ETV Bharat / politics

তৃতীয় পৰ্যায়ত 4 টা সমষ্টিত 47 জন প্ৰাৰ্থীৰ মাজত হ’ব নিৰ্বাচনী যুঁজ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 22, 2024, 3:31 PM IST

Updated : Apr 22, 2024, 6:37 PM IST

তৃতীয় পর্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে সৰ্বমুঠ 47 গৰাকী প্ৰার্থী অৱতীৰ্ণ হ'ব প্ৰতিদ্বন্দ্বিতাত ৷ মনোনয়ন পত্ৰসমূহ পৰীক্ষাৰ অন্তত মুঠ ৮ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বাতিল কৰা হয় আৰু 5 গৰাকীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰে ৷

LOK SABHA ELECTION 2024
দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে প্ৰস্তুতি অব্যাহত

গুৱাহাটী, 22 এপ্ৰিল : ৰাজ্যত লোকসভা নিৰ্বাচনৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে প্ৰস্তুতি অব্যাহত আছে ৷ 7 মে’ত তৃতীয় পর্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'বলগীয়া 4 টা লোকসভা সমষ্টিৰ মনোনয়ন পৰীক্ষাৰ অন্তত গৰাকীৰ মনোনয়ন বৈধ ঘোষণা কৰা হয় ৷ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ কোকৰাঝাৰ, বৰপেটা,গুৱাহাটী আৰু ধুবুৰী এই 4 টা সমষ্টিৰ বাবে মনোনয়ন পত্ৰ উঠাই লোৱাৰ দিনো আছিল আজি ৷ কোকৰাঝাৰত 3 গৰাকী আৰু ধুবুৰীত 1 গৰাকী প্ৰাৰ্থীয়ে আজি মনোনয়ন প্ৰত্যাহাৰ কৰে ৷

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে দাখিল কৰা মনোনয়ন পত্ৰসমূহ পৰীক্ষাৰ অন্তত মুঠ ৮ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বাতিল কৰা হয় ৷ কোকৰাঝাৰ সমষ্টিৰ এগৰাকী, ধুবুৰী সমষ্টিৰ 4 গৰাকী, বৰপেটা সমষ্টিৰ এগৰাকী আৰু গুৱাহাটী সমষ্টিৰ 2 গৰাকী প্ৰার্থীৰ মনোনয়ন বাতিল কৰা হয় ৷ পৰীক্ষাৰ অন্তত তৃতীয় পর্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে সৰ্বমুঠ 47 গৰাকী প্ৰার্থীৰ মনোনয়ন বৈধ হিচাপে বিবেচিত কৰা হৈছে ৷ তৃতীয় পৰ্যায়ত নিৰ্বাচনত 4 টা সমষ্টিত মুঠ 47 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব ৷

বাতিল হোৱা সকলৰ ভিতৰত উল্লেখযোগ্য হ’ল জনজাতিৰ বাবে সংৰক্ষিত কোকৰাঝাৰ সমষ্টিৰ নৱ কুমাৰ শৰণীয়াৰ মনোনয়ন ৷ কোকৰাঝাৰৰ বিগত 5 বছৰৰ সাংসদ ৰূপে নিৰ্বাচিত হোৱা নৱ শৰণীয়াৰ মনোনয়ন জাতিগত প্ৰমাণ পত্ৰ ভু্ৱা বুলি উচ্চ ন্যায়ালয়ে শেহতীয়াভাৱে ৰায় দিয়ে ৷ পিচত স্বভাৱিকতে বাধা আহি পৰে জনজাতিৰ বাবে সংৰক্ষিত সমষ্টিটোত শৰণীয়াৰ মনোনয়ন দাখিলত ৷ অৱশেষত প্ৰত্যাশিতভাৱেই নিৰ্বাচন আয়োগৰ ওচৰত বাতিল হ’ল নৱ শৰণীয়াৰ মনোনয়ন ৷

নামনি অসমত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ এই নিৰ্বাচন হ’ব অতি লক্ষ্যণীয় ৷ কিয়নো এই 4 টা সমষ্টিৰ নিৰ্বাচনত আছে কেইবাগৰাকীও উল্লেখযোগ্য প্ৰাৰ্থী ৷ ধুবুৰীত এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমল বনাম কংগ্ৰেছৰ ৰকিবুল হুছেইনৰ যুঁজখনো তৃতীয় পৰ্যায়ত হ’ব লক্ষণীয় ৷ আনহাতে নতুন পৰিসীমাৰে গঠিত বৰপেটা সমষ্টিত 8 বাৰৰ অগপৰ বিধায়ক তথা বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীও তৃতীয় পৰ্যায়ৰ এগৰাকী বিশেষ উল্লেখনীয় প্ৰাৰ্থী ৷ ইফালে বিগত নিৰ্বাচনৰ দৰে এইবাৰো গুৱাহাটী লোকসভা সমষ্টিত আন প্ৰাৰ্থীৰ লগতে কংগ্ৰেছ আৰু বিজেপি দুয়োটা দলৰে প্ৰাৰ্থীয়েই মহিলা ৷

লগতে পঢ়ক : কমেও চাৰিলাখ ভোটৰ ব্যৱধানত জয়ী হ’ব এন ডি এ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী: প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম - Lok Sabha Election 2024

Last Updated : Apr 22, 2024, 6:37 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.