বৰপেটাৰোডত পথ দুৰ্ঘটনাত যুৱক নিহত - Barpetaroad road accident

By ETV Bharat Assamese Team

Published : Mar 26, 2024, 8:28 PM IST

thumbnail

বৰপেটাৰোড, ২৬ মাৰ্চ : ফাকুৱাৰ আনন্দৰ মাজতে বৰপেটাৰোডৰ পানীটেংকীৰ সমীপত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ তীব্ৰবেগী বাইকে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা দেৱালত খুন্দিওৱাত থিতাতেই নিহত হয় বিজয় মুণ্ডা (২২) নামৰ এজন যুৱক । বাইকখনত থকা আনজন যুৱক চাজু আচাৰ্য গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হ'বলগীয়া হৈছে ।  

স্থানীয় ৰাইজে এই ঘটনা সন্দৰ্ভত উল্লেখ কৰি কয় যে যুৱকদ্বয়ে পুৱাৰে পৰাই লগৰীয়াসকলৰ সৈতে হোলীৰ আনন্দত মতলীয়া হৈ আছিল । কিন্তু যুৱকদ্বয়ে বিয়লি AS15X 4654 নম্বৰৰ বাইকেৰে বৰপেটাৰোডৰ ভাৰাঘৰলৈ উভতি যোৱাৰ পিচতেই শিমলাগুৰীৰ মিলন নগৰত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ দেৱালত খুন্দিয়ায় । লগে লগে এই শোকাবহ ঘটনাটোত যুৱকজনৰ মৃত্য়ু হয় । সুৰাৰ বাবে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হ'ব পাৰে বুলি সন্দেহ কৰা হৈছে ।

লগতে পঢ়ক:ৰৈ থকা টেক্টৰত খুন্দা মাৰি কাকপথাৰ ডিৰাক গেটত দুৰ্ঘটনাত পতিত দুই যুৱক -

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.