Operation Kurukshetra in Guwahati: যান-বাহনৰ কৰ পৰিশোধ নকৰিলে 1 ফেব্ৰুৱাৰীৰ পৰা ভৰিব লাগিব বৃহৎ জৰিমনা

author img

By

Published : Jan 20, 2023, 9:25 PM IST

Etv Bharat

যান-বাহনৰ নথি-পত্ৰ নৱীকৰণ নকৰা আৰু যাৱতীয় কৰ পৰিশোধ নকৰাৰ গৰাকীৰ বিৰুদ্ধে পৰিবহন বিভাগে 1 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰিব অপাৰেশ্যন কুৰুক্ষেত্ৰ ৷ নীতিবৰ্হিভূত ভাৱে ৰাজপথত চলি থকা বাহনৰগৰাকীক বিহা হ’ব বৃহৎ পৰিমাণৰ জৰিমনা ৷ 31 জানুৱাৰীৰ ভিতৰত বাহনৰ গৰাকীক যাৱতীয় কাম-কাজ সম্পূৰ্ণ কৰাৰ নিৰ্দেশ পৰিবহন বিভাগৰ ৷

নিউজ ডেস্ক, 20 জানুৱাৰী: 1 ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীত পৰিবহন বিভাগে পুনৰ আৰম্ভ কৰিব অপাৰেশ্যন কুৰুক্ষেত্ৰ(Operation Kurukshetra) ৷ উল্লেখ্য যে,2022 বৰ্ষৰ ডিচেম্বৰ মাহতো নিয়ম উলংঘা কৰা যান-বাহনৰ বিৰুদ্ধে পৰিবহন বিভাগে চলাইছিল অপাৰেশ্যেন কুৰুক্ষেত্ৰ(Assam Transport Department) ৷ 31 জানুৱাৰীৰ ভিতৰত যান-বাহনৰ নথি-পত্ৰ নৱীকৰণ আৰু যাৱতীয় কৰ পৰিশোধ নকৰে তেন্তে ভৰিব লাগিব বৃহৎ জৰিমনা ৷

অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তুলি ৰাজপথত সকলো সময়তে সুৰক্ষিত যাতায়ত বাহাল ৰাখিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই(CM Himanta Biswa Sarma) দিয়া নিৰ্দেশনাৰ ভিত্তিত পৰিবহন বিভাগে প্ৰায় নিয়মীয়াকৈ ৰাজহুৱা ঘোষণা, সজাগতা অনুষ্ঠান আদিৰ জড়িয়তে সৰ্বস্তৰৰ ৰাইজৰ মাজত জনসচেতনতা সৃষ্টিৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ এনেক্ষেত্ৰতো বহু যান-বাহনৰ গৰাকীয়ে আজিও নথিপত্ৰ নৱীকৰণ নকৰাৰ লগতে যাৱতীয় কৰ আদায় নিদিয়াকৈ সম্পূৰ্ণ নীতিবৰ্হিভূত ভাৱে যানবাহন চলাই সুৰক্ষিত যাতায়তত ব্যাঘাত জন্মোৱা কাৰ্যই সকলোকে হতচকিত কৰিছে ৷

সেয়ে এনে বাহনৰ বিৰুদ্ধে আগন্তুক 1 ফেব্ৰুৱাৰীৰ পৰা পৰিবহণ বিভাগে তীব্ৰতৰ কৰি তুলিব ‘অভিযান কুৰুক্ষেত্ৰ’ ৷ এই সন্দৰ্ভত বিভাগৰ এক উচ্চস্তৰীয় দল সাজু কৰি ‘অভিযান কুৰুক্ষেত্ৰ’ আৰম্ভ কৰিব বুলি সদৰী কৰি সহকাৰী পৰিবহন আয়ুক্ত তথা কামৰূপ মহানগৰ জিলাৰ দায়িত্ববাহী পৰিবহন বিষয়া গৌতম দাসে(DTO Gautam Das) কয়, ‘‘আগন্তুক 31 জানুৱাৰীৰ আগতে সকলোৱে যানবাহনৰ যাৱতীয় নথিপত্ৰ নৱীকৰণ কৰক, লগতে যান-বাহনৰ যাৱতীয় কৰ-কাটলসমূহ আদায় দিয়ক৷ কিয়নো ৰাজপথৰ সুৰক্ষিত যাতায়াতৰ প্ৰথম আৰু প্ৰধান চৰ্তটোৱেই হৈছে নথিপত্ৰসমূহ নৱীকৰণ কৰি বাহনখন বৈধ কৰি ৰখা ৷’’

লগতে তেওঁ কয়, ‘‘যান-বাহনৰ কৰ-কাটল সময়মতে আদায় দি নথি-পত্ৰসমূহ নৱীকৰণ কৰি নাৰাখিলে বাহনখন কেতিয়াও বৈধ বুলিব নোৱাৰি, অবৈধভাৱে কোনো বাহনেই পথত চলা উচিত নহয় ৷ পৰিবহণ বিভাগে কোনো অবৈধ বাহনকে কেতিয়াও পথত চলিবলৈ নিদিয়ে ।’’

উল্লেখ্য যে, অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তুলি সকলোৰে বাবে সুৰক্ষিত যাতায়ত ব্যৱস্থা বাহাল ৰখাৰ স্বাৰ্থত বিভিন্ন বিভাগৰ সহযোগত পৰিবহন বিভাগে প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ ইমানৰ পিচতো এই গুৰুত্বপূৰ্ণ বিষয়টো আওকাণ কৰি বিনাদ্বিধাই যানবাহন চলাই অনাকাংক্ষিত দুৰ্যোগ, দুৰ্ঘটনা মাতি অনা যানবাহনৰ গৰাকীক ন্যায়ৰ যুঁজত অৱতীৰ্ণ কৰিবলৈকে পৰিবহণ বিভাগে ‘অভিযান কুৰুক্ষেত্ৰ’ তীব্ৰতৰ কৰিব(Mission Kurukshetra in Guwahati) ।

উল্লেখ্য যে, যান-বাহনৰ নথি-পত্ৰসমূহ বৈধ কৰি ৰখা বাহনৰ গৰাকীৰ প্ৰতি সন্মান জনাই ৰাজপথৰ ন্যায়-অন্যায়ৰ যুঁজত অন্যায়ভাৱে চলি থকা যান-বাহন ধৰা পৰিলেই বৃহৎ পৰিমানৰ জৰিমনা বিহাৰ উপৰিও গাড়ীখন জব্দ আৰু প্ৰয়োজন সাপেক্ষে অনুজ্ঞাপত্ৰ বাতিল হ’ব পাৰে বুলিও সহকাৰী পৰিবহণ আয়ুক্তগৰাকীয়ে সংবাদমাধ্যমৰ আগত সদৰী কৰে ৷

লগতে পঢ়ক: 1951 or 1971: ভিত্তিবৰ্ষ সন্দৰ্ভত চৰকাৰ-আছুৰ ভূমিকাক তীক্ষ্ণ সমালোচনা উপমন্যু হাজৰিকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.