প্ৰকৃত ভোটদাতাৰ পৰিৱৰ্তে কোনে কৰিলে ভোটদান ? - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : Apr 19, 2024, 10:41 PM IST

thumbnail
()

লখিমপুৰ,১৯ এপ্ৰিল: লোকসভা নির্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্রহণপৰ্বত লখিমপুৰত সংঘটিত হয় এক আশ্চর্যজকৰ কাণ্ড । এজন চিকিৎসকৰ হৈ কোনো অন্য লোকে ভোট দিলে লখিমপুৰত । ভোটাধিকাৰ সাব্যস্ত কৰাৰ পৰা বঞ্চিত হোৱা চিকিৎসকজন হ'ল লখিমপুৰ মেডিকেল কলেজৰ চিকিৎসক ডাঃ ত্ৰিনয়ন মিলি । চিকিৎসকগৰাকীৰ ঘৰ লখিমপুৰৰ ঢকুৱাখনাত । ডাঃ মিলিয়ে সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত সদৰী কৰি কয় তেওঁ আগবেলা মেডিকেল কলেজত কৰ্তব্য সমাপন কৰি ভোট দিবলৈ বুলি ঢকুৱাখনালৈ যায় । তেওঁ নিজৰ দাংধৰা ভোট কেন্দ্রত গৈ ভোট দিবলৈ উপস্থিত হয় । কিন্তু তেওঁ ভোট দিবলৈ লৈ দেখে তেওঁৰ হৈ ইতিমধ্যেই কোনো লোকে ভোটদান কৰি গৈছে ।  

তেওঁৰ নামটো ভোট দিয়া বুলি কটা আছে । এই কাণ্ডত চৰম লজ্জিত হয় চিকিৎসকগৰাকী । তেওঁ ঢকুৱাখনা মহকুমাধিপতিক লগে লগেই লিখিতভাৱে অভিযোগ দাখিল কৰে । চিকিৎসকগৰাকীয়ে আৰু কয় যে এই কাণ্ডত তেওঁ লজ্জিত হোৱাৰ লগতে অপমানবোধ কৰিছে । এনেদৰে আৰু বহু ঘটনা ঘটিব পাৰে বুলি সন্দেহ কৰি তেওঁ এনে ঘটনাৰ পুনৰাবৃত্তি নহ'বৰ বাবে তদন্তৰ দাবী কৰে । 

লগতে পঢ়ক: পৃথক ৰাজ্যৰ দাবী: নাগালেণ্ডৰ 6 খন জিলাৰ ৰাইজে ভোটেই নিদিলে - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.