লোকসভা নিৰ্বাচন শেষ হোৱাৰ পাচতে আৰম্ভ হ'ব নতুন আঁচনিৰ কাম: হিমন্ত বিশ্ব শৰ্মা - LOK SABHA ELECTION 2024 - LOK SABHA ELECTION 2024

🎬 Watch Now: Feature Video

thumbnail
দিলীপ শইকীয়াৰ হৈ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ (undefined)

By ETV Bharat Assamese Team

Published : April 23, 2024 at 9:50 PM IST

1 Min Read
Choose ETV Bharat

ৰঙিয়া,২৩ এপ্ৰিল: মঙলবাৰে বিয়লিৰ ভাগত বিজেপি দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ৰঙিয়াত উপস্থিত হয় মুখ‍্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । মুখ‍্যমন্ত্ৰীক আদৰিবলৈ ওলাই আহিল ৰঙিয়াৰ সহস্ৰাধিক ৰাইজ । হেলিকপ্টাৰেৰে ৰঙিয়াত অৱতৰণ কৰাৰ পিচত ৰঙিয়াৰ ষ্টেডিয়াম ক'লনীত অনুস্থিত বিশাল জনসভাত ৰাইজৰ সন্মুখত ভাষণ প্ৰদান কৰে মুখ‍্যমন্ত্ৰীগৰাকীয়ে । আগন্তুক নিৰ্বাচনত বিজেপিক সমৰ্থন জনাই পুনৰবাৰ নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী পদত অধিস্থিত কৰিবলৈ আহ্বান জনাই ৰাইজক । ইয়াৰ পিচতে ৰঙিয়াৰ ৰাজপথেৰে ৰোড শ্ব'ত অংশগ্ৰহণ কৰে মুখ‍্যমন্ত্ৰীগৰাকীয়ে ।

পথৰ দাঁতিত থকা সহস্ৰাধিক ৰাইজে উষ্ম আদৰণি জনাই মুখ‍্যমন্ত্ৰীগৰাকীক । ৰাইজে গামোচা আৰু পুষ্পবৃষ্টিৰে মৰম যাঁচিলে মুখ‍্যমন্ত্ৰীগৰাকীক । ইফালে দৰং-ওদালগুৰি সমষ্টিৰ বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ প্ৰচাৰ চলাবলৈ ৰঙিয়াত উপস্থিত মুখ্যমন্ত্ৰীয়ে সম্বোধন কৰা জনসভাতে দিলীপ শইকীয়াই আঠুকাঁঢ়ি ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰে আৰু উপস্থিত মহিলাসকলে উৰুলি ধ্বনিৰে দিলীপ শইকীয়াক আশীৰ্বাদ দিয়ে । 

লগতে পঢ়ক: অসম ভাৰতৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰাজ্য হ’ব : মুখ্যমন্ত্ৰী - LOK SABHA ELECTION 2024

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details