ETV Bharat / state

দেওবাৰে গুৱাহাটীলৈ অনা হ’ব মানস চলিহাক

author img

By ETV Bharat Assamese Team

Published : Feb 4, 2024, 2:22 PM IST

Manash Chaliha controversy: আজি গুৱাহাটীলৈ অনা হ’ব মানস চলিহাক ৷ সম্প্ৰতি কোকৰাঝাৰ সদৰ থানাত ৰখা হৈছে বিতৰ্কিত চলিহাক ৷ দেওবাৰে দিনৰ ভাগত গুৱাহাটীলৈ অনা হ’ব বিতৰ্কিত মানস চলিহাক ।

Manash Chaliha will be brought to Guwahati on sunday
দেওবাৰে গুৱাহাটীলৈ অনা হ’ব মানস চলিহাক

গুৱাহাটী, 4 ফেব্ৰুৱাৰী: বিতৰ্কিত মানস চলিহাক সম্প্ৰতি কোকৰাঝাৰ সদৰ থানাত ৰখা হৈছে বুলি জানিব পৰা গৈছে । আলিপুৰদুৱাৰৰ পৰা পুৱতি নিশা কোকৰাঝাৰ সদৰ থানালৈ লৈ অহা হৈছে চলিহাক । দেওবাৰে দিনৰ ভাগত গুৱাহাটীলৈ অনা হ’ব বিতৰ্কিত মানস চলিহাক ।

উল্লেখ্য যে, আলফাৰ ম্যানমাৰস্থিত শিবিৰলৈ আৰক্ষীৰ চোৰাংচোৱা প্ৰেৰণৰ মূল নায়ক বুলি অভিযুক্ত মানস চলিহা নামৰ প্ৰৱঞ্চকটোক অসম আৰক্ষীয়ে পশ্চিমবংগ আৰক্ষীৰ সহায়ত শনিবাৰে আলিপুৰদুৱাৰত গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয় । অসম আৰক্ষীয়ে ইতিমধ্যে চলিহাক কোঁচবিহাৰ আদালতত হাজিৰ কৰাই 'ট্রেনজিৎ ৰিমাণ্ড'ত লৈছে ।

আৰক্ষীৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অপৰাধত আলফাই গ্রেপ্তাৰ কৰা মানস বৰগোহাঁই নামৰ এজন যুৱকৰ স্বীকাৰোক্তিৰ ভিডিঅ'ত আৰক্ষীৰ বিশেষ শাখাৰ উপ-পৰিদৰ্শক আৰু মানস চলিহা নামৰ লোকজনে অন্যান্যসকলৰ সৈতে গুৱাহাটীৰ ৰয়েল এনক্লেভ নামৰ এটা আবাসিক অট্টালিকাত প্রশিক্ষণ দি আলফাৰ শিবিৰলৈ প্ৰেৰণ কৰা বুলি দাবী কৰাৰ পাছতেই মানস চলিহা নামৰ লোকজন চর্চালৈ আহিছিল । আলফা (স্বাধীন) ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই মানস চলিহা প্রশাসনৰ লোক আৰু চলিহাই চৰকাৰী নম্বৰ প্লেটযুক্ত গাড়ীত ঘূৰি ফুৰে বুলি দাবী কৰাৰ বিপৰীতে মানস চলিহাই সামাজিক মাধ্যমত পৰেশ বৰুৱা সম্পৰ্কত কটু মন্তব্য কৰি তেওঁক প্রত্যাহ্বান জনোৱা পৰিলক্ষিত হৈছিল ।

সামাজিক মাধ্যমত মানস চলিহাই দুই হাতত দুটা পিষ্টল লৈ গাড়ী চলোৱাৰ ফটো প্ৰকাশৰ লগতে বিভিন্নজনে মানস চলিহাই বিভিন্ন ধৰণে কৰা প্ৰৱঞ্চনাৰ বিষয়ে দিয়া 'পোষ্ট সমূহে চাঞ্চল্যৰ সৃষ্টি কৰিছে । ইয়াৰ পাছতেই মানস চলিহা নামৰ প্ৰৱঞ্চকজনে ৰাজ্যখনৰপৰা পলায়ন কৰে । জানিব পৰা মতে, গোলাঘাটৰপৰা গুৱাহাটী অভিমুখে আহি থকা চলিহাই যোৰাবাটৰ পৰা মেঘালয়ৰ দিশে যায় ৷

মেঘালয়ৰ পৰা চলিহা গাৰো পাহাৰ হৈ গোৱালপাৰাৰ মাজেৰে গৈ পশ্চিমবংগত আত্মগোপন কৰে । পশ্চিমবংগৰ আলিপুৰদুৱাৰৰ এখন হোটেলত আত্মগোপন কৰি থকা অৱস্থাত মানসক অসম আৰক্ষীয়ে পশ্চিমবংগ আৰক্ষীৰ সহায়ত গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক: অসমীয়া যুৱতীক যৌন প্ৰশিক্ষণ দিয়ে মানস চলিহাই; মানস বৰগোঁহাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.