ETV Bharat / politics

কমেও চাৰিলাখ ভোটৰ ব্যৱধানত জয়ী হ’ব এন ডি এ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী: প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম - Lok sabha Election 2024

Kokrajhar Lok Sabha constituency: চিৰাঙত নিৰ্বাচনী তৎপৰতা ইউ পি পি এলৰ ৷ উন্নয়নৰ স্বাৰ্থত পুনৰ জয়ন্ত বসুমতাৰীকে জয়ী কৰাব বুলি দাবী বি টি আৰ প্ৰধান প্ৰমোদ বড়োৰ । জয়ন্ত বসুমতাৰীৰ নিৰ্বাচনী ফলাফল সন্দৰ্ভত মন্তব্য প্ৰকাশ প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মৰ ৷

uppl-candidate-joyant-basumatary will win by a margin of at least four lakh votes
কমেও চাৰিলাখ ভোটৰ ব্যৱধানত জয়ী হ’ব এন ডি এ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী: প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম
author img

By ETV Bharat Assamese Team

Published : April 22, 2024 at 7:15 AM IST

2 Min Read
Choose ETV Bharat
কমেও চাৰিলাখ ভোটৰ ব্যৱধানত জয়ী হ’ব এন ডি এ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী: প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম

চিৰাং, 22 এপ্ৰিল : ৰাজ্যৰ পাঁচটাকৈ সমষ্টিত অন্ত পৰিল লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ৷ পৰৱৰ্তী পৰ্যায়ত হ’বলগীয়া নিৰ্বাচনৰ বাবে মাৰাথন প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে ৰাজনৈতিক দলৰ নেতা-কৰ্মীসকলে ৷ পিছ পৰি ৰোৱা নাই বড়োলেণ্ডো ৷ দেওবাৰে চিৰাঙৰ বাসুগাঁও নেহালগাঁৱত এন ডি এ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে বিটিচি প্ৰধান প্ৰমোদ বড়োৱে ।

প্ৰচাৰ সভাত অসমৰ প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মসহ ইউপিপিএলৰ হাই প্ৰফাইল কেবাজনো নেতাই অংশগ্ৰহণ কৰে । প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মই সংবাদ মাধ্যমৰ আগত কয়, "দৈনিক বিপিএফৰ সদস্যই ইউপিপিএল দলত যোগদান কৰি আছে আৰু এইবাৰ কোকৰাঝাৰ লোকসভা সমষ্টিত জয়ন্ত বসুমতাৰীয়ে কমেও চাৰিলাখ ভোটৰ ব্যৱধানত জয়ী হোৱাটো নিশ্চিত ।"

uppl-candidate-joyant-basumatary will win by a margin of at least four lakh votes
কমেও চাৰিলাখ ভোটৰ ব্যৱধানত জয়ী হ’ব এন ডি এ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী: প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম

আনফালে, বিটিচি প্ৰধান প্ৰমোদ বড়োৱে জয়ন্ত বসুমতাৰীৰ কোনো বিকল্প নাই বুলি উল্লেখ কৰি বিপুল ভোটত বসুমতাৰী জয়ী হ’ব বুলি সংবাদ মাধ্যমৰ আগত দাবী কৰে ৷ লগতে কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ মনোনয়ন খাৰিজ সন্দৰ্ভত বিটিচি প্ৰধান প্ৰমোদ বড়োৱে সন্দৰ্ভতো কেতবোৰ মন্তব্য কৰে ৷

uppl-candidate-joyant-basumatary will win by a margin of at least four lakh votes
কমেও চাৰিলাখ ভোটৰ ব্যৱধানত জয়ী হ’ব এন ডি এ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী: প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম

বিটিচি প্ৰধান প্ৰমোদ বড়োই কয়, "এইটো হাইকোৰ্ট আৰু নিৰ্বাচনী বিষয়াৰ কথা ৷ আমাৰ ইয়াত ক’বলৈ নাই কাৰণ আমি কাৰো মনোনয়ন খাৰিজ কৰিব নোৱাৰো আৰু দিবও নোৱাৰো ৷ গতিকে হাইকোৰ্টৰ সিদ্ধান্তৰ প্ৰতি আমি সন্মান জনাব লাগে ।" ইয়াৰ লগতে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সন্দৰ্ভত চলি থকা চৰ্চা সন্দৰ্ভত বিটিচি প্ৰধান প্ৰমোদ বড়োই কয়, "এতিয়ালৈকে ইউ পি পি এল দলে একো চিন্তা কৰা নাই ৷ সময়ত সিদ্ধান্ত লোৱা হ’ব ।

  • " class="align-text-top noRightClick twitterSection" data="">

বাসুগাঁৱৰ পিচতে বিটিচি প্ৰধানগৰাকী দলীয় কৰ্মী-সমৰ্থকক লগত লৈ উপস্থিত হয় স্থানীয় ৰুনিখাতা বজাৰত । স্থানীয় মহিলাসকলৰ পৰা বিভিন্ন ধৰণৰ পাঁচলি ক্ৰয় কৰে প্ৰমোদ বড়োৱে । বজাৰসমূহত মহিলাসকলৰ বাবে বিশেষ ব্যৱস্থা প্ৰৱৰ্তনৰ লগতে উন্নয়নৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে প্ৰমোদ বড়োৱে ।

লগতে পঢ়ক: আমি আমাৰ সিদ্ধান্তত অটল আছো : মনোনয়ন খাৰিজৰ পাচত নৱ শৰণীয়াৰ প্ৰতিক্ৰিয়া - Lok Sabha Election 2024