ডিফুত 'চালকৰ আসনত মহিলা' শীর্ষক আলোচনা চক্র

By ETV Bharat Assamese Team

Published : Feb 4, 2024, 10:42 PM IST

thumbnail

ডিফু, ৪ জানুৱাৰী : দেওবাৰে সন্ধিয়া এমেজিং নমস্তে ফাউণ্ডেছনৰ উদ্যোগত অসম মহিলা আয়োগৰ সহযোগত ডিফু আৱর্ত ভৱনত 'ৱ'মেন অন হুইলছ' শীর্ষক এখন আলোচনা চক্র অনুষ্ঠিত হয় । অসম আৰু নগালেণ্ডত অনুষ্ঠিত এই অনুষ্ঠানৰ জৰিয়তে স্থানীয় স্বেচছাসেৱী সংগঠন আৰু ব্যৱসায়ীসকলৰ সৈতে মতবিনিময়ত গুৰুত্ব প্রদান কৰা হয় ।  

আজি ডিফু আৱর্ত ভৱনত স্থানীয় বহু এমেজিং নমস্তে ফাউণ্ডেছনে স্বেচছাসেৱী সংগঠন আৰু ব্যৱসায়ী সকলৰ সৈতে হোৱা মতবিনিময় অনুষ্ঠানত অধ্যক্ষতা কৰে অতিৰিক্ত আয়ুক্ত ডাঃ টিংকু মণি বৰাই । অসম মহিলা আয়োগৰ সহযোগত 'ৱমেন অন হুইলছ' শীর্ষক এই অনুষ্ঠানত শতাধিক লোকে অংশ গ্রহণ কৰি মতবিনিময় কৰে । অতিৰিক্ত আয়ুক্ত ডাঃ টিংকু মণি বৰাই কয় যে ইয়াৰ জৰিয়তে সজাগতা সৃষ্টিৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

লগতে পঢ়ক:দেওবাৰে গুৱাহাটীলৈ অনা হ’ব মানস চলিহাক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.