দৈয়াঙৰ বুকুত ৰাইজৰ যাতনা: জীৱনটো হাতৰ মুঠিত লৈ দৈনিক যাতায়াত
গোলাঘাট-সৰুপথাৰ সমজিলা সংযোগী ১নং চাইলা ঘাটত পকী দলংখন কেতিয়া নিৰ্মাণ হ’ব ? প্ৰশাসন-চৰকাৰৰ চৰম হেমাহিৰ অভিযোগ স্থানীয় ৰাইজৰ ।

Published : August 7, 2026 at 11:34 AM IST
সৰুপথাৰ : দৈয়াং নৈৰ ১নং চাইলা ঘাটত এখন পকী দলঙৰ অভাৱত সৰুপথাৰ আৰু গোলাঘাটবাসী ৰাইজে হাহাকাৰ কৰিব লগাত পৰিছে । কিয়নো দশক দশক ধৰি এই ঘাটটোত এখনো পকী দলং নিৰ্মাণ কৰা হোৱা নাই ৷ যাৰ ফলত বাঁহৰ ভঙা দলঙকে সাৰথি কৰি উক্ত স্থানৰ ৰাইজে যাতায়ত কৰিব লগাত পৰে ৷
শেহতীয়াকৈ দৈয়াং জলবিদ্যুৎ প্ৰকল্পই (নীপকো) পানী এৰিছে, ফলত দৈয়াং নৈৰ বক্ষ ওফন্দি উঠিছে । এই সময়ছোৱাত টুলুঙা নাৱেৰে ইপাৰ-সিপাৰ হ’বলৈ স্থানীয় ৰাইজে কিছু ভয় কৰিছে ৷ কিন্তু দৈনিক কাম-বন, শিক্ষাৰ্থীৰ পাঠদান বা বেপাৰ-বাণিজ্যৰ বাবে উপায়ন্তৰ হৈ স্থানীয় ৰাইজে এনেকৈয়ে অহা-যোৱা কৰিবলগীয়া হৈছে ৷ সেয়ে অনতি পলমে উক্ত স্থানত এখন পকী দলং নিৰ্মাণ কৰি ৰাইজক বিপদসংকুল যাতায়াতৰ পৰা পৰিত্ৰাণ দিবলৈ স্থানীয় ৰাইজে দাবী উত্থাপন কৰিছে ।
ইটিভি ভাৰতৰ আগত এগৰাকী নাৱৰীয়াই কয়, "নাও চলোৱা মোৰ বহুত বছৰেই হ’ল । এই নাৱেৰে মই ছাত্ৰ-ছাত্ৰী, ৰোগী, খেতিয়ক সকলোকে এই নৈখন পাৰ কৰাও ৷ পানী বাঢ়িলে বহুত অসুবিধা হয়, বিশেষকৈ ৰোগীক নৈ পাৰ কৰাৰ সময়ত যথেষ্ট অসুবিধা হয় ৷ সেয়ে মই চৰকাৰক অনুৰোধ কৰিছো ইয়াত এখন দলং নিৰ্মাণ কৰি দিয়ক ৷’’

আনহাতে, এজন কৃষকে কয়, ‘‘কঠীয়া নিবলৈ আন উপায় নাই, সেয়ে এই টুলুঙা নাৱেৰেই নিব লগা হয় । আমাৰ যথেষ্ট অসুবিধা হয় । যিসকলে বেপাৰ-বাণিজ্যি কৰে, তেওঁলোকে ইপাৰৰ বস্তু সিপাৰলৈ অনা-নিয়া কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হয় ।’’

এজন স্থানীয় জ্যেষ্ঠ লোকে কয়, "গোলাঘাট জিলাৰ এই সংযোগস্থলেৰে যাতায়াত কৰাত বিশেষ অসুবিধা হৈছে । যিহেতু এই বাঁহৰ দলংখন খৰালি সময়ত থাকে, কিন্তু সেইখন বাৰিষাতে পানীয়ে ভাঙি লৈ যায় । গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ এইটোৱে একমাত্ৰ পথ হিচাপে আছে । দুয়োটা অঞ্চলৰ সংযোগস্থল এই নদীখনৰ কাৰণে মানুহ বিশেষ বহু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় ।’’

