খোৱাঙৰ চাহ বাগিচাত চিকিৎসাৰ অভাৱত শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

🎬 Watch Now: Feature Video

thumbnail
খোৱাঙৰ চাহ বাগিচাত চিকিৎসাৰ অভাৱত শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : May 22, 2026 at 7:40 PM IST

2 Min Read
Choose ETV Bharat

ডিব্ৰুগড়: চৰকাৰে চাহ বাগিচাৰ শ্ৰমিক ৰাইজৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ ৰঙীন বিজ্ঞাপন দিয়াৰ সময়তে চাহ বাগিচাত চিকিৎসাৰ অভাৱত শিশুৰ মৃত্যু হোৱা ঘটনা সংঘটিত হৈছে । ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ অন্তৰ্গত খোৱাঙৰ হালমাৰী চাহ বাগিচাত চিকিৎসকৰ অভাৱত শিশুৰ মৃত্যু হোৱাৰ এক ঘটনা সংঘটিত হৈছে ।  

হালমাৰী চাহ বাগিচাৰ প্ৰজা লাইনৰ পবিত্ৰ মাঝি নামৰ লোকজনৰ এটি পুত্ৰ সন্তান যোৱা ১৯ মে’ তাৰিখে জন্ম হৈছিল । কিন্তু বৃহস্পতিবাৰে হঠাৎ শিশুটি অসুস্থ হোৱাত স্থানীয় হালমাৰী চাহ বাগিচা চিকিৎসালয়লৈ নিয়া হয় । চিকিৎসালয়খনত বহু সময় ৰাখি থোৱাৰ পিছতো শিশুটিক চিকিৎসকে কোনোধৰণৰ চিকিৎসা নকৰাৰ অভিযোগ । পাছত তিলৈ সামূহিক চিকিৎসালয়লৈ শিশুটি লৈ যায় যদিও তাতেই শিশুটিৰ মৃত্যু হয় ।  

ইফালে ইয়াৰ পিছতে শুকুৰবাৰে চিকিৎসালয়খনত ভুক্তভোগী পৰিয়াল আৰু স্থানীয় লোকসকল উপস্থিত হৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । ঘটনাৰ বুজ ল'বলৈ সাংবাদিক উপস্থিত হোৱাৰ পিছতে চিকিৎসালয় এৰি পলায়ন কৰে বিষয়া-কৰ্মচাৰীসকল ।  

আশ্চৰ্যজনক কথাটো হ'ল যে চিকিৎসালয়খনত চিকিৎসকৰ সলনি কম্পাউণ্ডাৰে ৰোগীক চোৱা-চিতা কৰি ঔষধ প্ৰদান কৰে । ৰাইজৰ দাবী, চিকিৎসালয়খনত চিকিৎসাৰ ব্যৱস্থা উন্নত কৰাৰ লগতে শিশুৰ মৃত্যুৰ ঘটনাৰ উচিত তদন্ত হ'ব লাগে । এই ঘটনাক লৈ বাগিচা কৰ্তৃপক্ষই বিষয়টো গাপ দিবলৈ চেষ্টা কৰি কাৰ্যালয়ৰ পৰাই আঁতৰি যায় ।  

ঘটনা সন্দৰ্ভত মৃত শিশুটিৰ পিতৃয়ে কয়, "আশা বাইদেউৱে কোৱা বাবে চিকিৎসালয়লৈ আনিছিলোঁ । কিন্তু চিকিৎসকে শিশুটোক চুই নাচালে । মই স্থায়ী কৰ্মচাৰী হয় নহয়, সেইবিলাক সুধি আছিল। খোৱাং আৰু তিলৈ চিকিৎসালয়লৈ লৈ যাবলৈ কোৱাত তিলৈ চিকিৎসালয়লৈ লৈ যাওঁ, তাতে মৃত্যু হয় । জন্ম হোৱা তিনিদিন হৈছিল । শিশুটোক এবাৰো চিকিৎসকে চুই নাচালে ।"

লগতে পঢ়ক :কলংকিত 'লাচিত'এ ঘৰতে ৰাখিছিল টকা গণা মেচিন ! সোণেই ওলাল আধা কিলো, টকা ওলাল ৪৮ লাখ