ETV Bharat / politics

উজনিৰ ৫ সমষ্টিক লৈ উদ্বিগ্ন বিজেপি ! মুখ্যমন্ত্ৰীৰ বিশেষ পৰ্যালোচনা সভা - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 22, 2024, 8:10 PM IST

ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত প্ৰথম পৰ্যায়ৰ ভোটৰ হিচাব-নিকাচত বহিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ 5 খন আসনতেই জয়লাভ কৰিব বুলি দাবী কৰিলেও উজনিত ভোটদানক লৈ বিজেপিৰ উদ্বিগ্নতা বৃদ্ধি পাইছে ৷ অৱশ্যে এই পৰ্যালোচনা সভাক নিয়মীয়া এক সাধাৰণ বৈঠক বুলি আখ্যা দিছে সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই ৷

CM HIMANTA BISWA SARMA
বিজেপিৰ উদ্বিগ্নতা বৃদ্ধি
আজি ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত প্ৰথম পৰ্যায়ৰ পৰ্যালোচনা সভা

গুৱাহাটী, 22 এপ্ৰিল : প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত সঁচাকৈয়ে বিজেপিয়ে 5 খন আসনেই পাবনে ? নে বিৰোধীয়ে দাবী কৰাৰ দৰে ডিব্ৰুগড়, যোৰহাটত ধৰাশায়ী হ’ব বিজেপি দল ? সোমবাৰে গুৱাহাটীৰ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত প্ৰথম পৰ্যায়ৰ ভোটৰ হিচাব-নিকাচত বহিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷

সোমবাৰৰ দিনটোত কেৰালাৰ ৱাইনাড় আৰু আৰনাকুলামত নিৰ্বাচনী প্ৰচাৰত ভাগ লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ কেৰালাৰ পৰা আহি নিশাৰ ভাগত জৰুৰীভাৱে বাজপেয়ী ভৱনত এক বৈঠকত মিলিত হ’ব মুখ্যমন্ত্ৰীগৰাকী ৷ আজি অৰ্থাৎ সোমবাৰে নিশা 10 বজাত মুখ্যমন্ত্ৰীগৰাকীয়ে বাজপেয়ী ভৱনত অনুষ্ঠিত কৰিব প্ৰথম পৰ্যায় নিৰ্বাচনৰ পৰ্যালোচনা বৈঠক ৷ উজনি অসমৰ 5 টা লোকসভা সমষ্টিৰ বিজেপি বিধায়কসকলক আমন্ত্ৰণ কৰা হৈছে এই সভালৈ ৷ বিধানসভা সমষ্টিভিত্তিক ভোটৰ খতিয়ান ল’ব মুখ্যমন্ত্ৰীয়ে ৷ বিজেপি বিধায়ক সকলৰ লগতে সমষ্টিবোৰৰ দায়িত্বত থকা প্ৰভাৰী সকলেও বাজপেয়ী ভৱনত মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰিব ৷

প্ৰথম পৰ্যায়ত 5 খন আসনতেই জয়লাভ কৰিব বুলি দাবী কৰিলেও কিন্তু উজনিত ভোটদানক লৈ বিজেপিৰ উদ্বিগ্নতা বৃদ্ধি পাইছে ৷ কাৰণ দেখা গৈছে যে বিৰোধীয়েও সমানে দৃঢ়তাৰে নিজৰ জয় দাবী কৰিছে একাধিক সমষ্টিত ৷ অৱশ্যে আজি বাজপেয়ী ভৱনত মুখ্যমন্ত্ৰীৰ এই পৰ্যালোচনা সভাক নিয়মীয়া এক সাধাৰণ বৈঠক আখ্যা দিছে দলটোৰ নেতা তথা ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই ৷ লগতে এই সভাত দ্বিতীয়-তৃতীয় পৰ্যায়ৰ নিৰ্বাচনক লৈয়ো আলোচনা কৰা হ’ব বুলি জনাই মাৰ্ঘেৰিটাই ৷

