কনভয়ৰ খুন্দাত আহত সাংবাদিকৰ খবৰ ল'বলৈ নাহিল মন্ত্ৰী

🎬 Watch Now: Feature Video

thumbnail
কনভয়ৰ খুন্দাত আহত সাংবাদিকৰ খবৰ ল'বলৈ নাহিল মন্ত্ৰী (ETV Bharat)

By ETV Bharat Assamese Team

Published : August 7, 2026 at 4:02 PM IST

2 Min Read
Choose ETV Bharat

শিৱসাগৰ : শিৱসাগৰৰ অভিভাৱক মন্ত্ৰী বিমল বড়াৰ কনভয়ে শেহতীয়াকৈ মহিলা সাংবাদিক ববিতা ভৰালীক খুন্দিয়াই আহত কৰিছিল । শিৱসাগৰৰ সাংবাদিকগৰাকী এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় । হাত আৰু ভৰিৰ লগতে শৰীৰৰ বিভিন্ন স্থানত আঘাত পোৱা সাংবাদিকগৰাকীৰ বৰ্তমানো চিকিৎসা চলি আছে । 

কিন্তু এই ঘটনাৰ এসপ্তাহ উকলি যোৱাৰ পিছতো সাংবাদিকগৰাকীৰ এটা খবৰ লোৱাৰ সময় নহ'ল মন্ত্ৰী বিমল বড়াৰ । তেওঁ প্ৰতিনিধিক খবৰ ল'বলৈ পঠিয়ালেও এতিয়ালৈ মন্ত্ৰীগৰাকীয়ে ব্যক্তিগতভাৱে আহক সাংবাদিকৰ খবৰ নোলোৱাত বিভিন্ন দল-সংগঠন জাঙুৰ খাই উঠিছে ।

মন্ত্ৰীগৰাকীক এনে দায়বদ্ধতাহীন আচৰণক লৈ সৰৱ হৈ পৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ লগতে অসমীয়া যুৱ মঞ্চৰ সভাপতি যাদৱ গগৈ । দুয়োগৰাকী নেতাই মন্ত্ৰী বিমল বড়াৰ এনে অমানৱীয় আচৰণক তীব্ৰ সমালোচনা কৰাৰ লগতে অনতিপলমে উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰিবলৈ দাবী জনায়‌ । 

যাদৱ গগৈয়ে কয়, "মন্ত্ৰীৰ কনভয়ৰ খুন্দাত ভৰি, হাত সকলোতে আঘাতপ্ৰাপ্ত হৈছে । কিন্তু আপুনি খবৰ ল'বলৈ যাব পৰা নাই । বিমল বড়াক সেইকাৰণে আমি ধিক্কাৰ জনাইছোঁ । শীঘ্ৰে আপুনি যদি সাংবাদিকগৰাকীক চোৱাচিতাৰ দায়িত্ব নলয় তেনেহ'লে আমি আপোনাৰ বিৰুদ্ধে কাৰ্যসূচী ল'বলৈ বাধ্য হম ।"

একেদৰে শৃংখল চলিহাই কয়, "ববিতা ভৰালীৰ স্বাভিমান আছে বিমল বড়াই দিয়া ২০ হাজাৰ টকা ওভতাই পঠিয়াইছে । আচলতে লজ্জাতো বিমল বড়াই পাব লাগে । মন্ত্ৰীবোৰে শিৱসাগৰলৈ কনভয় লৈ কিয় আহিছে । কনভয়ৰ প্ৰয়োজন নাই । ইয়াত চাইৰেণ বজোৱা গাড়ীৰ প্ৰয়োজন নাই, ট্ৰেক্টৰ যোগাৰ কৰক ।"

লগতে পঢ়ক :

দৈয়াঙৰ বুকুত ৰাইজৰ যাতনা: জীৱনটো হাতৰ মুঠিত লৈ দৈনিক যাতায়াত