ETV Bharat / bharat

Trains on same track: ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল দুখনকৈ ৰেল

author img

By

Published : Dec 31, 2022, 6:19 PM IST

Trains on same track
ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল দুখলকৈ ৰেল

এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা শনিবাৰে পুৱা কথমপি ৰক্ষা পৰে দুখন ৰেলগাড়ী ৷ চালকৰ দক্ষতা আৰু তৎপৰতাত প্ৰাণৰক্ষা পৰে সহস্ৰাধিক যাত্ৰীৰ ৷ মুখামুখি সংঘৰ্ষৰ পৰা ৰক্ষা পৰে দুখনলৈ ৰেল(Trains on same track) ৷

নিউজ ডেস্ক, 31 ডিচেম্বৰ: এক শোকাবহ ঘটনাৰ পৰা শনিবাৰে পুৱা কথমপি ৰক্ষা পৰে সহস্ৰাধিক ৰেলযাত্ৰী ৷ উত্তৰ প্ৰদেশৰ ৰিচিয়া ৰেল ষ্টেচনৰ সমীপৰ ৰেলৱে ট্ৰেকত দুখন ৰেল মুখামুখি সংঘৰ্ষৰ পৰা কথমপি ৰক্ষা পৰে ৷ ইয়াকে লৈ ৰিচিয়া ৰেল ষ্টেচনত এক উত্তেজনাময় তথা বিশৃংখল পৰিস্থিতৰ সৃষ্টি হয় ৷ একমাত্ৰ চালকৰ দক্ষতা আৰু তৎপৰতাত প্ৰাণৰক্ষা পৰে সহস্ৰাধিক যাত্ৰীৰ ৷

তথ্য অনুসৰি, শনিবাৰে পুৱা 8:24 বজাত ৰিচিয়া ৰেল ষ্টেচনৰ বাহৰাইচলৈ যাবলগীয়া 05360 নম্বৰৰ ৰেলগাড়ীখন 3 নম্বৰ ট্ৰেকত ৰখোৱা হৈছিল । সেই সময়তে বাহৰাইচৰ আপ ট্ৰেইন 05361কো তিনি নম্বৰ ট্ৰেকত ৰখাবলৈ দিয়া হয় । ৰিচিয়া ৰেল ষ্টেচনৰ বাহৰাইচলৈ যাবলগীয়া ট্ৰেইনখনৰ চালকে বাহৰাইচৰ পৰা অহা ট্ৰেইনখনক একেটা ট্ৰেকত অহা প্ৰত্যক্ষ কৰে(Trains came on same track in UP) ৷

বাহৰাইচলৈ যাবলগীয়া ট্ৰেইনখনৰ চালকজনে লগে লগে ইঞ্জিনৰ লাইট অন কৰি ফ্লেগখন হাতত লৈ বাহৰাইচৰ পৰা আহি থকা ৰেলখনৰ ফালে দৌৰি আগবাঢ়ি যায়(Two trains on one track) । চালকজনক প্ৰত্যক্ষ কৰি বিপৰীত দিশৰ পৰা আহি থকা ৰেলখনৰ চালকজনে লগে লগে ৰেলখন ৰখাই দিয়ে ।

লগতে পঢ়ক : Sela Pass Tunnel : নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ দিশে এছিয়াৰ সৰ্বোচ্চ উচ্চতাৰ চেলা সুৰংগ

ইফালে একেটা ট্ৰেকতে বিপৰীত দিশৰ পৰা ৰেলখন আহি থকা প্ৰত্যক্ষ কৰি ষ্টেচনৰ যাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি হৈছিল । বহুতো যাত্ৰীয়ে ৰেলৰ পৰা ওলাই দৌৰি সেই স্থান ত্যাগ কৰিবলৈও আৰম্ভ কৰিছিল । ইয়াৰ পাছত ষ্টেচনটোত থকা ৰেল গাড়ীবোৰ প্ৰায় ডেৰ ঘন্টা একেটা স্থানতে ৰখাই থোৱা হয় ৷

ইয়াৰ পাছতেই ৰিচিয়া ৰেল ষ্টেচনত এক বিশৃংখল পৰিবেশৰ সৃষ্টি হয় ৷ দুয়োখন ৰেলৰ চালক আৰু ষ্টেচন অধীক্ষকে তেওঁলোকৰ মেমো লিখি দেখুৱাইছিল । ইয়াৰ পিছত, বাহৰাইচৰ পৰা অহা ট্ৰেইনখনক ঘূৰাই এক নম্বৰ ট্ৰেকলৈ লৈ যোৱা হয় ৷ প্ৰায় 2 ঘন্টাৰ পাছত ষ্টেচনটোত পুনৰ ৰেল চলাচল সুচল হয় ৷ একমাত্ৰ চালকৰ তৎপৰতাত এক ডাঙৰ দুৰ্ঘটনাৰ পৰা আজি ৰক্ষা পৰে ৰিচিয়া ৰেল ষ্টেচন ৷ ইফালে ৰেলৱে কৰ্মচাৰীসকলৰ অৱহেলাক লৈ যাত্ৰীসকলে অসন্তুষ্টি প্ৰকাশ কৰে(Uttar Pradesh train accident) ।

লগতে পঢ়ক : Covid infection in Assam: অসমত প্ৰথম পালি ভেকচিন লোৱা ২৭ লাখে লোকেই লোৱা নাই দ্বিতীয় পালি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.