ETV Bharat / bharat

সমগ্ৰ দেশতে স্থাপন কৰা হ'ব 420 খন ই-হাস্পতাল

author img

By

Published : Feb 10, 2021, 1:02 PM IST

সমগ্ৰ দেশতে স্থাপন কৰা হ'ব 420 খন ই-হাস্পাতাল
সমগ্ৰ দেশতে স্থাপন কৰা হ'ব 420 খন ই-হাস্পাতাল

কেন্দ্ৰীয় চৰকাৰৰ ডিজিটেল ইণ্ডিয়াৰ অংশ হিচাপে সমগ্ৰ দেশতে 420 খন ই-হাস্পতাল স্থাপন কৰা হ'ব বুলি বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে ঘোষণা কৰে ৷

নেশ্যনেল ডেস্ক, 10ফেব্ৰুৱাৰী: বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে ঘোষণা কৰে যে, সমগ্ৰ দেশতে কেন্দ্ৰীয় চৰকাৰৰ ডিজিটেল ইণ্ডিয়াৰ অংশ হিচাপে 420 খন ই-হাস্পতাল স্থাপন কৰা হ'ব ৷ যাৰ জৰিয়তে দেশৰ নাগৰিক সকলে যিকোনো স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ বিষয়ে আলোচনা কৰাৰ লগতে দেশৰ আগশাৰীৰ চিকিৎসালয় সমূহত চিকিৎসাৰ বাবে নাম পঞ্জীয়ন কৰিব পাৰিব ৷

উল্লেখ্য যে, মন্ত্ৰী গৰাকীয়ে লগতে কয় যে, এতিয়াৰে পৰা ৰোগী সকলে দীঘলীয়া শাৰী পাতি চিকিৎসকৰ বাবে অপেক্ষা কৰিব নালাগে ৷ ই-হাস্পতালৰ জৰিয়তে ৰোগী, চিকিৎসালয় আৰু চিকিৎসকসকলকে পোনপোটীয়াকৈ সংযোগ স্থাপন কৰিব পাৰিব ৷

লগতে পঢ়ক: হিছাৰত হাৰিয়ানা আৰক্ষীৰ অভিযানত জব্দ ৫২৭ কেজি "ড'ডা পোষ্ট"

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.