ETV Bharat / bharat

30,000 words in 21 hours : শ্ৰীকৃষ্ণৰ এগৰাকী ভক্তৰ বিশ্ব অভিলেখ

author img

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 3:07 PM IST

30,000 words in 21 hours
শ্ৰীকৃষ্ণৰ এগৰাকী ভক্তৰ বিশ্ব অভিলেখ

ভগৱান শ্ৰীকৃষ্ণৰ ভক্ত বুলি দাবী কৰা ৰিয়া ৰাঘানীয়ে ২১ ঘণ্টাত লিখি উলিয়ালে এখন গ্ৰন্থ । ৩০ হাজাৰতকৈও অধিক শব্দৰ গ্ৰন্থখন লিখি হাৰ্ভাৰ্ড ৱৰ্ল্ড ৰেকৰ্ডত নাম সন্নিৱিষ্ট কৰিলে ৰিয়াই । ৰিয়াৰ কৰ্মৰাজি আৰু ভগৱানৰ প্ৰতি থকা বিশ্বাসক লৈ গৌৰৱান্বিত আজমিৰবাসী ।

শ্ৰীকৃষ্ণৰ এগৰাকী ভক্তৰ বিশ্ব অভিলেখ

নেশ্যনেল ডেস্ক,১ ছেপ্টেম্বৰ : সমাগত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী । তাৰ প্ৰাকক্ষণত এগৰাকী মহিলাই বিশেষ চৰ্চা লাভ কৰিছে । আজমিৰ চহৰৰ ৰিয়া ৰাঘানী নামৰ মহিলাগৰাকীয়ে বিশ্ব অভিলেখ গঢ়ি সকলোৰে প্ৰশংসাৰ পাত্ৰ হৈছে । ৰিয়াই ২১ ঘণ্টাত এখন গ্ৰন্থ লিখি এই অভিলেখ সৃষ্টি কৰিছে । তেওঁৰ নাম হাৰ্ভাৰ্ড ৱৰ্ল্ড ৰেকৰ্ডত লিপিবদ্ধ হৈছে । ৰিয়াই আধ্যাত্মিক শক্তি শীৰ্ষক গ্ৰন্থখনত মাত্ৰ ২১ ঘণ্টাত ৩০ হাজাৰতকৈও অধিক শব্দ লিখিছে আৰু ইয়াক এটা কবিতাৰ ৰূপ দিছে । ৰিয়াৰ সফলতাই আজমিৰৰ নাম বিশ্ব দৰৱাৰত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে ।

একে সময়তে, ৰিয়াই তেওঁৰ সফলতাৰ কৃতিত্ব তেওঁৰ স্বামী, পৰিয়াল, গুৰু আৰু কিছুমান বন্ধুবৰ্গক দিছে । ৰিয়াই দাবী কৰা মতে তেওঁ শ্ৰীকৃষ্ণৰ একান্ত ভক্ত আৰু তেওঁ বিশ্বাস কৰে যে সাংসাৰিক সুখ ক্ষন্তেকীয়া, কিন্তু আধ্যাত্মিকতাৰ সুখে তেওঁ অনুভৱ কৰা আনন্দ দিব পাৰে যিটো তেওঁ গ্ৰন্থখনতো লিখিছে ।

আজমিৰৰ পঞ্চশীল অঞ্চলৰ কৰ্ণী নগৰত বাস কৰা ৰিয়া ৰাঘানীয়ে ব্যতিক্ৰমী কিবা এটা কৰাৰ মানসেৰে লিখা কাম আৰম্ভ কৰে । ৰিয়াৰ পিতৃ আৰু স্বামী পৰিয়াল ব্যৱসায়ৰ লগত জড়িত । সৰুৰে পৰা ৰিয়াই ব্যৱসায় দেখিছে আৰু কম বয়সতে পঢ়া-শুনাৰ লগতে ব্যৱসায়ো কৰিছে । ১৮ বছৰ বয়সত ৰিয়াই তেওঁৰ পচন্দৰ যুৱকজনৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল । শহুৰেকৰ ঘৰতো এক ব্যৱসায়ৰ পৰিৱেশ দেখিছে । ৰিয়া ৰাঘানীয়ে কয় যে শৈশৱতে চুবুৰীয়া এজনক কৃষ্ণ ভক্তি কৰা দেখি তেওঁ প্ৰভাৱিত হৈছিল । বিয়াৰ পাছত ঘৰত শাহুৱেকৰ ভক্তিয়ে তেওঁৰ জীৱনত গভীৰ প্ৰভাৱ পেলাইছিল । ব্যৱসায়ত জড়িত হোৱাৰ পাছত তেওঁ প্ৰশিক্ষক হিচাপে দেশৰ বহুতো ৰাজ্যলৈ যোৱাৰ সুযোগ পাইছিল । সেই সময়ত তেওঁ বৃন্দাবনৰ ইস্কন মন্দিৰৰ সৈতে জড়িত হৈ পৰিছিল ।

