ETV Bharat / bharat

Road accident in JKs Kathua: জম্মু কাশ্মীৰত শোকাৱহ পথ দুৰ্ঘটনাত নিহত ৫ গৰাকী যাত্ৰী

author img

By

Published : Jan 21, 2023, 11:10 AM IST

5 killed 15 injured in road accident in JKs Kathua
জম্মু কাশ্মীৰৰ পথ দুৰ্ঘটনাত ৫ জন নিহত

জম্মু কাশ্মীৰৰ কাঠুৱা জিলাত অঘটন ৷ পথৰ কেঁকুৰিত নিয়ন্ত্ৰণ হেৰুৱাই এখন বাছ দ খাৱৈত বাগৰি পৰাত 5 গৰাকী যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে 15 গৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হৈছে (Road accident in JKs Kathua)৷

নেশ্যনেল ডেস্ক, 21 জানুৱাৰী: জম্মু কাশ্মীৰৰ কাঠুৱা জিলাত শুকুৰবাৰে সন্ধিয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় (Road accident in JKs Kathua) ৷ ঘটনাৰ বিৱৰণী অনুসৰি কাঠুৱাৰ বিলাৱাৰ অঞ্চলৰ চিলা গাঁৱত এখন মিনি বাছে নিয়ন্ত্ৰণ হেৰুৱাই এটা গভীৰ খাৱৈত বাগৰি পৰে ৷ বাছখনৰ চালকজনে পথৰ কেঁকুৰিটো পাৰ হ’বলৈ লোৱাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে ৷

বাছখন মণ্ডলীগাঁৱৰ পৰা ধনু পেৰোল গাঁৱলৈ গৈ থকাৰ সময়তে দুৰ্ঘটনাত পতিত হয় ৷ এই ভয়াৱহ দুৰ্ঘটনাটোত থিতাতে পাঁচগৰাকী যাত্ৰী মৃত্যুমুখত পৰে (Many killed in Road accident) ৷ লগতে আন 15 গৰাকী যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় (Many injured in road accident) ৷ ইয়াৰে এজন লোক চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যুমুখত পৰে বুলি জানিব পৰা গৈছে ৷ নিহত লোককেইজন বান্টু, হংস ৰাজ, অজিৎ সিং, অমৰু আৰু কাকু ৰাম বুলি চিনাক্ত কৰা হৈছে ।

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আহত যাত্ৰীকেইগৰাকীক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰিছে ৷ ইতিমধ্যে আৰক্ষীয়ে বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে (Police investigation the matter)।

লগতে পঢ়ক: Operation Kurukshetra in Guwahati: যান-বাহনৰ কৰ পৰিশোধ নকৰিলে 1 ফেব্ৰুৱাৰীৰ পৰা ভৰিব লাগিব বৃহৎ জৰিমনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.