প্ৰকৃত ভোটদাতাৰ পৰিৱৰ্তে কোনে কৰিলে ভোটদান ? - Lok Sabha Election 2024 - FIRST PHASE POLL

🎬 Watch Now: Feature Video

thumbnail
প্ৰকৃত ভোটদাতাৰ পৰিৱৰ্তে কোনে কৰিলে ভোটদান ? (undefined)

By ETV Bharat Assamese Team

Published : April 19, 2024 at 10:41 PM IST

1 Min Read
Choose ETV Bharat

লখিমপুৰ,১৯ এপ্ৰিল: লোকসভা নির্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্রহণপৰ্বত লখিমপুৰত সংঘটিত হয় এক আশ্চর্যজকৰ কাণ্ড । এজন চিকিৎসকৰ হৈ কোনো অন্য লোকে ভোট দিলে লখিমপুৰত । ভোটাধিকাৰ সাব্যস্ত কৰাৰ পৰা বঞ্চিত হোৱা চিকিৎসকজন হ'ল লখিমপুৰ মেডিকেল কলেজৰ চিকিৎসক ডাঃ ত্ৰিনয়ন মিলি । চিকিৎসকগৰাকীৰ ঘৰ লখিমপুৰৰ ঢকুৱাখনাত । ডাঃ মিলিয়ে সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত সদৰী কৰি কয় তেওঁ আগবেলা মেডিকেল কলেজত কৰ্তব্য সমাপন কৰি ভোট দিবলৈ বুলি ঢকুৱাখনালৈ যায় । তেওঁ নিজৰ দাংধৰা ভোট কেন্দ্রত গৈ ভোট দিবলৈ উপস্থিত হয় । কিন্তু তেওঁ ভোট দিবলৈ লৈ দেখে তেওঁৰ হৈ ইতিমধ্যেই কোনো লোকে ভোটদান কৰি গৈছে ।  

তেওঁৰ নামটো ভোট দিয়া বুলি কটা আছে । এই কাণ্ডত চৰম লজ্জিত হয় চিকিৎসকগৰাকী । তেওঁ ঢকুৱাখনা মহকুমাধিপতিক লগে লগেই লিখিতভাৱে অভিযোগ দাখিল কৰে । চিকিৎসকগৰাকীয়ে আৰু কয় যে এই কাণ্ডত তেওঁ লজ্জিত হোৱাৰ লগতে অপমানবোধ কৰিছে । এনেদৰে আৰু বহু ঘটনা ঘটিব পাৰে বুলি সন্দেহ কৰি তেওঁ এনে ঘটনাৰ পুনৰাবৃত্তি নহ'বৰ বাবে তদন্তৰ দাবী কৰে । 

লগতে পঢ়ক: পৃথক ৰাজ্যৰ দাবী: নাগালেণ্ডৰ 6 খন জিলাৰ ৰাইজে ভোটেই নিদিলে - Lok Sabha Election 2024

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details