ৰিয়াই কোৱা মতে ৮ বছৰ ধৰি তেওঁ প্ৰতি মাহে বৃন্দাবনৰ ইস্কন মন্দিৰ দৰ্শন কৰি আহিছে । ৰিয়াই কয় যে তাত আধ্যাত্মিক সুখৰ অনুভৱ আছে আৰু নতুন কিবা এটা কৰাৰ অনুপ্ৰেৰণাও তেওঁৰ মনলৈ তাৰ পৰাই আহিছিল । ৰিয়া হিচাপে তেওঁ কিবা লিখাৰ কথা চিন্তা কৰিছিল । যেতিয়া তেওঁ গুৰুজীৰ সৈতে ইস্কনত কথা পাতিছিল গুৰুৱে তেওঁক কৃষ্ণ ভক্তি সম্পৰ্কীয় কিছুমান গ্ৰন্থ পঢ়িবলৈ দিছিল । গ্ৰন্থৰ বেছিভাগেই সংস্কৃতত আছিল । তেওঁ কেতিয়াও সংস্কৃত ভাষা জনা নাছিল । গুৰুজীয়ে তেওঁক সেইবোৰ পঢ়িবলৈ আৰু মনত ৰাখি পুৱালৈ তেওঁলোকক ক'বলৈ কৈছিল । ৰিয়াই কোনোমতে সেইবোৰ পঢ়িছিল আৰু মনত ৰাখিবলৈ চেষ্টা কৰিছিল । কিন্তু তেওঁ আচৰিত হৈছিল যে সেইবোৰ মুখস্থ কৰিবলৈ সক্ষম হৈছিল । তাত তেওঁ ঈশ্বৰৰ শক্তি অনুভৱ কৰে ।

ৰিয়া ৰাঘানীয়ে লগতে কয় যে ভাগৱত গীতা পঢ়াৰ পাছত তেওঁ এখন গ্ৰন্থ লিখিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল । তেওঁ প্ৰথম গ্ৰন্থ 'জিত ১৮ অধ্যায় এণ্ড মে অ'ৰ মেৰে কৃষ্ণ' লিখিছে । ইয়াৰ উপৰিও, তেওঁৰ মেৰো বৃন্দাবন নামৰ গ্ৰন্থখনো সোনকালেই প্ৰকাশিত কৰিবলৈ গৈ আছে । তেওঁ কয় যে তেওঁ এতিয়া জীৱনৰ সকলো সুখ বিচাৰি পাইছে । তেওঁ নিজকে ভাগ্যৱান বুলিও ভাবে আৰু সকলোকে কয় যে তেওঁ ভগৱান কৃষ্ণৰ এক বিশেষ সন্তান ।

ৰিয়াই কয় যে তেওঁ ২১ জুলাইৰ সন্ধিয়া ৬.২১ বজাত গোৱৰ্ধন পৰিক্ৰমা মাৰ্গৰ ৰাধা কৃষ্ণ কুণ্ডৰ মাজত গোৱৰ্ধন মন্দিৰত লিখিবলৈ আৰম্ভ কৰিছিল, যি পিছদিনা সন্ধিয়াৰ ভিতৰত সম্পূৰ্ণ হৈছিল । এই লিখনিৰ মাজত বহুতো আধ্যাত্মিক অভিজ্ঞতা আছিল । এনে লাগিছিল যেন কোনোবাই তেওঁক লিখিবলৈ এটা এটাকৈ অধ্যায় কৈ গৈছে । তেওঁৰ গ্ৰন্থ এখন লিখাৰ শক্তি নাই, এয়া তেওঁৰ ওপৰত কেৱল কৃষ্ণৰ অসীম অনুগ্ৰহ বুলিও তেওঁ অনুভৱ কৰে ।

তেওঁ কয় যে লিখিবলৈ তেওঁক ২৪ ঘণ্টা ৩০ মিনিট সময় লাগিছিল । কিন্তু হাৰ্ভাৰ্ড দলটোৱে মাত্ৰ ২১ ঘণ্টাতে সন্মত হৈছিল । প্ৰতি ঘণ্টাত, হাৰ্ভাৰ্ড দলটোৱে ইনষ্টাগ্ৰামত লাইভৰ জৰিয়তে নিৰীক্ষণ কৰি আছিল । ইয়াৰ উপৰিও, নিৰন্তৰভাৱে লিখি থকাৰ ভিডিঅ' ৰেকৰ্ডিঙো কৰা হৈছিল । তেওঁ কয় যে লিখাৰ পূৰ্বে হাৰ্ভাৰ্ড ৱৰ্ল্ড ৰেকৰ্ড কোম্পানীৰ ৱেবছাইটত ৰেকৰ্ডৰ বাবে পঞ্জীয়ন কৰা হৈছিল । তাৰ পাছত, তেওঁ অনুসূচী অনুসৰি লিখাৰ কাম কৰিছিল ।

ৰিয়াই কয় যে লিখাৰ কাম কেতিয়া সম্পূৰ্ণ হৈছিল তেওঁ নাজানে । লিখা শেষ কৰাৰ পাছতো তেওঁ নিজেই নাজানিছিল যে তেওঁ কি লিখিছিল । ৰিয়াই কয় যে আজিও যেতিয়া তেওঁ সেই প্ৰবন্ধটো পঢ়ে, শৰীৰতো শিহৰিত হয় । ৰিয়াই কয় যে শীঘ্ৰে তেওঁ ইয়াক প্ৰকাশ কৰিব ।

লগতে পঢ়ক :One Nation One Election : এক দেশ এক নিৰ্বাচনৰ পৰিকল্পনা; ৰামনাথ কোবিন্দৰ নেতৃত্বত সমিতি গঠন কেন্দ্ৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.