কলংকিত 'লাচিত'এ ঘৰতে ৰাখিছিল টকা গণা মেচিন ! সোণেই ওলাল আধা কিলো, টকা ওলাল ৪৮ লাখ
ভূমিলেখ্য অধিকর্তা হিচাপে কৰ্মৰত লাচিত কুমাৰ দাসে ৪৫ হেজাৰ টকা উৎকোচ লোৱাৰ সময়তে অসম আৰক্ষীৰ তদাৰকী আৰু দুর্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছিল ।

Published : May 22, 2026 at 6:20 PM IST
গুৱাহাটী: মাটি ক্ৰয়ৰ আপত্তিবিহীন প্ৰমাণ-পত্ৰৰ নামত উৎকোচ লৈ গ্ৰেপ্তাৰ উচ্চপদস্থ চৰকাৰী বিষয়া লাচিত কুমাৰ দাস । গুৱাহাটীৰ ৰূপনগৰস্থিত ভূমিলেখ্য সঞ্চালকালয়ৰ অতিৰিক্ত ভূমিলেখ্য অধিকর্তা হিচাপে কৰ্মৰত এইগৰাকী দুর্নীতিপৰায়ণ বিষয়াই এগৰাকী আবেদনকাৰীৰ পৰা মাটি ক্ৰয়ৰ আপত্তিবিহীন প্রমাণ-পত্ৰৰ নামত ৪৫ হেজাৰ টকা উৎকোচ লওঁতে দুর্নীতি নিবাৰক শাখাৰ জালত পৰে ।
অভিযোগকাৰী তথা মাটি ক্ৰেতাৰ পৰা লাচিত কুমাৰ দাসে ধনদাবী কৰিছিল । সেইসূত্রে বৃহস্পতিবাৰে তেওঁ ৪৫ হেজাৰ টকা উৎকোচ লোৱাৰ সময়তে অসম আৰক্ষীৰ তদাৰকী আৰু দুর্নীতি নিবাৰক শাখাই তেওঁক গ্ৰেপ্তাৰ কৰে । এই কথা শুকুৰবাৰে সংবাদমেলযোগে সদৰী কৰে দুৰ্নীতি নিবাৰক শাখাৰ সঞ্চালক সুৰেন্দ্ৰ কুমাৰে ।
সংবাদমেলত তেওঁ কয়, "অসম চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি আছে । মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশ আছে যে যদি দুৰ্নীতিৰ কিবা অভিযোগ আহে, কৰ্মচাৰীয়ে হওক বা যিকোনো পৰ্যায়ৰ বিষয়াৰ বিৰুদ্ধে আইন মতে ব্যৱস্থা ল'ব লাগে । আমি অভিযোগ আহিলে ব্যৱস্থা লৈ আছোঁ । এটা অভিযোগ পাইছিলোঁ যে জ্যেষ্ঠ এচিএছ বিষয়া লাচিত কুমাৰ দাসে অভিযোগকাৰীৰ পৰা ১ লাখ টকা উৎকোচ বিচাৰিছিল । অভিযোগকাৰীয়ে মাটি কিনিব ওলাইছিল । তেওঁ হিন্দু সম্প্ৰদায়ৰ আৰু বিক্ৰেতাজন আছিল মুছলমান সম্প্ৰদায়ৰ । তাৰ বাবে আপত্তিবিহীন প্ৰমাণ-পত্ৰৰ বাবে লাচিত কুমাৰ দাসে ১ লাখ টকা উৎকোচ বিচাৰিছিল ।"
তেওঁ লগতে কয়, "দাসক অভিযোগকাৰীয়ে আৰ্থিক অৱস্থা ভাল নহয় বাবে ধন দিবলৈ নোৱাৰিম বুলি কৈছিল । তেতিয়া লাচিত কুমাৰ দাসে ৫০ হাজাৰ টকা বিচাৰিছিল । কালি অভিযোগকাৰীয়ে ৪৫ হাজাৰ টকা দিয়াৰ সময়ত দুৰ্নীতি নিবাৰক শাখাই লাচিত কুমাৰ দাসক হাতে-লোটে ধৰা পেলায় । দুৰ্নীতি নিবাৰক শাখাত ১৯/২৬ নম্বৰত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে ।"
আনহাতে, লাচিত দাসৰ ঘৰত অভিযান চলাই জব্দ কৰা ধন-সম্পত্তিৰ পৰিমাণ সন্দৰ্ভত তেওঁ কয়, "তেওঁক গ্ৰেপ্তাৰ কৰাৰ পিছতেই বেলতলাৰ ঘৰত অভিযান চলোৱা হৈছিল । দিনৰ ২ বজাৰ পৰা নিশা ডেৰ বজালৈ প্ৰায় ১২ ঘণ্টা অভিযান চলোৱা হৈছিল । এই অভিযানত বহু নথিপত্ৰৰ লগতে বেডৰূমৰ আলমাৰীৰ লকাৰৰ পৰা ৪৮,৩৮,১৫০ টকা নগদ ধন জব্দ কৰোঁ । তদুপৰি প্ৰায় ৪৮৩ গ্ৰাম সোণৰ অলংকাৰ উপৰি সম্পত্তিৰ নথিপত্ৰ, জীৱন বীমা, বেংকৰ পাচবুকৰ লগতে অন্যান্য নথিপত্ৰ জব্দ কৰিছোঁ ।"
তেওঁ লগতে কয়, "ঘৰত চলোৱা অভিযানত ৯ টা বেংক ফিক্সড ডিপ'জিটৰ ৮০ লাখ টকাৰ ৰিচিপ্ট জব্দ কৰা হয় । তদুপৰি পৰিয়ালৰ নামত বহু স্থানত সম্পত্তি আছে, তাৰ তথ্য পোৱা গৈছে । তাৰ ওপৰত তদন্ত অব্যাহত আছে । তেওঁৰ সম্পত্তি, একাউণ্ট, ইনভেষ্টমেণ্ট সকলো তদন্ত কৰা হ'ব । আয়তকৈ বেছি সম্পত্তিৰ বাবে তেওঁৰ বিৰুদ্ধে আন এটা গোচৰ ৰুজু কৰা হ'ব ।"
উল্লেখ্য যে এইগৰাকী দুৰ্নীতিৰ সদাগৰে সোঁৱে-বাঁৱে ঘটা টকা গণিবলৈ নিজৰ ঘৰতে টকা গণা মেচিনো ৰাখিছিল বুলি জানিব পৰা গৈছে । আনহাতে, চৰকাৰী পদবীৰ অপপ্ৰয়োগ কৰি তেওঁ সম্পত্তিৰ পাহাৰ গঢ়ি তোলাৰো অভিযোগ উঠিছে । এতিয়া আৰক্ষীৰ তদন্ত আগবাঢ়ি যোৱাৰ লগে লগে হয়তো পোহৰলৈ আহিব তেওঁৰ এই ক'লা সাম্ৰাজ্যৰ পৰিসৰ কিমানলৈ বিস্তৃত হৈ আছে ।

