদমী পাৰ্টীয়ে (CM Bhagwant Mann stage protests across Delhi)। পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ নেতৃত্বত (AAP leaders led by CM Bhagwant Mann) দিল্লীৰ মন্ত্ৰী সৌৰভ ভৰদ্বাজ, আতিশী আৰু কৈলাশ গহলৌতকে ধৰি আন কেইবাজনো শীৰ্ষ আপ মন্ত্ৰী আৰু নেতা আৰু ৰাজ্যসভাৰ সাংসদ সন্দীপ পাঠক, ৰাঘৱ চাদ্দা আৰু সঞ্জয় সিঙে ফেডাৰেল সংস্থাৰ মুখ্য কাৰ্যালয়ৰ ওচৰত সমবেত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে শ্ল'গান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে (Protest against CBI for summoning Delhi CM) ৷

ইফালে, আপ দিল্লীৰ আহ্বায়ক গোপাল ৰায়ে এখন সংবাদমেল (AAP Delhi convener Gopal Rai Press meet) অনুষ্ঠিত কৰি দাবী উত্থাপন কৰে যে, প্ৰায় ১,৫০০ লোকক আৰক্ষীয়ে আটক কৰিছে ৷ আনহাতে, মুখ্যমন্ত্ৰীক চিবিআইৰ চমনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে সমগ্ৰ ৰাষ্ট্ৰীয় ৰাজধানীত কেইবাজনো বিধায়ক আৰু কাউন্সিলাৰক "গ্ৰেপ্তাৰ" কৰা হৈছে ।

তেওঁ লগতে কয় যে, "কেন্দ্ৰীয় চৰকাৰে কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ ষড়যন্ত্ৰ কৰিছে । আজি চহৰজুৰি চিবিআইৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে (people who came out in support of Arvind Kejriwal)। ফলত আৰক্ষীয়ে চহৰখনত কটকটীয়া নিৰাপত্তা ব্যৱস্থা মোতায়েন কৰাৰ লগতে অৰবিন্দ কেজৰিৱালৰ সমৰ্থনত ওলাই অহা বহু লোকক আটক কৰে ৷

এতিয়ালৈ দিল্লীৰ ৩২ জন বিধায়ক আৰু ৭০ জন কাউঞ্চিলৰক গ্ৰেপ্তাৰ কৰা হৈছে আৰু দিল্লী সীমান্তত ২০ জন পঞ্জাৱ আপ বিধায়কক গ্ৰেপ্তাৰ কৰা হৈছে । ইফালে সঞ্জীৱ ঝা, কুলদীপ কুমাৰ, প্ৰবীণ কুমাৰ, জাৰ্ণেল সিং, ৰিতুৰাজ ঝা, নৰেশ যাদৱ, গুলাব সিং যাদৱ, সোমনাথ ভাৰতী, গিৰীশ চোনি, আমানতুল্লা খান আৰু শিৱ চৰণ গোৱেলকে ধৰি নেতাসকলক দিল্লীত গ্ৰেপ্তাৰ কৰা হৈছিল ।"

মেহৰৌলীৰ এমপি ৰোডত, আইআইটি ফ্লাইঅভাৰৰ তলত আৰু আইটিঅ'ৰ সমীপত দলৰ নেতা আৰু কৰ্মীসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ ফলত যান-বাহন চলাচল ব্যাহত হৈছিল । ইতিমধ্যে দিল্লীৰ বিভিন্ন স্থানত বেৰিকেড স্থাপন কৰা হৈছে । প্ৰতিবাদস্থলীৰ পৰা মেহৰৌলীৰ বিধায়ক নৰেশ যাদৱ, ছত্ৰপুৰৰ বিধায়ক কৰতাৰ সিং তানৱাৰ, বিজৱাচানৰ বিধায়ক ভূপিন্দৰ সিং জুন আৰু ওখলাৰ বিধায়ক আমানতুল্লা খানকে ধৰি আপ নেতাসকলক আৰক্ষীয়ে আটক কৰিছে ।

ইফালে আই আই টি ফ্লাইঅ’ভাৰৰ অধীনত প্ৰতিবাদৰ নেতৃত্ব দি থকা দলৰ বিধায়ক সোমনাথ ভাৰতীয়ে অভিযোগ উত্থাপন কৰি কয় যে, কেন্দ্ৰই "চিবিআইৰ অপব্যৱহাৰ" কৰিছে আৰু দেশৰ উন্নয়নৰ বাবে কাম কৰা এজন নেতাক "ভয় খুৱাবলৈ চেষ্টা" কৰিছে । কেন্দ্ৰই যিকোনো কাম কৰিব পাৰে আৰু যিকোনো লোকক গ্ৰেপ্তাৰ কৰিব পাৰে । কেন্দ্ৰই গণতন্ত্ৰ ধ্বংস কৰিছে আৰু ক্ষমতাৰ অপব্যৱহাৰ কৰিছে । প্ৰথমবাৰৰ বাবে যে চিবিআইয়ে এজন মুখ্যমন্ত্ৰীক সোধা পোছাৰ বাবে মাতি লৈ গৈছে । আমাৰ নেতাসকলৰ বিৰুদ্ধে তেওঁলোকৰ কোনো প্ৰমাণ নাই ৷

লগতে পঢ়ক: YS Vivekananda Reddy murder case : সাংসদ অবিনাশ ৰেড্ডীৰ পিতৃক গ্ৰেপ্তাৰ চিবিআইৰ

আনহাতে চিবিআইৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত অৰ্ধসামৰিক বাহিনীকে ধৰি ১,০০০ তকৈও অধিক নিৰাপত্তা কৰ্মী মোতায়েন কৰা হৈছে আৰু চাৰিজনতকৈ অধিক লোকৰ সমাৱেশ যাতে নহয় তাৰ বাবে অঞ্চলটোত চিআৰপিচিৰ ১৪৪ ধাৰাও জাৰি কৰা হৈছে বুলি আৰক্ষী বিষয়াসকলে কয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.