“নিৰ্বাচনৰ পাচতে ছত্ৰভংগ দিলে গৌৰৱ গগৈয়ে, আত্মবিশ্লেষণ কৰি পৰাজয়ৰ উমান পাইছে গৌৰৱ গগৈয়ে ৷" প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত 5 টা সমষ্টিতে বিজেপিয়ে জয়লাভ কৰিব বুলি ঘোষণা কৰি গৌৰৱ গগৈ পৰাজিত হ'ব বুলি দাবী ৰাজ্যিক বিজেপিৰ ৷ আজি গুৱাহাটীত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত এই দাবী কৰিছে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব, সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই ৷ আনহাতে প্ৰথম প্ৰযায়ৰ নিৰ্বাচনৰ পিচত যোৰহাট সমষ্টিত কংগ্ৰেছৰ গৌৰৱ গগৈ বিজয়ী হ’ব বুলি কংগ্ৰেছৰ দাবীৰ লগতে ব্যাপক চৰ্চা হোৱাৰ সময়তে গৌৰৱ গগৈক আক্ৰমণ পবিত্ৰ মাৰ্ঘেৰিটাৰ ৷ মাৰ্ঘেৰিটাৰ দাবী যে যোৰহাটত বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈ বিশাল ভোটৰ ব্যৱধানত জয়লাভ কৰিব ৷

“যি সময়ত সতীৰ্থসকলৰ নিৰ্বাচনী প্ৰচাৰত থাকিব লাগিছিল, সেই সময়ত গৌৰৱ নীৰৱ ৷ হয়তো দিল্লী, কলিকতা, মুম্বাই পালেগৈ ৷” বুলি গৌৰৱ গগৈক কটাক্ষ বিজেপি নেতা মাৰ্ঘেৰিটাৰ ৷ লগতে পবিত্ৰ মাৰ্ঘেৰিটাৰ দাবী “ডিব্ৰুগড়, যোৰহাট, লখিমপুৰ, শোণিতপুৰ, কাজিৰঙা সকলোতে আমাৰ ভোটৰ হাৰ বৃদ্ধি পোৱাৰ খবৰ আহিছে ৷ আমি বুথৰ হাজাৰ হাজাৰ সভাপতি, কাৰ্যকৰ্তাৰ তথ্যক বিশ্বাস কৰোঁ ৷”

আনহাতে দলটোৰ এগৰাকী মুখপাত্ৰ মনোজ কুমাৰ বৰুৱাই উল্লেখ কৰে- “ ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰতিটো নিৰ্বাচনকেই গুৰুত্ব সহকাৰে লয়, সেয়া লাগিলে পঞ্চায়ত নাইবা বিধানসভা নিৰ্বাচন যিয়েই নহওক, সকলোতেই একে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে ৷ সেয়ে এইবাৰৰ নিৰ্বাচনতো বিজেপিয়ে কোনো সুৰুঙা ৰখা নাই ৷ প্ৰথম পৰ্যায়ৰ 5 খন আসনতেই বিজেপিয়ে জয় লাভ কৰিব ৷ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত বিজেপিয়ে দাবী কৰাৰ দৰেই প্ৰায় সকলো আসনতে জয়লাভ কৰিব ৷” মুখ্যমন্ত্ৰীৰ এই পৰ্যালোচনা সভাক বিজেপিয়ে নিয়মীয়া সভা আখ্যা দিলেও হৈ যোৱা 5 সমষ্টিৰ ভোটগ্ৰহণক লৈ যে বিজেপি এতিয়াও আস্বস্ত হ’ব পৰা নাই সেয়া নিশ্চিত ৷

লগতে পঢ়ক : তৃতীয় পৰ্যায়ত 4 টা সমষ্টিত 47 জন প্ৰাৰ্থীৰ মাজত হ’ব নিৰ্বাচনী যুঁজ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.