ETV Bharat / politics

অসম ভাৰতৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰাজ্য হ’ব : মুখ্যমন্ত্ৰী - LOK SABHA ELECTION 2024

author img

By ETV Bharat Assamese Team

Published : Apr 23, 2024, 8:19 PM IST

Darrang Udalguri Lok Sabha constituency: দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ প্ৰাৰ্থী দিলীপ শইকীয়াক জয়যুক্ত কৰাবলৈ ৰাইজক আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । মঙলদৈত বিশাল নিৰ্বাচনী বিজয় সংকল্প সমাবেশত মুখ্যমন্ত্ৰীগৰাকীয়ে জনালে এই আহ্বান ।

Darrang Udalguri constituency
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

মঙলদৈ, ২৩ এপ্রিল : "৩ লাখৰো অধিক ভোটত দিলীপ শইকীয়া জয়ী হ'ব ।" এই মন্তব্য় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । আজি মঙলদৈত বিজয় সংকল্প সমাবেশত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয় । আজি মঙলদৈত বিশাল নিৰ্বাচনী বিজয় সংকল্প সমাবেশত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে আৰু পাঁচ বছৰ বিজেপি চৰকাৰ থাকিলে অসম ভাৰতৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰাজ্য হ’ব ৷

দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ মঙলবাৰে মঙলদৈৰ ভেবাৰঘাট খেলপথাৰত সংকল্প সমাৰোহত অংশগ্ৰহণৰ কৰি দিলীপ শইকীয়াক জয়যুক্ত কৰাবলৈ ৰাইজক আহ্বান জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । সহস্ৰাধিক লোকৰ উপস্থিতিত প্ৰদান কৰা ভাষণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণোদই, আইএ ৱাই ঘৰ, ৰেচন কাৰ্ড, এক লাখ চাকৰি আদি জনহিতকৰ আঁচনি এটকাও খৰচ নকৰাকৈয়ে যে দুখীয়া দৰিদ্ৰ লোকে লাভ কৰিছে সেই বিষয়ে উল্লেখ কৰে ।

সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ ফলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভোট দৰং-ওদালগুৰি সমষ্টিত অন্তৰ্ভুক্ত হোৱা বাবে এইবাৰ উক্ত সমষ্টিটোতেই ভোদান কৰিব বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে । তেওঁ পুনৰ কয় যে অসমত আৰু পাঁচ বছৰ বিজেপি দলৰ চৰকাৰ থাকিলে অসম ভাৰতৰ ভিতৰত এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্য হ'ব । আগন্তুক দিনত ৰেচন কাৰ্ড থকা সকলো লোককে অৰুণোদই দিয়া হ'ব বুলিও তেওঁ কয় । লগতে আগন্তুক দিনত আৰু ৫০ হাজাৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীক চাকৰি দিয়া হ'ব বুলিও উল্লেখ কৰে ।

এই বিজয় সংকল্প সমাবেশত দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়া, প্ৰাক্তন সাংসদ ৰমেন ডেকা, ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতা, বিহপুৰীয়াৰ বিধায়ক অমিয় কুমাৰ ভূঞা, জিলা প্ৰভাৰী তথা প্ৰাক্তন মন্ত্ৰী ৰেখাৰাণী দাস বড়ো, মীন উন্নয়ন নিগমৰ অধ্যক্ষ প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস, যুৱনেতা প্ৰনৱ নাৰায়ণ দেৱ, দৰং জিলা অসম গণ পৰিষদৰ সভাপতি কমলেশ্বৰ বৰুৱা আদি উপস্থিত থাকে ।

লগতে পঢ়ক :উজনিৰ ৫ সমষ্টিক লৈ উদ্বিগ্ন বিজেপি ! মুখ্যমন্ত্ৰীৰ বিশেষ পৰ্যালোচনা সভা - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.